ETV Bharat / state

আজি মৰমৰ ভায়েকক সাক্ষাৎ কৰিব পাৰিবনে চুমীয়ে; কি হ’ব তাৰ্কিক-অম্লানৰ - ONLINE TRADING SCAM

author img

By ETV Bharat Assamese Team

Published : Sep 17, 2024, 11:03 AM IST

Sumi Borah- Tarkik Borah : জেইল নে পুনৰ আৰক্ষীৰ জিম্মাত থাকিব লাগিব চুমী-তাৰ্কিক ! আজি চুমী-তাৰ্কিক-অম্লানক হাজিৰ কৰোৱা হ'ব আদালতত ৷

Sumi-Tarkik- Amlan news
Eআজি মৰমৰ ভায়েকক সাক্ষাৎ কৰিব পাৰিবনে চুমীয়ে; কি হ’ব তাৰ্কিক-অম্লানৰ (ETV Bharat)

মৰাণ, ১৭ ছেপ্টেম্বৰ : অনলাইন ট্ৰেডিঙৰ কেলেংকাৰী কৰি ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ অতিথি কৰাইছে ২২ বছৰীয়া বিশাল ফুকনক । ২২ বছৰীয়া বিশাল ফুকনে অনলাইন ট্ৰেডিঙৰ নামত কোটি কোটি টকা প্ৰৱঞ্চনা কৰি আৰক্ষীৰ জালত পৰা পাচতে ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিছে এজনৰ পাচত আন এজন ।

বিশালৰ মূল সহযোগী হিচাবে অভিযুক্ত অভিনেত্ৰী চুমী বৰা আৰু ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক বৰাক যোৱা ১২ ছেপ্টেম্বৰ বৃহস্পতিবাৰে STF য়ে আটক কৰি ডিব্ৰুগড় সদৰ আৰক্ষীক গটাই দিয়ে ৷ পাচত ডিব্ৰুগড় সদৰ আৰক্ষীয়ে দুয়োকে ৫ দিনৰ বাবে নিজৰ জিম্মাত লয় ।

আনহাতে চুমী তাৰ্কিকক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে আৰক্ষীৰ জালত পৰিছিল তাৰ্কিক বৰাৰ ভাতৃ অম্লান বৰাক । ইয়াৰ পাচত ১৩ ছেপ্টেম্বৰ অৰ্থাৎ শুকুৰবাৰে নিশা গুৱাহাটীৰ পৰা CID ৰ এটা দলে তাৰ্কিক বৰাৰ ভাতৃ অম্লান বৰাক ডিব্ৰুগড়ৰ সদৰ থানালৈ লৈ আনিছিল ।

নিশা তিনিওজনকে CID ৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙৰ লগতে আৰক্ষীৰ কেইবাজনো শীৰ্ষ বিষয়াই পৃথকে পৃথকে জেৰা চলায় ৷ পৰৱৰ্তী পৰ্যায়ত ১৪ ছেপ্টেম্বৰ শনিবাৰে বিয়লি আদালতত হাজিৰ কৰা হয় অম্লান বৰাক । অধিক তদন্তৰ বাবে ডিব্ৰুগড় আৰক্ষীয়ে ৩ দিনৰ নিজৰ জিম্মাত লয় অম্লান বৰাক ।

CID আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াই প্ৰৱঞ্চক বিশাল ফুকনৰ অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ তথ্যৰ বাবে তিনিওজনকে জেৰা চলাই ডিব্ৰুগড় সদৰ আৰক্ষী থানাত । আজি চুমি-তাৰ্কিক আৰু অম্লানৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলাত ডিব্ৰুগড়ৰ সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰা হ'ব তিনিওজনক ।

  • আৰক্ষীয়ে জিম্মাত ল'ব নেকি চুমীক ?

