গুৱাহাটী:ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা ঘটনাই ৰাজ্যজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । নগাঁৱৰ ৰূপহীত আজি সাংসদ ৰকিবুল হুছেইনৰ লগতে তেওঁৰ পুত্ৰৰ ওপৰত মুখত কলা কাপোৰ বান্ধি অহা দুৰ্বৃত্তই ভয়ংকৰ আক্ৰমণ কৰে । অসম বিধানসভাৰ অধিৱেশন চলি থকাৰ সময়তে সংঘটিত হোৱা এই ঘটনাই ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
প্ৰতিক্ৰিয়া বিধায়ক অখিল গগৈৰ:
সাংসদ ৰকিবুল হুছেইনৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰাৰ লগতে দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ দাবী জনাইছে ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈয়ে । তেওঁ কয়,"এজন প্ৰবীন ৰাজনীতিকক যদি এনেকৈ দিনৰ পোহৰত কোনোবা দুৰ্বৃত্তই আক্ৰমণ কৰিব পাৰে তেন্তে সেইখন ৰাজ্যৰ আইন-শৃংখলা বুলি একো নাই । সেই কথা প্ৰমাণ হৈ গৈছে । মই দুৰ্বৃত্তসকলক গ্ৰেপ্তাৰ কৰাৰ বাবে গৃহ বিভাগৰ ওচৰত দাবী জনাইছোঁ ।"
বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া:
সাংসদ ৰকিবুল হুছেইনৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনা সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,"প্ৰাক্তন মন্ত্রী তথা সাংসদ ৰকিবুল হুছেইনক কিছুমান দুৰ্বৃত্তই ৰাজপথতে আক্ৰমণ কৰিছে, শাৰীৰিকভাৱে অপদস্থ কৰিছে । দিন দুপৰতে এনে ঘটনা সংঘটিত হোৱাটোৱে অসম আৰক্ষীৰ অপৰাধ সম্পৰ্কে কোনো জ্ঞান নাই সেই কথাকে প্ৰমাণ কৰিছে । আৰক্ষী সষ্টম হৈ থাকিব লাগিছিল । কিন্তু তেনে কোনো ব্যৱস্থা লোৱা হোৱা নাছিল । মুখ্যমন্ত্রীয়ে বিধানসভাত কয় যে অসমত অপৰাধৰ হাৰ কমিছে । কিন্তু আমাৰ ইয়াতে বহুত এক্সট্ৰা জুডিচিয়েল কিলিং হয় ।"