গোলাঘাট, 20 মাৰ্চ:ৰাজ্যত বৃদ্ধি হৈছে পথ-দুৰ্ঘটনাৰ ঘটনা ৷ মঙলবাৰৰ নিশা গোলাঘাট জিলাৰ নুমলীগড়ৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । বিহাৰৰ পৰা ইম্ফল অভিমুখী এখন যাত্ৰীবাহী বাছে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ’ খাৱৈত বাগৰি পৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷
জানিব পৰা মতে, যাত্ৰীবাহী বাছখনত ফল-মূলৰ লগতে যাত্ৰী কঢ়িয়াই ইম্ফল অভিমুখে গৈ আছিল বাছখন ৷ কিন্তু হঠাৎ গোলাঘাট জিলাৰ নুমলীগড়ৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাবা থানাৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰে যাত্ৰীবাহী বাছখন ৷ ইয়াৰ ফলত 12 জনকৈ যাত্ৰী গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে ৷
ঘটনাস্থলীত ততাতৈয়াকৈ নুমলীগড় গ্ৰাম্য আৰক্ষী থানাৰ এটা আৰক্ষীৰ দল উপস্থিত হয় আৰু আহত লোকসকলক উদ্ধাৰ কৰি নুমলীগড়ৰ বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়ত ভৰ্তি কৰোৱায় ৷ ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীয়ে ৷ দুৰ্ঘটনাত পতিত হোৱা বাছখনৰ নম্বৰ MN-01-2087 ৷