নগাঁও, 20 ফেব্ৰুৱাৰী : ৰাজ্যৰ ভিতৰতে সবাতোকৈ চৰ্চিত নগাঁও লোক সভা সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ সম্প্ৰতি উলম্ব বিভাজন আৰম্ভ হৈছে কংগ্ৰেছত । শেহতীয়াকৈ নগাঁও লোক সভা সমষ্টিৰ প্ৰাৰ্থিত্বক দুই ফৈদত বিভক্ত হৈছে কংগ্ৰেছৰ ভাতৃ সংগঠন এন এছ ইউ আই । নগাঁও লোক সভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচৰা কংগ্ৰেছৰ দুই নেতা প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈৰ সমৰ্থনত থিয় দিছে এন এছ ইউ আইৰ দুই ফৈদ ।
মঙলবাৰে পুৱা এন এছ ইউ আইৰ এটা গোটে বৰ্তমানৰ নগাঁও লোক সভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ প্ৰাৰ্থিত্ব দাবী কৰি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰাৰ পিচতেই বিয়লি এন এছ ইউ আইৰ আন এটা গোট ওলাই আহিছে সাংসদ গৌৰৱ গগৈৰ সমৰ্থনত ।
পুৱা নগাঁও জিলা এন এছ ইউ আইৰ একাংশ নেতা কৰ্মীয়ে একাধিক যুক্তি দৰ্শাই দাবী কৰিছিল প্ৰদ্যুৎ বৰদলৈৰ প্ৰাৰ্থিত্ব । বিশেষকৈ বিগত চাৰিটাকৈ কাৰ্যকাল বিজেপিৰ দখল থকা নগাঁও লোকসভা সমষ্টি প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছৰ দখলত আনিবলৈ সক্ষম হোৱা বাবেই সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত গঠিত নতুন নগাঁও লোক সভা সমষ্টিৰ পৰাই প্ৰদ্যুৎ বৰদলৈক প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে বুলি দাবী কৰিছিল নগাঁও জিলা এন এছ ইউ আইৰ নেতৃত্বই ৷
লগতে পঢ়ক :মানসিকভাৱে বিকাৰগ্ৰস্ত নোহোৱা পৰ্যন্ত বিজেপিত যোগদান নকৰো: মীৰা বৰঠাকুৰ