অসম

assam

নিশা শৰাইঘাট দলঙেৰে নাহিব : নিশাটোৰ বাবে বন্ধ থাকিব যাতায়াত ব্যৱস্থা - Old Sharaighat bridge

By ETV Bharat Assamese Team

Published : Aug 10, 2024, 12:58 PM IST

Old Sharaighat bridge: পুৰণি শৰাইঘাট দলঙেৰে যাতায়াতত নিষেধাজ্ঞা । নিশাটোৰ বাবে দলংখনেৰে বন্ধ কৰা হৈছে যাতায়ত । পুৰণি দলংখন মেৰামতিৰ বাবে উত্তৰ-পূব ৰে'লৱে কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এই সিদ্ধান্ত ।

Traffic on old Sharaighat bridge will remain suspended on Saturday night due to repairs
নিশাটোৰ বাবে বন্ধ থাকিব শৰাইঘাট দলঙেৰে যাতায়াত (ETV Bharat Assam)

গুৱাহাটী, ১০ আগষ্ট : শৰাইঘাট দলঙেৰে অহা-যোৱা কৰা যাত্ৰীসকলৰ বাবে বিশেষ খবৰ । নিশাটোৰ বাবে বন্ধ থাকিব শৰাইঘাট দলঙেৰে যাতায়াত । মেৰামতিৰ বাবে বন্ধ কৰা হ'ব যাতায়াত । ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত শৰাইঘাটৰ পুৰণি দলংখনেৰে যাতায়াত কৰা অতি বিপদজনক হৈ পৰা বাবে দলংখনৰ নিৰ্মাণৰ দায়িত্বত থকা উত্তৰ-পূব সীমান্ত ৰে'লৱে কৰ্তৃপক্ষই মাজে-সময়ে দলং বন্ধ ৰাখি মেৰামতি কাৰ্য সম্পন্ন কৰি আহিছে ।

আনকি বিগত ২০২৩ বৰ্ষৰ আৰম্ভণিতেও ৰে'লৱে কৰ্তৃপক্ষই দলংখন প্রায় এক মাহৰ বাবে বন্ধ ৰাখি প্রায় দহ কোটি টকাৰে পুনৰ নির্মাণ কৰিছিল । চলিত বাৰিষাৰ সময়ত দলংখনৰ মাজভাগত সৰু-বৰ অসংখ্য গাঁতৰ সৃষ্টি হোৱাত মাজে-সময়ে সৰু-সুৰা দুৰ্ঘটনা সংঘটিত হৈ আহিছে । ইফালে দলংখন পুনৰ মেৰামতিৰ বাবে ৰে'লৱে কৰ্তৃপক্ষই ১০ আগষ্টৰ নিশা যাতায়াতৰ বাবে বন্ধ ৰাখিব বুলি সদৰী কৰে ।

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে'ই জানিবলৈ দিয়া অনুসৰি দহ আগষ্টৰ নিশা ১১ বজাত দলংখনেৰে যাতায়াত বন্ধ ৰখা হ'ব আৰু এঘাৰ আগষ্টৰ পুৱা পাঁচ বজাৰ পাচতহে যাতায়াতৰ বাবে খুলি দিয়া হ'ব । যান-জঁটৰ প্রতি লক্ষ্য ৰাখি দিনৰ সলনি নিশা মেৰামতি কাৰ্য সম্পন্ন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি ৰে'লৱেৰ সূত্ৰত প্ৰকাশ পাইছে ।

নিশাটোৰ বাবে বন্ধ থাকিব শৰাইঘাট দলঙেৰে যাতায়াত (ETV Bharat Assam)

আনহাতে এই সন্দৰ্ভত মহানগৰ যান-বাহন আৰক্ষীয়ে পথ নিৰ্দেশনা জাৰি কৰিছে -

নিশাটোৰ বাবে পথ নিৰ্দেশনা :

১/ মহানগৰ আৰক্ষীয়ে এই সময়ছোৱাত সকলো ধৰণৰ যান-বাহন চলাচলৰ লগতে পথচাৰীসকলৰ বাবে, কাম সম্পূৰ্ণ নোহোৱালৈকে দুয়ো মূৰৰ পৰা যান-বাহন চলাচলৰ বাবে পুৰণি শৰাইঘাট দলং সম্পূৰ্ণৰূপে বন্ধ থাকিব ।

২/ দুয়োফালৰ পৰা অহা বাহনবোৰ নতুন শৰাইঘাট দলঙৰ মাজেৰে পাৰ হ'ব লাগিব ।

৩/ গুৱাহাটীৰ পৰা আমিনগাঁৱলৈ যোৱা যাত্ৰীসকলে স্বাভাৱিক পথ (নতুন দলং) ল'ব, আনহাতে আমিনগাঁৱৰ পৰা গুৱাহাটীলৈ অহাসকলক নতুন শৰাইঘাট দলঙৰে আহিব লাগিব ।

৪/ নতুন শৰাইঘাট দলংখন মাজত ট্ৰেফিক ক'ন ( Traffic Cones)ব্যৱহাৰ কৰি দ্বিমুখী চলাচলৰ বাবে উপযুক্ত কৰি তোলা হ'ব ।

লগতে পঢ়ক:বিকশিত অসম ! ভৰা নৈৰ মাজত আৱদ্ধ 4 গৰাকীকৈ স্কুলীয়া শিক্ষাৰ্থী - Small boat stuck in Majuli

ABOUT THE AUTHOR

...view details