অন্য এক জীৱনৰ কাহিনীৰে এই প্ৰতিবেদন... সৰুপথাৰ, ১৯ মাৰ্চ: চামে চামে মানুহ আহিছে পৃথিৱীলৈ । যিদৰে আহিছে, সেইদৰে সময়ৰ সোঁতত পৃথিৱীৰ পৰা বিদায়ো লৈছে ৷ জীৱিত অৱস্থাতে সম্পৰ্কবোৰৰ চিন-মোকামো নাইকিয়া হৈ যায় বহুতৰ, জীৱনৰ বিয়লি কটাবলগীয়া হয় নিঃসংগতাক আকোঁৱালি ৷
সৰুপথাৰৰ পদুমনিত বাস কৰি আছে তেনে এগৰাকী নিঃসংগ, অসহায় বৃদ্ধ ৷ তেওঁৰ বয়স আশীৰ উৰ্ধৰ । বৃদ্ধগৰাকীৰ নাম বিশ্বনাথ ৰাজবংশী ৷ বাধ্যত পৰি ১০-১২ বছৰ বয়সতেই কোচ বিহাৰৰ পৰা অসমলৈ আহিছিল তেওঁ ৷
কৈশোৰৰ আনন্দ উপভোগৰ বয়সতেই পিতৃ-মাতৃক হেৰুৱাই নিঃসংগ হৈ পৰিছিল বিশ্বনাথ । ভূমিহীন হোৱা হেতু বিশ্বনাথ ৰাজবংশী অসহায় হৈ পৰিছিল পিতৃ-মাতৃক হেৰুৱাৰ পিচত । আশ্ৰয়ৰ বাবেও নাছিল এটা বাসগৃহ ৷ তেনে পৰিপ্ৰেক্ষিততেই অসমলৈ আহিবলৈ বাধ্য হৈছিল বিশ্বনাথ ৰাজবংশী । অসমলৈ আহি কোনো আঢ্যৱন্ত লোকৰ ঘৰত কৃষিকৰ্মৰ সৈতে জড়িত হৈ জীৱন অতিবাহিত কৰিল তেখেতে ।
উল্লেখ্য যে কিছুবছৰৰ পূৰ্বে সৰুপথাৰৰ এক সম্ভ্ৰান্ত লোকৰ ঘৰতেই কৃষিকৰ্ম কৰিছিল বুলি তেখেতে জানিবলৈ দিছে । কিন্তু বৰ্তমান বাঢ়ি অহা বয়সৰ ভৰে তেওঁক কৰ্ম কৰাৰ পৰা বিৰত ৰাখিছে ৷ ইফালে পৰিয়ালৰ কাৰোৰে লগত নাই তেওঁৰ যোগাযোগ ৷ এগৰাকী ভাতৃ আছিল বুলি বিশ্বনাথ ৰাজবংশীয়ে জানিবলৈ দিছে যদিও তেওঁৰ লগতো নাই যোগাযোগ ৷
ফলত ভূমিহীনভাৱে অসমতে থাকিবলগীয়া হ’ল বিশ্বনাথ ৰাজবংশী ৷ মাটি-বাৰী, ঘৰ-দুৱাৰ, সম্পত্তি গোটাব নোৱৰা বিশ্বনাথ ৰাজবংশীয়ে অবিবাহিতা হৈয়েই পাৰ কৰিল সমগ্ৰ জীৱন কাল । সৰুপথাৰৰ যিখন ঘৰত কৰ্ম কৰি আছিল, হয়তো বয়স হোৱাৰ বাবেই তেওঁলোকে বিশ্বনাথক বিদায় দিলে ।
তেনে সময়তেই ভূমিহীন বিশ্বনাথক আশ্ৰয় দিলে পদুমনি গাঁৱৰ হেজাৰী মাহাতো নামৰ এজন ব্যক্তিয়ে । তেখেতে বিশ্বনাথক থাকিবলৈ অকণমান ঠাইৰ লগতে এটি পজা নিৰ্মাণ কৰিও দিছে । সেই অকণমানি ঘৰখনতেই তেওঁ চৰকাৰৰ পৰা লাভ কৰা 5 কেজি চাউলেৰে যেনেতেনে ভোক নিবাৰণ কৰি আছে ।
লগতে পঢ়ক:বহু প্ৰত্নতাত্ত্বিক সমল, ভগ্নাৱশেষ, মঠ-মন্দিৰৰে সমৃদ্ধ দৈয়াং উপত্যকা