জোনাই:চিলাপথাৰৰ নৃশংস হত্যাকাণ্ডই জোকাৰিছে সমগ্ৰ ৰাজ্য । ইতিমধ্যে হত্যাকাণ্ডৰে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে এজনক । আটক কৰা যুৱকজন চিলাপথাৰ বালিগাঁৱৰ উত্তম সিনহা বুলি জানিব পৰা গৈছে ।
ইতিমধ্যে আৰক্ষীৰ জেৰাত ধৃত উত্তম সিনহাই স্বীকাৰ কৰিছে কংকন ওৰফে সুমন দাস নামৰ যুৱকজনক হত্যা কৰাৰ কথা । ইয়াৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে উত্তম সিনহাক । আৰক্ষীয়ে জনোৱা অনুসৰি, চিলাপথাৰৰ বালিগাঁৱত মোমায়েকৰ ঘৰত থাকি টেক্টৰ চলাইছিল উত্তমে । আৰক্ষীয়ে ঘটনাৰ সংক্ৰান্তত 21/2025 US 103(1)BNS নম্বৰৰ এটা গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত ।
এই সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াই কয়, "আমি উত্তম সিনহাক গ্ৰেপ্তাৰ কৰিছো আৰু মৃতদেহ পেলাবলৈ যিখন ট্ৰেক্টৰ ব্যৱহাৰ কৰিছিল সেইখনো জব্দ কৰিছো । এয়া এটা পৰিকল্পিত হত্যাকাণ্ড ।" মামীয়েকৰ লগত অবৈধ সম্পৰ্ক থকাৰ ফলতে কংকন ওৰফে সুমন দাসক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰে আৰক্ষীয়ে ।
স্মাৰক পত্ৰ প্ৰদান :