অসম

assam

ETV Bharat / state

নতুন বছৰৰ প্ৰথমটো দিনত মঠ-মন্দিৰত আশিস বিচাৰি ভক্তৰ ভিৰ - NEW YEAR 2025

সূৰুযে পূৱ আকাশত ভুমুকি মৰাৰ লগে লগে নৱবৰ্ষৰ প্ৰথম দিনটোত সকলো আনন্দত আত্মহাৰা হৈছে।

Tourist in Sivasagar
শিৱসাগৰৰ মঠ-মন্দিৰত আশিস বিচাৰি ভক্তৰ ভিৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 1, 2025, 4:58 PM IST

শিৱসাগৰ : আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন ৷ ২০২৪ বৰ্ষক বিদায় দি সূৰুযে পূৱ আকাশত ভুমুকি মৰাৰ লগে লগে সকলোৱে হাঁহিমুখে আদৰণি জনাইছে ২০২৫ক ৷ নতুন বছৰৰ প্ৰথমটো দিনত ৰাজ্য়ৰ বিভিন্ন প্ৰান্তৰ মঠ-মন্দিৰ, থান আদিত অগণন ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে । মন্দিৰে মন্দিৰে ভক্তৰ লানি নিছিগা শাৰী ।

নৱবৰ্ষৰ প্ৰথম দিনটো আজি শিৱসাগৰৰ ৰাইজে ব্যাপক উৎসাহ উদ্দীপনাৰে উদযাপন কৰে । দৈনন্দিন কৰ্মব্যস্ততা তথা হতাশা-হুমুনিয়াহক একাষৰীয়া কৰি আজি বহু সংখ্যক ৰাইজে পৰিয়াল তথা আপোনজনৰ সৈতে ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটো উদযাপন কৰিলে । শিৱসাগৰ নগৰৰ সমীপৰ ইতিহাস প্ৰসিদ্ধ ৰংঘৰ বাকৰি, তলাতল ঘৰ প্ৰাংগনৰ লগতে দিচাংমুখ, দিখৌমুখৰ বিভিন্ন বনভোজথলী সমূহত আজি জনসমাগম হৈছে । একাংশ লোকে পৰিয়ালৰ সৈতে এসাজ তৃপ্তিৰে খাই আনন্দ উছাহ প্ৰদৰ্শন কৰাৰ বিপৰীতে আন একাংশই পৌৰাণিক কীৰ্তিচিহ্নৰ স্থান ভ্ৰমণ কৰি অনাবিল আনন্দত ডুব গৈছে ।

শিৱসাগৰৰ মঠ-মন্দিৰত আশিস বিচাৰি ভক্তৰ ভিৰ (ETV Bharat Assam)

পুৱাৰ ভাগত যথেষ্ট সংখ্যক লোকে মন্দিৰ, মছজিদ, গীৰ্জালৈ গৈ নেদেখা জনৰ সমুখত মূৰ দোৱাই নতুন বছৰ ভালে কুশলে যোৱাৰ বাবে প্ৰাৰ্থনা কৰে । প্ৰতিজন ব্যক্তিয়ে আজি নতুন বছৰ সুখ, শান্তি আৰু আনন্দৰে ভৰি পৰাৰ কামনা কৰে । উল্লেখযোগ্য যে ৬০০ বছৰীয়া আহোম ৰাজত্বৰ ইতিহাস বুকুত সাৱটি থকা শিৱসাগৰলৈ আজি বছৰৰ প্ৰথম দিনটোতে বহুতো বিদেশী পৰ্যটকৰ আগমন ঘটে ।

এগৰাকী মন্দিৰলৈ অহা ভক্তই নতুন বছৰৰ প্ৰথমটো দিনৰ অনুভৱ ব্য়ক্ত কৰি কয়, "বছৰৰ আৰম্ভণিতে ভগবানৰ ওচৰত কামনা কৰিছো সকলোৰে মংগল হওঁক, সকলোলৈকে সুখ সমৃদ্ধি কঢ়িয়াই আনক ।" আন এগৰাকী ভক্তই কয়, "সকলোৱে যাতে নিজৰ নিজৰ লক্ষ্য়ত উপনীত হ'ব পাৰে তাৰ বাবে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছো ।"

লগতে পঢ়ক:চানডুবি বিলৰ জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ উদ্দেশ্যে আৰম্ভ হ'ব চানডুবি উৎসৱ - PREPARATIONS FOR CHANDUBI FESTIVAL

খাকী পোছাক এৰি বনভোজৰ আনন্দত মতলীয়া এজাক গাভৰু - PICNIC IN KAZIRANGA

ABOUT THE AUTHOR

...view details