মাণিকপুৰ, 21 মে’:আই পি এলৰ জ্বৰত আক্ৰান্ত দেশৰ কোটি কোটি জনতা ৷ দেশবাসীয়ে ক্ৰিকেটৰ আনন্দ উপভোগ কৰি থকাৰ সময়তেই একাংশই এই খেলৰ এখন ক’লা বজাৰ মুকলি কৰিছে ৷ ইয়াৰ বিৰুদ্ধে সষ্টম হৈ আছে আৰক্ষী-প্ৰশাসন ৷
বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চকিহালীত তীৰ খেল আৰু আই পি এল জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই খেলৰ এজন এজেন্টক আটক কৰিবলৈ সক্ষম হয় । উপ-আৰক্ষী অধীক্ষক গৌতম বৰাৰ নেতৃত্বত আৰু মাণিকপুৰ আৰক্ষী থানাৰ আৰক্ষীৰ সহযোগত এক গোপন সূত্ৰৰ পম খেদি এজেন্টজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰক্ষী ।
চকিহালী বজাৰত কৰায়ত্ত কৰাৰ পাচত এজেন্টটোৰ ঘৰত অভিযান চলাই চাৰি লাখ তেৰ হাজাৰ ছয়শ নব্বৈ টকা আৰু দুটা ম’বাইল হেণ্ডছেট জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী । আটক কৰা এজেন্টটো চকিহালী পাৰেয়াপাৰা গাঁৱৰ গৌতম দাস (24) বুলি জানিব পৰা গৈছে । মাণিকপুৰ আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ অন্তত টকাসহ লোকজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ।