গুৱাহাটী,৬ অক্টোবৰ: লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল ঠিকেই ৷ পিছে লক্ষ্যপ্ৰাপ্তিতহে লাগিল অথন্তৰ ৷ ৰাজ্যৰ কৃষি বিভাগে কৃষকৰ পৰা ধান ক্ৰয়ৰ লক্ষ্য ঠিক কৰাৰ পিছতো সফল নোহোৱাৰ আশংকাত অৱশেষত হ্ৰাস কৰিবলৈ বাধ্য হ'ল লক্ষ্যপ্ৰাপ্তিৰ পৰিমাণ ৷ চলিত মাহৰ ৩১ অক্টোবৰত সমাপ্ত হ'ব বৰ্ষটোৰ দ্বিতীয় পৰ্যায়ৰ ধান ক্ৰয় প্ৰক্ৰিয়া । জুলাই মাহৰ পৰা আৰম্ভ হোৱা দ্বিতীয় পৰ্যায়ৰ ধান ক্ৰয়ৰ প্ৰক্ৰিয়া সমাপ্ত হ'বলৈ মাজত কিছুদিন বাকী । প্ৰথম পৰ্যায়ৰ ব্যৰ্থতাৰ বাবে দ্বিতীয় পৰ্যায়ত ধান ক্ৰয়ৰ পৰিমাণ হ্ৰাস কৰা হৈছিল । পূৰ্বৰ ছটা চৰকাৰী সংস্থাৰ বিপৰীতে চলিত বৰ্ষৰ প্ৰথম পৰ্যায়ত চাৰিটা সংস্থাক চাৰে ছয় লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ টাৰ্গেট দিয়া হৈছিল । ইয়াৰ পূৰ্বে ১০ লাখ মেট্ৰিক টন লক্ষ্য আছিল ।
কিন্তু সেয়া প্ৰথম পৰ্যায়ত চাৰে ছয় লাখ মেট্ৰিক টনলৈ হ্ৰাস কৰা হৈছিল । কিন্তু তথাপিও লক্ষ্যত উপনীত হ'ব নোৱাৰিলে । ২০২৩-২৪ বৰ্ষৰ প্ৰথম পৰ্যায়ত লক্ষ্যৰ ৪৮ শতাংশ ধান ক্ৰয় কৰা হ'ব । প্ৰথম পৰ্যায়ৰ সমাপ্তিৰ পাচত ধান ক্ৰয়ৰ দ্বিতীয় পৰ্যায় জুলাই মাহৰ পৰা আৰম্ভ হৈছে আৰু ৩১ অক্টোবৰলৈ চলিব । দ্বিতীয় পৰ্যায়ত এতিয়ালৈকে লক্ষ্যৰ কিমান ধান ক্ৰয় কৰা হৈছে ।
চলিত দ্বিতীয় পৰ্যায়ত ধান ক্ৰয়ৰ লক্ষ্য ৮৮৭০০ মেট্ৰিক টন:
প্ৰথম পৰ্যায়ৰ ব্যৰ্থতাৰ পাছত অসম চৰকাৰে ২০২৩-২৪ বৰ্ষৰ দ্বিতীয়টো পৰ্যায়ৰ ধান ক্ৰয়ৰ প্ৰক্ৰিয়া জুলাই মাহৰ পৰা আৰম্ভ কৰে । বিশেষকৈ বৰো ধানৰ খেতিক লক্ষ্য কৰি আৰম্ভ হোৱা এই ধান ক্ৰয় প্রক্রিয়া অহা ৩১ অক্টোবৰলৈ চলিব । বিগত বৰ্ষবোৰৰ দৰে প্ৰথম পৰ্যায়ত লক্ষ্য নির্ধাৰিত পৰিমাণৰ আধা ধানো ক্ৰয় কৰিবলৈ সক্ষম নহ'ল চাৰিটা সংস্থা । ন্যূনতম সমৰ্থিত মূল্য বৃদ্ধি কৰি আৰু ক্ৰয় কৰিবলগীয়া ধানৰ পৰিমাণ হ্ৰাস কৰিও প্ৰথম পৰ্যায়ত মাত্র ৪৮ শতাংশ ধানহে ক্ৰয় কৰিবলৈ সক্ষম হয় ।
এনে ব্যৰ্থতাৰ বাবেই পুনৰ লক্ষ্য হ্ৰাস কৰি দ্বিতীয় পৰ্যায়ৰ ধান ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে । সেই অনুসৰি এইবাৰ ক্ৰয় কৰিবলগীয়া ধানৰ পৰিমাণ নিৰ্ধাৰণ কৰা হৈছে ৮৮৭০০ মেট্রিক টন । উল্লেখ্য যে ২০২২-২৩ বৰ্ষৰ দ্বিতীয় পৰ্যায়ত ধান ক্ৰয়ৰ পৰিমাণ নিৰ্ধাৰণ কৰা হৈছিল ১,৩৬,৫০০ মেট্রিক টন । ইয়াৰ বিপৰীতে ক্ৰয় কৰিছিল মাত্র ৫২৮১ মেট্ৰিক টন ধান । যাৰ বাবে এইবাৰ ২০২৩-২৪ বৰ্ষৰ দ্বিতীয় পৰ্যায়ত পূৰ্বৰ তুলনাত ৪৭৮০০ মেট্ৰিক টন হ্ৰাস কৰা হ'ল ।
