অসম

assam

ETV Bharat / state

অইল ইণ্ডিয়াৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদত নামিল অইলৰ ঠিকাদাৰ সন্থা - Oil India Limited - OIL INDIA LIMITED

Protest in Duliajan : দুলীয়াজানৰ মুখ্য কাৰ্যালয়ৰ পৰা অইল ইণ্ডিয়া লিমিটেডৰ চাৰিটাকৈ গুৰুত্বপূৰ্ণ বিভাগক স্থানান্তৰ কৰিবলৈ যো-জা চলোৱাক লৈ কৰ্তৃপক্ষৰ বিৰুদ্ধে অইল ঠিকাদাৰ সন্থাৰ প্ৰতিবাদ ৷

OIL INDIA CONTRACTORS ASSOCIATION
অইলৰ ঠিকাদাৰ সন্থাৰ প্ৰতিবাদ (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : May 18, 2024, 9:50 PM IST

প্ৰতিবাদত নামিল অইলৰ ঠিকাদাৰ সন্থা (ETV BHARAT ASSAM)

ডিব্ৰুগড়, 18 মে’ : অইল ইণ্ডিয়া উত্তৰ-পূৰ্বাঞ্চলৰ বাবে অতি লাভজনক উদ্যোগ ৷ দেশৰ অৰ্থনীতি সৱলীকৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে অইল ইণ্ডিয়াই ৷ 1959 চনৰ 18 ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা লাভ কৰা অইল ইণ্ডিয়া লিমিটেডে দীৰ্ঘ সময় ধৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খাৰুৱা তেল উৎপাদন কৰি দেশৰ অৰ্থনৈতিক চালিকা শক্তি হিচাপে বিবেচিত হৈ আহিছে ৷ ডিব্ৰুগড় জিলাৰ দুলীয়াজানত থকা মুখ্য কাৰ্যালৰ পৰা অইল ইণ্ডিয়া লিমিটেডৰ সকলো কাম-কাজ প্ৰতিষ্ঠাৰ দিনৰ পৰা পৰিচালিত হৈ আহিছে ৷ কিন্তু শেহতীয়াকৈ দুলীয়াজান মুখ্য কাৰ্যালয়ৰ পৰা অইল ইণ্ডিয়া লিমিটেডৰ চাৰিটাকৈ গুৰুত্বপূৰ্ণ বিভাগক স্থানান্তৰ কৰিবলৈ যো-জা চলোৱা বুলি খবৰ ওলোৱা পাচতে কৰ্তৃপক্ষৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে দল-সংগঠন ৷

উদ্যোগ প্ৰতিষ্ঠানটোৱে দুলীয়াজানৰ মুখ্য কাৰ্যালয়ৰ পৰা চাৰিটাকৈ গুৰুত্বপূৰ্ণ বিভাগ ক্ৰমে গাণনিক, মানৱ সম্পদ নিয়োগ, মানৱ সম্পদ উন্নয়ন, ঠিকা আৰু ক্ৰয় বিভাগ প্ৰথমে গুৱাহাটীলৈ আৰু পিছত নয়দালৈ স্থানান্তৰ কৰাৰ যি ষড়যন্ত্ৰ ৰছিছে তাক লৈ অইল ইণ্ডিয়াৰ বিৰুদ্ধে অইলৰ ঠিকাদাৰ সন্থাৰ প্ৰতিবাদ ৷ অইল ইণ্ডিয়া লিমিটেডৰ চাৰিটাকৈ বিয়াগোম বিভাগৰ মুখ্য কাৰ্যালয়ৰ ক্ষমতাৰ দায়িত্ব দুলীয়াজানৰ পৰা স্থানান্তৰ কৰিব বুলি ওলোৱা খবৰক লৈ আজি অইল ইণ্ডিয়া লিমিটেডৰ চিভিল ইঞ্জিনীয়াৰিং বিভাগৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অইলৰ ঠিকাদাৰ সন্থাই ৷

অইলৰ ঠিকাদাৰ সন্থাৰ বিষয়ববীয়া সকলে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে জানিবলৈ দিয়া অনুসৰি অইল ইণ্ডিয়া লিমিটেড উদ্যোগ প্ৰতিষ্ঠানটোৱে দুলীয়াজানৰ মুখ্য কাৰ্যালয়ৰ পৰা চাৰিটাকৈ গুৰুত্বপূৰ্ণ বিভাগ স্থানান্তৰ কৰাৰ যি ষড়যন্ত্ৰ ৰচিছে এনে হঠকাৰী সিদ্ধান্তক কোনো পধ্যে মানি লোৱা নহ'ব আৰু প্ৰয়োজন সাপেক্ষে অইল ইণ্ডিয়া লিমিটেডৰ সকলো খননস্থলীত অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব ৷ উল্লেখযোগ্য যে এই খবৰ ৰাজহুৱা হোৱাৰ পাচতে অইল ইণ্ডিয়া কৰ্তৃপক্ষই সংবাদমেল অনুষ্ঠিত কৰি তেনে কোনো সিদ্ধান্ত লোৱা নাই বুলি জনাইছিল যদিও অইলৰ এই আশ্বাস বিশ্বাসত ল'ব পৰা নাই দল- সংগঠন সমূহে ৷

লগতে পঢ়ক :কলিয়াবৰত প্ৰহসনত পৰিণত জল জীৱন মিছন - Jal Jeevan Mission Assam

ABOUT THE AUTHOR

...view details