গুৱাহাটী, ১৪ মে' :সদৌ অসম ছাত্র সন্থা চমুকৈ আছুৰ প্ৰতিবাদত সেও মানিলে অইল ইণ্ডিয়া লিমিটেডে । অইলৰ কোনো বিভাগ স্থানান্তৰিত নহয় । আছুৰ প্ৰতিবাদৰ পাছত এই কথা স্পষ্ট কৰিলে অইল কৰ্তৃপক্ষই । উল্লেখ্য যে প্ৰতিষ্ঠা কালৰে পৰা অইল ইণ্ডিয়া লিমিটেডৰ সকলো কাম-কাজ ডিব্ৰুগড় জিলাৰ দুলীয়াজানত থকা মুখ্য কাৰ্যালৰ পৰাই পৰিচালিত হৈ আহিছে । কিন্তু শেহতীয়াকৈ দুলীয়াজানৰ মুখ্য কাৰ্যালয়ৰ পৰা অইল ইণ্ডিয়া লিমিটেডৰ চাৰিটাকৈ গুৰুত্বপূৰ্ণ বিভাগক স্থানান্তৰিত কৰাৰ যো-জা চলোৱা হৈছে । অসমৰ আবেগ অনুভূতি জড়িত হৈ থকা এই প্ৰতিষ্ঠানটোৰ ক্ষেত্রত গ্ৰহণ কৰা এনে স্থিতিক লৈ অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠনে ।
অসম বিৰোধী চক্ৰই অইলৰ ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগ স্থানান্তৰ কৰিবলৈ বিচৰা কাৰ্যৰ বিৰুদ্ধে আজি আছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদৰ পাছতে আজি বিভাগীয় কৰ্তৃপক্ষই অইলৰ কোনো কাৰ্যালয় স্থানান্তৰ কৰা নহয় বুলি লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰে ।
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়, ‘‘অসম বিৰোধী চক্ৰই অইলৰ ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগ স্থানান্তৰ কৰিবলৈ বিচৰা কাৰ্যৰ বিৰুদ্ধে আজি ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । অসম বিৰোধী চক্ৰই অইলত যাতে অসমীয়াৰ অধিকাৰ নাথাকে তাৰ বাবে ষড়যন্ত্ৰৰে বিভাগসমূহ স্থানান্তৰ কৰিব বিচাৰিছে । আজি ছাত্ৰ সন্থাৰ প্ৰতিবাদত সেও মানি অইলৰ কোনো কাৰ্যালয় স্থানান্তৰ কৰা নহয় বুলি লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰে । জাতীয় উদ্যোগটোৰ বিৰুদ্ধে এনে ষড়যন্ত্ৰ ছাত্ৰ সন্থাই সহ্য নকৰে ৷ অসম বিৰোধী চক্ৰৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ প্ৰতিবাদ অব্যাহত থাকিব ।’’