এইবাৰ টাৰ্গেট হৈছে ৮৮৭০০ মেট্ৰিক টন । প্ৰথম পৰ্যায়ৰ দৰে দ্বিতীয় পৰ্যায়তো চাৰিটা সংস্থাকহে ধান ক্ৰয়ৰ দায়িত্ব অৰ্পণ কৰা হৈছে । সেই অনুসৰি অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডক (এ এফ চি এছ চি এল) ৬৬৯০০ মেট্ৰিক টন, অসম ৰাজ্যিক কৃষি বিপণন পৰিষদক (এ এছ এ এম বি) ৫০০০ মেট্ৰিক টন, ভাৰতীয় খাদ্য নিগমক (এফ চি আই) ৪০০০ মেট্ৰিক টন আৰু নেছনেল এগ্রিকালচাৰেল কোঅপাৰেটিভ মার্কেটিং ফেডাৰেছন অৱ ইণ্ডিয়া লিমিটেডক (নাফেড) ১২৮০০ মেট্ৰিক টন ধান ক্ৰয়ৰ টাৰ্গেট দিয়া হৈছে ।
দ্বিতীয় পৰ্যায়ত কোনে কিমান ধান ক্ৰয় কৰিলে:
৩১ অক্টোবৰলৈ ধান ক্ৰয়ৰ নিৰ্ধাৰিত লক্ষ্য হৈছে ৮৮৭০০ মেট্ৰিক টন । আজিৰ তাৰিখলৈকে সংস্থা চাৰিটাই ক্ৰয় কৰা ধানৰ পৰিমাণ হৈছে ৭৯২১৪ মেট্ৰিক টন । উপকৃত হোৱা কৃষকৰ সংখ্যা হৈছে ৬৪৪০ গৰাকী । এইবাৰ হয়টো লক্ষ্যত উপনীত হ'ব পাৰিছে । অৱশ্যে এইবাৰ টাৰ্গেতো যথেষ্ট হ্ৰাস কৰা হৈছে । এতিয়ালৈকে অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডে (এ এফ চি এছ চি এল) লক্ষ্যৰ ৬৬৯০০ মেট্ৰিক টনৰ বিপৰীতে ক্ৰয় কৰিছে ৬৭৯৪৮ মেট্ৰিন টন ধান ক্ৰয় কৰিছে ।
অৰ্থাৎ এ এফ চি এছ চি এলে লক্ষ্য অতিক্ৰম কৰিছে । সংস্থাটোৱে এতিয়ালৈকে এহাজাৰ মেট্ৰিক টনৰো অধিক ধান অতিৰিক্তভাৱে ক্ৰয় কৰিছে । ইয়াৰ বিপৰীতে অসম ৰাজ্যিক কৃষি বিপণন পৰিষদে (এ এছ এ এম বি) লক্ষ্যৰ ৫০০০ মেট্ৰিক টনৰ বিপৰীতে ১৮৫৮ মেট্ৰিক টন, ভাৰতীয় খাদ্য নিগমে (এফ চি আই) লক্ষ্যৰ ৪০০০ মেট্ৰিক টনৰ বিপৰীতে ১১৫৭ মেট্ৰিক টন আৰু নেছনেল এগ্রিকালচাৰেল ক'পাৰেটিভ মার্কেটিং ফেডাৰেছন অৱ ইণ্ডিয়া লিমিটেডে (নাফেড) লক্ষ্যৰ ১২৮০০ মেট্ৰিক টনৰ বিপৰীতে ৮২৫১ মেট্ৰিক টন ধান এতিয়ালৈকে ক্ৰয় কৰিছে । লক্ষণীয় বিষয় যে এফ চি আয়ে প্ৰত্যেক বাৰেই লক্ষ্যৰ পৰা বহু আঁতৰত থাকে । আনহাতে ধান ক্ৰয় কৰা কেন্দ্ৰৰ সংখ্যা হৈছে ৩৯ টা।
বিগত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ সামগ্ৰিক প্ৰেক্ষাপট: