অসম

assam

ETV Bharat / state

বাৰীখনত নাই কি ! চালে চকুৰোৱা এখন সুবিশাল বাৰী চাই আহো আহক... - ORGANIC FARMING

আন দহগৰাকী কৃষকক অনুপ্ৰাণিত কৰিব পৰা ধেমাজিৰ এগৰাকী আদৰ্শ জৈৱিক কৃষক তেওঁ ৷ তামোলেই আছে পাঁচ হাজাৰজোপা ৷ কেৱল লাও বিক্ৰীৰেই আহে লাখ টকা ৷

DHEMAJI ORGANIC FARMER STORY
জৈৱিক কৃষিৰ প্ৰেৰণাৰ উৎস আদৰ্শ কৃষক মোলান ভূঞা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 11, 2024, 6:35 PM IST

ধেমাজি :চালে চকুৰোৱা এখন সুবিশাল বাৰী ৷ যিখন বাৰীত আছে তামোল-পাণৰ পৰা আদি কৰি বিবিধ পাচলিলৈকে । শাৰী শাৰী তামোল আৰু নাৰিকল গছত বগাই আছে পাণ-জালুক । আছে সুমথিৰা, চকলা টেঙা; গছৰ তলে তলে স্থাপন কৰা আছে মৌ-বাহ ৷ উদ্যানশস্যৰ সমান্তৰালভাৱে আছে কুঁহিয়াৰ, দহিকচু, জাতিলাও, তিতা কেৰেলা, জলকীয়া আদি ।

কিমান মাটিত কি কি খেতি কৰে

জৈৱিক কৃষিৰ প্ৰেৰণাৰ উৎস আদৰ্শ কৃষক মোলান ভূঞা (ETV Bharat Assam)

ঘৰতে তৈয়াৰ কৰা কেঁচুসাৰ, গোবৰ আৰু খলিহৈ প্ৰয়োগ কৰা বাবে তেওঁৰ বাৰীৰ পাচলি অত্যন্ত স্বাস্থ্যকৰ আৰু সোৱাদযুক্ত । লক্ষণীয় যে তেওঁৰ সত্তৰ বিঘা মাটিকালিৰ বাৰীত বছৰৰ বাৰমাহেই বতৰৰ খেতি উপলব্ধ ৷ কেৱল খেতিৰ ওপৰত ভিত্তি কৰিয়েই পৰিয়াল পোহ-পাল দিয়াৰ লগতে স্থানীয় ভালেসংখ্যক লোকে তেওঁৰ পৰা দিহা-পৰামৰ্শ গ্ৰহণ কৰি উৎসাহিত হৈ কৃষিকৰ্মত নিয়োজিত হৈছে ৷

প্ৰকৃত থলুৱাগিৰি প্ৰদৰ্শন মোলান ভূঞাৰ

এইগৰাকী প্ৰগতিশীল কৃষক হৈছে ধেমাজি জিলাৰ মাটিখোলা গাঁৱৰ মোলান ভূঞা । যিগৰাকী কৃষকৰ বাৰী উদ্যানশস্য আৰু পাচলি খেতিৰে বছৰৰ আটাইকেইটা মাহ ভৰপূৰ হৈ থাকে ৷ এওঁ কোনো তথাকথিত ৰাসায়নিক সাৰ প্ৰয়োগ কৰা কৃষক নহয় ৷

এইগৰাকী কৃষকে প্ৰকৃতাৰ্থত থলুৱাগিৰি প্ৰদৰ্শন কৰি দখল কৰিবলৈ সক্ষম হৈছে বজাৰ আৰু পথাৰ । কিয়নো তেওঁৰ কৃষিত প্ৰয়োগ নকৰে কোনো ৰাসায়নিক সাৰ ৷ তাৰ পৰিৱৰ্তে ঘৰতে প্ৰস্তুত কৰা গোবৰ, খলিহৈ আৰু কেঁচুসাৰ প্ৰয়োগ কৰিয়ে দখল কৰিছে বজাৰ ৷ জৈৱিক সাৰ প্ৰয়োগৰ ফলত তেওঁৰ বাৰীত উৎপাদিত পাচলি বজাৰত যথেষ্ট সমাদৃত হৈছে ৷

