কৰিমগঞ্জ, ১৫ ছেপ্টেম্বৰ:চিকিৎসক দেৱেন দত্তৰ ওপৰত চলা অমানুষিক আক্ৰমণৰ ঘটনা আপোনাৰ নিশ্চয় মনত আছে ৷ টীয়কৰ এখন চাহ বাগিচাত কৰ্মৰত বৰ্ষীয়ান চিকিৎসকগৰাকীয়ে গণপ্ৰহাৰৰ বলি হৈ মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছিল ৷ তাৰ পিচতো অসমত বহু কেইগৰাকী চিকিৎসকৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ৷ এইবাৰ চিকিৎসকক আক্ৰমণৰ এক ঘটনা সংঘটিত হ’ল কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত । কৰ্তব্যৰত চিকিৎসকৰ ওপৰত চলিল আক্ৰমণ ।
কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ বুৰহান উদ্দিনৰ ওপৰত দুই উত্তেজিত ব্যক্তিয়ে কৰে আক্ৰমণ । চহৰখনৰ দাসপট্টী এলেকাৰ সত্য বণিক আৰু নিত্যগোপাল বণিক নামৰ দুই ব্যক্তিয়ে কৰ্তব্যৰত চিকিৎসক ডাঃ বুৰহান উদ্দিন উপৰ্যুপৰি আক্ৰমণ কৰে । আনকি নগদ পাঁচ লাখ টকা নিদিলে পৰিণাম ভয়ংকৰ হ'ব বুলিও চিকিৎসকগৰাকীক ভাবুকি প্ৰদান কৰে দুই আক্ৰমণকাৰীয়ে ।
এই সন্দৰ্ভত অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ লিপি দেবে জনোৱা অনুসৰি দুটা দিনত দুবাৰকৈ ডাঃ বুৰহান উদ্দিনৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল দাসপট্টী এলেকাৰ বণিক উপাধিৰ এই দুই ব্যক্তিয়ে । প্ৰশ্ন উত্থাপিত হৈছে কিয় এই দুই ব্যক্তিয়ে আক্ৰমণ কৰে চিকিৎসকগৰাকীক ?