গুৱাহাটী, ২২ ফেব্ৰুৱাৰী: "স্বীকাৰ নকৰিলেও এইটো কথা সত্য যে বিজেপিয়ে কংগ্ৰেছ দলক শক্তিশালী বিৰোধী দল বুলি মানিবলৈ বাধ্য। ৰাহুল গান্ধীৰ যাত্রা পথত বাধা দিবলৈ অসম চৰকাৰে কৰা চক্ৰান্তৰ পৰাই এই কথা প্ৰমাণ হয়। বিজেপিয়ে কংগ্ৰেছৰ বিধায়কসকলক নিয়াৰ বাবে চেষ্টা কৰিছে ৷ দুই-এজনে বিজেপিৰ ৱাছিং মেছিনত গা ধুবলৈ গৈছে যদিও বিজেপিৰ প্ৰৰোচনা নাইবা প্ৰলোভনত পৰি কংগ্ৰেছৰ আন বিধায়কে দলত্যাগ কৰিব বুলি মই নাভাবো ৷" বৃহস্পতিবাৰে বিধানসভাৰ চৌহদত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷
শইকীয়াই লগতে কয় যে, কংগ্ৰেছৰ পৰা লোক নিয়াৰ চেষ্টা বিজেপিয়ে অব্যাহত আছে ৷ যাৰ বাবে তেওঁলোকে বিভিন্ন অপপ্ৰচাৰো চলাই থাকে ৷
আনহাতে কংগ্ৰেছত মুখ্যমন্ত্রীৰ বিনিয়োগ আছে বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কৈ থকা কথাৰ প্ৰসংগত দলপতিগৰাকীয়ে কয় যে, মুখ্যমন্ত্রীৰ চলিবলে দিগদাৰ হোৱা বাবেই হয়তো সেই এফ ডিবোৰ ভাঙিবলৈ চেষ্টা কৰিছে। মুখ্যমন্ত্ৰীয়ে নিজেই কৈ থাকে এই কথা ৷