ডিব্ৰুগড় আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পূৰ্বে ভিডিঅ' প্ৰস্তুত কৰি আৰক্ষীৰ লগত সহযোগীতা কৰাৰ কথা কৈছিল অভিনেত্ৰী চুমীয়ে । কিন্তু বাস্তৱত আৰক্ষীক সহযোগীতা কৰা নাই বুলি জানিব পৰা গৈছে । বিশাল ফুকনে জেৰাত দিয়া তথ্যৰ লগত চুমীয়ে দিয়া তথ্যৰ মিল পোৱা নাই আৰক্ষীয়ে । সেয়ে আৰক্ষীয়ে চুমীক পুনৰ আৰক্ষীৰ জিম্মাত লোৱাৰ বাবে আদালতত আবেদন কৰিব বুলি জানিব পৰা গৈছে ।

আনহাতে কালিৰ দিনটোত ৰসহ্যজনকভাৱে চাৰিজন অভিযুক্তই চুমীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা এক খবৰ ৰাজহুৱা হৈছে যদিও সেই বিষয়ে আৰক্ষীয়ে কোনো তথ্য প্ৰকাশ কৰা নাই । অনুমান কৰা হৈছে যিহেতু আৰক্ষীয়ে পূৰ্বে জেললৈ প্ৰেৰণ কৰা বিশাল ফুকনৰ বিৰুদ্ধে নিজাকৈ ৰুজু কৰা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল চুমী তাৰ্কিক আৰু অম্লানক । সেয়ে উক্ত গোচৰত চুমীক আদালতে পুনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ নকৰিবও পাৰে ।

ইফালে আন চাৰিজন অভিযুক্তই এজাহাৰ দাখিল কৰা বিষয়টো ৰসহ্যজনকভাৱে চৰ্চালৈ অনা হৈছে । মুঠৰ ওপৰত চুমীক যিকোনো প্ৰকাৰে নিজৰ জিম্মাত ল'বলৈ চেষ্টা চলাব আৰক্ষীয়ে ।

  • তাৰ্কিক আৰু অম্লানৰ কি হ'ব ?

চুমীৰ সৈতে একে লগতে ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক বৰা আৰু তাৰ্কিকৰ ভাতৃ অম্লান বৰাক আদালতত হাজিৰ কৰাব ডিব্ৰুগড় আৰক্ষীয়ে । তাৰ্কিক আৰু অম্লানক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে । কিয়নো তাৰ্কিক আৰু অম্লানৰ পৰা বিশাল ফুকনৰ অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ ঘটনা সম্পৰ্কত আৰক্ষীয়ে যি তথ্য দুই জনৰ পৰাই বিচাৰিছিল, সেয়া লাভ কৰিছে বুলি জানিব পৰা গৈছে । দুইজনে আৰক্ষীক সহযোগীতা কৰাৰ ফলত তাৰ্কিক আৰু অম্লানক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ সম্ভৱনা অধিক ।

আনহাতে চুমীক পুনৰ আৰক্ষীয়ে নিজৰ জিম্মাত ল'ব পাৰিলে বিশাল ফুকনক কাৰাগাৰৰ পৰা পুনৰ আৰক্ষীয়ে নিজৰ জিম্মাত ল'ব বুলি জানিব পৰা গৈছে ৷ কিন্তু এই সকলোবোৰ নিৰ্ণয় কৰিব আজি আদালতৰ সিদ্ধান্তৰ ওপৰত ।

লগতে পঢ়ক : লক আপৰ পৰা নিশাই কিয় চিকিৎসালয়লৈ নিয়া হ’ল চুমী-তাৰ্কিকক ? - Assam Trading Scam

লগতে পঢ়ক : ট্ৰেডিং কেলেংকাৰী; ভুৱা প্ৰচাৰৰ বলি হ'ল নেকি জ্যেষ্ঠ চিকিৎসক ? - Assam Trading Scam

লগতে পঢ়ক : ৩ দিনৰ আৰক্ষীৰ জিম্মাত তাৰ্কিক বৰাৰ ভাতৃ অম্লান বৰা - Online Trading Scam

লগতে পঢ়ক : লক্-আপৰ ভিতৰত শোৱাৰ সুন্দৰ ব্যৱস্থা ! চুমী-তাৰ্কিক প্ৰসংগত বিস্ফোৰক অভিযোগ - Assam Trading Scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.