তিনিচুকীয়া: ৰাজনৈতিক নেতা-মন্ত্ৰীক ৰাইজে বিপুল আদৰণি জনোৱাটো সহজলভ্য । কিন্তু তিনিচুকীয়া জিলাৰ শদিয়াত দেখা গৈছে এক তাৰ ব্যতিক্ৰম দৃশ্য । শদিয়াৰ ৰাজপথত আজি হোৱা বিশাল সমদলটো দেখা পালে হয়তু কোনো ৰাজনৈতিক নেতা বা জনপ্ৰিয় অভিনেতা বা চেলিব্ৰিটীৰ শোভাযাত্ৰা বুলি ভাবিবলৈ বাধ্য হ’ব । কিন্তু প্ৰকৃততে সেয়া নহয় ।
এয়া আচলতে এখন দেশৰ প্ৰকৃত নায়ক ভাৰতীয় সেনাবাহিনীৰ জোৱানক অৱসৰ গ্ৰহণ কৰাৰ পিছত নিজ জন্মভূমি গাঁওখনিলৈ গাঁৱৰ আপোন ৰাইজে আদৰাৰ এক অনন্য দৃশ্যই মুগ্ধ কৰিছে সকলোকে । শদিয়াৰ কুণ্ডিল ন-ঝিয়া গাঁৱৰ নিবাসী অৱসৰপ্ৰাপ্ত জোৱান চুবেদাৰ মেজৰ শুক্ক বৰুৱাই অৱসৰ গ্ৰহণ কৰি বাহনেৰে শদিয়া আহি পোৱাৰ পাছত গাঁৱৰ ৰাইজে বিপুল আদৰণি জনায় ।
ৰাইজক দেখা পায় অৱসৰপ্ৰাপ্ত জোৱানগৰাকীয়ে আবেগিক হৈ পৰে আৰু ৰাইজক, ভকতবৃন্দক আঠুকাঢ়ি সেৱা কৰে । তাৰ পাছতে ভকতবৃন্দৰ গায়ন-বায়নৰ সৈতে শতাধিক ৰাইজে ৰাজপথেৰে সমদল কৰি নিজা বাসগৃহলৈ আদৰি আনে । ঘৰটো বিশাল মণ্ডপ বনাই স্বাগতম জনোৱাৰ লগতে বিভিন্নজনে ফুলাম গামোছাৰে জনায় সম্বৰ্ধনা ।