অসম

assam

ETV Bharat / state

নিৰ্বাচন : গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱ-প্ৰজন্মৰ ভোটাৰৰ মনৰ কথা কি ? - Gauhati university students opinion - GAUHATI UNIVERSITY STUDENTS OPINION

Opinion of Gauhati University students : যুৱ প্ৰজন্মৰ ভোটাৰৰ মনৰ কথাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ Campus ৰ পৰা ই টিভি ভাৰতৰ সাংবাদিক ভৱেশ মেধিৰ বিশেষ প্ৰতিবেদন ।

opinion of Gauhati university students
opinion of Gauhati university students

By ETV Bharat Assamese Team

Published : Apr 3, 2024, 6:23 PM IST

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱ প্ৰজন্মৰ ভোটাৰৰ মনৰ কথাৰে ই টি ভি ভাৰতৰ এক প্ৰতিবেদন

গুৱাহাটী, ৩ এপ্ৰিল : দেশ তথা অসমত এতিয়া লোকসভা নিৰ্বাচনৰ তৎপৰতা । সকলো ৰাজনৈতিক দলৰে নেতা-প্ৰাৰ্থীসকলৰ এতিয়া নিৰ্বাচনী ব্যস্ততা । ভোটাৰক আকৰ্ষিত কৰাৰ বাবে শাসক বিৰোধী সকলো ৰাজনৈতিক দলে চলাইছে নিৰ্বাচনী ৰণকৌশল । অসমত যুৱ প্ৰজন্ম তথা নতুনকৈ ভোটাধিকাৰ লাভ কৰা ছাত্ৰ সমাজৰ ৰাজনীতিত এক বিশেষ ভূমিকা আছে। এনে পৰিপ্ৰেক্ষিতত অসমৰে ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ, যিসকলে এইবাৰ প্ৰথমবাৰৰ বাবে ভোটৰ অধিকাৰ লাভ কৰিছে তেওঁলোকৰ‌ মনৰ বতৰালৈ ই টিভি ভাৰতৰ এক প্ৰতিবেদন ।

ই টিভি ভাৰতৰ সন্মুখত আগন্তুক লোকসভা নিৰ্বাচন সম্পৰ্কে নিজৰ মতামত দাঙি ধৰি বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলে কয় যে, এখন দেশত মানুহে গণতান্ত্ৰিক অধিকাৰ ৰক্ষা কৰাৰ চৰকাৰ বিচাৰে ৷ অসমত শিক্ষাৰ সমস্যা, স্বাস্থ্যৰ‌ সমস্যা সমাধান কৰা, বাস্তৱ অৰ্থত কাম কৰা চৰকাৰ তথা সংসদত ৰাইজৰ সমস্যাক সবল ৰূপত তুলি‌ ধৰা প্ৰাৰ্থী নিৰ্বাচিত কৰাত ছাত্ৰসকলে গুৰুত্ব দিয়ে ।

লগতে এগৰাকী ছাত্ৰই কয় যে, আজিৰ ছাত্ৰ সমাজে বিচাৰে পাৰ্টী নহয় প্ৰাৰ্থী চাই ভোট দিয়ক ৷ কোনগৰাকী যোগ্য প্ৰাৰ্থীক দিল্লীলৈ পঠিয়ালে সমষ্টিটোৰ উন্নয়ন হ’ব সেই চাই ভোট দিব লাগে ৷

লগতে ছাত্ৰগৰাকীয়ে কয় যে, অসমৰ কিছুমান জাতীয় প্ৰশ্ন নাগৰিকত্ব সংশোধনী আইন আদি বিষয়ক ছাত্ৰ সমাজে নিৰ্বাচনী ইছ্যু হিচাপে লোৱা দেখা যায় । সমষ্টি ভিত্তিক বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত ছাত্ৰসকলে গুৰুত্ব দিয়া দেখা যায় । সদনত গৈ শুই থকা সংসদ নৱ-প্ৰজন্মৰ ভোটাৰসকলে নিবিচাৰে। সদনত গৈ ৰাইজৰ সমস্যাক সবল ৰূপত তুলি ধৰা, অসম তথা অসমীয়াৰ জাতীয়‌ সমস্যাসমূহক তুলি ধৰা এজন সঠিক নেতৃত্ব দিব পৰা প্ৰাৰ্থী নিৰ্বাচন কৰাত ছাত্ৰসকলে গুৰুত্ব দিয়ে ।

লগতে পঢ়ক:লোকসভা নিৰ্বাচন তথা প্ৰথম ভোটদান সন্দৰ্ভত দৰং মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ প্ৰতিক্ৰিয়া - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details