আদৰ্শ কৃষক মোলান ভূঞাই কি কয়

এইক্ষেত্ৰত মোলান ভূঞাই কয়, “বাৰিষা লাও বিক্ৰী কৰি এক লাখমান পাইছোঁ ৷ এতিয়াও বিক্ৰী কৰিয়ে আছোঁ । তিতা কেৰেলা বিক্ৰী কৰি ৩০/৪০ হাজাৰ পাইছোঁ ৷ এতিয়া ৰঙালাও লগাইছোঁ । জলকীয়া ৰুইছোঁ এহেজাৰ জোপা । সকলো খেতিয়ে জৈৱিকভাৱে কৰিছোঁ ৷ কবি, আলু, বেঙেনা, লাই-লফা আছে ৷"

তামোলৰ পৰাই ডেৰ লাখ উপাৰ্জন

তেওঁ কয়, "ছাগলীৰ গোবৰ দিছোঁ জলকীয়াৰ খেতিত, কেৰেলাত দিছোঁ ভাৰ্মিকম্প'জড আৰু ৰঙালাওত দিছোঁ গোবৰ-খলিহৈৰ মিশ্ৰণ ৷ দৈনিক পাঁচ-ছয়জন বেপাৰীয়ে নিয়েহি ৷ জৈৱিকভাৱে উৎপাদন কৰা বাবে জোৰাব নোৱাৰো ৷ তামোল আছে পাঁচ হাজাৰজোপা, ইয়াৰে ভিতৰত তিনি হাজাৰজোপাই দিছে তামোল ৷ বিগত বছৰত তামোল বিক্ৰী কৰি ডেৰলাখ টকা আৰু জালুক বিক্ৰী কৰি 30 হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হওঁ ৷"

প্ৰশিক্ষণ ক'ত লাভ কৰিছে

জৈৱিক কৃষক মোলান ভূঞাই ইয়াৰ বাবে প্ৰশিক্ষণ গ্ৰহণ কৰিছে । এইক্ষেত্ৰত তেওঁ কয়, "জৈৱিক খেতিৰ ওপৰত ধেমাজি জিলাৰ লগতে উত্তৰ প্ৰদেশ, ওড়িশা,পঞ্জাৱ, হাৰিয়ানা আদি ঠাইলৈ গৈ প্ৰশিক্ষণ লৈছোঁ ।" ৰাইজক সুস্বাস্থ্যৰ বাবে জৈৱিক পাচলি খাবলৈ আহ্বান জনাই তেওঁ পুনৰ কয়, “আমাৰ পাচলি খাওক বুলি নকওঁ ৷ কিন্তু জৈৱিক পাচলি খালে সকলোৰে স্বাস্থ্য নিৰোগী হৈ থাকিব ৷"

ক'ত বিক্ৰী হয় মোলান ভূঞাৰ উৎপাদিত ফচল

বজাৰ সন্দৰ্ভত তেওঁ কয়, "আমাৰ নিজৰ ধেমাজিত এখন জৈৱিকভাৱে উৎপাদিত খাদ্য-সামগ্ৰী বিক্ৰীৰ বজাৰ আছে ৷" ইপিনে ধেমাজিৰ দৈনিক বজাৰত আৰু সাপ্তাহিক বজাৰত মোলান ভূঞাৰ বাৰীত উৎপাদিত পাচলি গ্ৰাহকক জোৰাব নোৱৰা অৱস্থা হোৱাৰ বিষয়ে উল্লেখ কৰে পুতুল চাংমাই নামৰ এগৰাকী ব্যৱসায়ীয়ে ৷ একেদৰে আন এগৰাকী স্থানীয় কৃষকেও কেনেদৰে মোলান ভূঞাৰ দিহা-পৰামৰ্শৰে উপকৃত হৈছে সেই কথা উল্লেখ কৰে ৷

নিঃসন্দেহে বজাৰ আৰু পথাৰ দখল কৰাৰ উপৰি নিৰোগী স্বাস্থ্যৰ বাবে জৈৱিক খেতি আৰু বিপণন কেন্দ্ৰৰ জৰিয়তে গ্ৰাহকক যোগান ধৰা মোলান ভূঞা বহুতৰে বাবে এক ব্যতিক্ৰমী আদৰ্শ কৃষক হিচাপে পৰিগণিত হৈছে ৷

লগতে পঢ়ক :উচ্চ শিক্ষা স্বনিয়োজনৰ হেঙাৰ নহয়: গাহৰি পালনেৰে স্বাৱলম্বনৰ বাট দেখুৱাইছে ডিব্ৰুগড়ৰ এজন যুৱকে
লগতে পঢ়ক :প্ৰাকৃতিক কৃষি অভিযানক সফল কৰি তুলিবলৈ চৰকাৰৰ কৰণীয়সমূহ

ABOUT THE AUTHOR

...view details