হাফলং:ডিমা হাছাও জিলাৰ উদ্যোগ নগৰী হিচাবে পৰিচিত উমৰাংছ' নৱদী লংকুক্ৰ গাঁৱত মহাবিল চিমেণ্ট উদ্যোগ স্থাপন কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ বিতৰ্ক । গাঁৱৰ ৰাইজৰ মতামত অবিহনে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদ কৰ্তৃপক্ষই মহাবিল চিমেণ্ট কোম্পানীক ভূমি আবন্টন দিয়াৰ অভিযোগ উঠিছে ৷ তাকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
গাঁৱৰ বাসিন্দাসকলে নৱদী লংকুক্ৰ গাঁৱত চিমেণ্ট উদ্যোগ স্থাপন কৰিবলৈ নিদিয়ে বুলি প্ৰতিবাদ সাব্যস্ত কৰাৰ ফলত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য মনজিৎ নাইডিং গাঁওখনত উপস্থিত হৈ গাঁৱৰ বাসিন্দাসকলক লক্ষ্য কৰি গুলী চলাই বুলি গাঁৱৰ বাসিন্দাসকলে অভিযোগ উত্থাপন কৰে ।
এই ঘটনা সন্দৰ্ভত গাঁৱৰ ৰাইজে মনজিৎ নাইডিঙক অভিযুক্ত কৰি হাফলং থানাত এখন এজাহাৰ দাখিল কৰাৰ পিছতো এতিয়ালৈকে মনজিৎ নাইডিঙৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি গাঁৱৰ ৰাইজে অভিযোগ কৰে । লগতে মহাবিল চিমেণ্ট কৰ্তৃপক্ষই গুৱাহাটী উচ্চ ন্যায়ালয়ত গাঁৱৰ ৰাইজৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰু গুণ্ডা বাহিনীৰ বাবে তেওঁলোকে কাম কৰিব নোৱাৰে, ইয়াৰ বাবে কোম্পানী কৰ্তৃপক্ষক নিৰাপত্তা দিয়াৰ আবেদন জনাই বুলি গাঁৱৰ বাসিন্দাসকলে প্ৰকাশ কৰে ।