ETV Bharat / state

তিনি বছৰে সম্পূৰ্ণ নহ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ - Scam in PMAY - SCAM IN PMAY

VCDC Chairman Corruption : প্ৰমোদ বড়োই দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ মুক্ত বিটিআৰ গঠন কৰাৰ দাবী কৰি অহাৰ সময়তেই উত্থাপিত হৈছে দুৰ্নীতিৰ অভিযোগ । প্ৰথম-দ্বিতীয় কিস্তিৰ ধন হিতাধিকাৰীৰ বেংক একাউন্টত সোমাল যদিও উলিয়াই নিলে ভিচিডিচিৰ সভাপতি-সদস্য়ই ।

VCDC Chairman Corruption
ভিচিডিচি সভাপতি -সদস্য়ৰ নেতৃত্বতেই দুৰ্নীতি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 17, 2024, 9:14 AM IST

চিৰাং, ১৭ ছেপ্টেম্বৰ : পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কেইদিনমান পূৰ্বে এক সংবাদমেলত উল্লেখ কৰিছিল যে ২০১৬ চনৰ পৰা অসমে PMAY-G-ৰ অধীনত ২২,২৩,৪৩৫ টা পকীঘৰ লাভৰ লক্ষ্য ৰাখিছে । ইতিমধ্যে ইয়াৰে ভিতৰত অসমে ২১,২২,৭৭২ টা ঘৰৰ অনুমোদন লাভ কৰিছে । ইয়াৰে ভিতৰত ১৯,১৭,৪৪১ টা ঘৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে ।

ভিচিডিচি সভাপতি -সদস্য়ৰ নেতৃত্বতেই দুৰ্নীতি (ETV Bharat Assam)

অসমে বিগত তিনি বছৰৰ ভিতৰত ১৫,১৩,১৩৩ টা ঘৰৰ নিৰ্মাণ সম্পূৰ্ণ কৰিছে । ইমানবোৰ গৃহ সম্পূৰ্ণ কৰিছে বুলি বিভাগীয় মন্ত্ৰীয়ে দাবী কৰাৰ সময়তেই ৰাজ্য়ৰ বহু ঠাইত PMAY ৰ ঘৰ অসম্পূৰ্ণ হৈ আছে । বিটিআৰত এই ছবিখন স্পষ্ট ৰূপত ফুটি উঠিছে ।

  • অসাৰ প্ৰমোদ বড়োৰ দুৰ্নীতিমুক্ত বিটিআৰ

বিটিআৰৰ মুখ্য় কৰ্যবাহী সদস্য় প্ৰমোদ বড়োই দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ মুক্ত বিটিআৰ গঠন কৰাৰ দাবী কৰি অহাৰ সময়তেই ভিচিডিচি সভাপতি আৰু সদস্য়ৰ নেতৃত্বতেই দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । চিৰাং জিলাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিত লিপ্ত হৈছে ভিচিডিচিসমূহ । এই অভিযোগ একাংশ হিতাধিকাৰীৰ ।

জিলাখনৰ ভূটান সীমান্তৰ আশ্ৰাবাৰী ভিচিডিচিৰ পূব গোলাঝাৰ গাঁৱত পোহৰলৈ আহিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত সংঘটিত ব্যাপক দুৰ্নীতিৰ তথ্য । জিলাখনৰ আন ভিচিডিচিসমূহতো একে ধৰণৰ দুৰ্নীতি হোৱা বুলিও অভিযোগ উত্থাপিত হৈছে । যোৱা তিনিবছৰে এই গাঁওখনৰ ৩০-৩৫ টা ঘৰ অৰ্ধনিৰ্মিত অৱস্থাতেই আছে ।

হিতাধিকাৰীসকলে অভিযোগ কৰা মতে, আশ্ৰাবাৰী ভিচিডিচিৰ সভাপতি উদয় বৰগয়াৰী আৰু পূব গোলাঝাৰ গাঁৱৰ ভিচিডিচি সদস্য ছেবাষ্টিন ছোৰেনে সংঘটিত কৰিছে এই দুৰ্নীতি।

  • বেংক একাউন্টৰ পৰা কৌশলেৰে উলিয়ালে ধন

তিনি বছৰ পূৰ্বে আদীবাসী বসতি প্ৰধান গাঁওখনৰ হিতাধিকাৰী সকলৰ নামত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টন হোৱাৰ পিচত তেওঁলোকৰ কিছুমানৰ নামত প্ৰথম কিস্তি আৰু কিছুমানৰ দ্বিতীয় কিস্তিৰ ধন হিতাধিকাৰীৰ বেংক একাউন্টত সোমায় । পিছে ভিচিডিচিৰ ফালৰ পৰা হেঁচা প্ৰয়োগ কৰি ঘৰ ভিচিডিচিৰ পৰা বনাই দিয়াৰ কথা কৈ ছলে-বলে কৌশলে হিতাধিকাৰীৰ একাউন্টৰ পৰা টকা উলিয়াই ঘৰৰ কাম আৰম্ভ কৰে ।

কিছুমান ঘৰৰ এতিয়া কেৱল ৰডসমূহ ওলাই আছে আৰু কিছুমানৰ ভেটি,আন কিছুমানৰ আৰু অলপ কাম হৈছে যদিও বিগত তিনি বছৰৰ পৰা তেনেকৈয়ে পৰি ৰৈছে । হিতাধিকাৰীসকলে ভিচিডিচিৰ সভাপতি বা সদস্যৰ ওচৰত গ'লে কাম হ'ব বুলি দায়সৰা মন্তব্য় কৰে ।

  • প্ৰতিবাদী সভাত সকীয়ালে ভিচিডিচিৰ সভাপতি-সদস্য়ক

উপায়ন্তৰ হৈ দৰিদ্ৰ শ্ৰমজীৱী এই গাঁৱৰ হিতাধিকাৰীসকলে সোমবাৰে এখন সভা অনুষ্ঠিত কৰি সংবাদ মাধ্যমক এই বিষয়ে অৱগত কৰে । অহা দুমাহৰ ভিতৰত যদি হিতাধিকাৰীসকলৰ ঘৰৰ কাম সম্পুৰ্ণ কৰি নিদিয়ে তেন্তে হিতাধিকাৰীসকলে আন্দোলন কৰিব বুলি সকীয়াই দিয়ে ।

ক্ষুব্ধ হিতাধিকাৰীসকলে এই বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰাৰ লগতে জিলা আয়ুক্ত, চিদলী-চিৰাং খণ্ড উন্নয়ন বিষয়াক এই বিষয়ে তদন্তৰ বাবেও দাবী জনাইছে । অন্যথা শীঘ্ৰেই আইনৰ দ্বাৰস্থ হ'ব বুলিও হিতাধিকাৰীসকলে সকীয়াই দিছে ।

লগতে পঢ়ক : ১৫ ছেপ্টেম্বৰত হিতাধিকাৰীয়ে লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন : ৰণজিৎ কুমাৰ দাস - PM Awas Yojana Gramin

লগতে পঢ়ক : চিৰাঙৰ পাটাবাৰী ভিচিডিচি কাৰ্যালয়ত তলা ওলোমালে ৰাইজে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.