ধিং, ১৫ মে’:মৰিগাঁও জিলাৰ কটহগুৰিত যোৱা নিশা সংঘটিত হৈছে এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা । এই অগ্নিকাণ্ডত জাহ গ'ল ২০টা বাসগৃহ । টুকটুকী কটহগুৰিত নিশা সংঘটিত হয় এই ভয়াবহ অগ্নিকাণ্ড । নিশা ২ বজাত প্ৰথমে এটা বাসগৃহত জুইৰ সুত্ৰপাত হয় । লগে লগে স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও ৩০ মিনিট পলম কৈ ধিং আৰু বটদ্ৰৱাৰ পৰা দুখন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হয় । অৱশ্য়ে অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম নহ'ল ।
ইপিনে,ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে ঘটনাস্থলীত বৰিবজাৰ আৰক্ষী পহৰা চকীৰ আৰক্ষী উপস্থিত হৈ মৰিগাঁও আৰু মৈৰাবাৰীৰ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও এঘন্টা পলম কৰি আৰু দুখন বাহন আহে । একেৰাহে দুঘন্টা জুই জ্বলাৰ পিছত চাৰিখন বাহনে জুই নুমুৱাবলৈ সক্ষম হয় । আনহতে, চৰকাৰী গাঁওবুঢ়াৰ লগতে স্থানীয় ৰাইজে আহোম গাঁও আৰক্ষী পহৰা চকীত খবৰ দিয়াৰ পিছতো আৰক্ষী ঘটনাস্থলীত উপস্থিত নোহোৱাত একাংশ ৰাইজে আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰে ।