মৰাণ,২২ ফেব্ৰুৱাৰী:প্ৰতিৱেশী ৰাজ্য নাগালেণ্ডত ভয়ংকৰ ঘটনা । অচিনাক্ত আততায়ীৰ গুলিত প্ৰাণ হেৰুৱাবলগীয়া হৈছে এগৰাকী উগ্ৰপন্থী সদস্যই ৷ জানিব পৰা মতে নাগালেণ্ডৰ মন জিলাৰ নামচাত গুলীৰে থকা সৰকা হৈছে নগা বিদ্ৰোহী উগ্ৰপন্থী সংগঠন নেশ্যনেল ছচিয়েলিষ্ট কাউল্সিল অফ্ নাগালেণ্ড (ইশ্বাক-মুইভা) চমুকৈ NSCN-IM ৰ কেডাৰ ।
বিৱৰণ অনুসৰি মন জিলাৰ নামচাত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা । দুৰ্বৃত্তই গুলীচালনা কৰি হত্যা কৰে NSCN- IM ৰ এজন কেডাৰক । পৰিত্যক্ত অৱস্থাত নলাত উদ্ধাৰ NSCN-IMৰ কেডাৰ খামপাই কন্য়াকৰ মৃতদেহ । খামপাই কন্যাকক বুধবাৰে নিশাই গুলীয়াই হত্যা কৰাৰ সন্দেহ । বৰ্তমান খামপাই কন্যাকৰ মৃতদেহ নাগালেণ্ডৰ টিজিত আৰক্ষী থানাত ৰখা হৈছে ।
উল্লেখযোগ্য যে খামপাই কন্যাকে কিছুবছৰ পূৰ্বে NSCN-K গোটৰ পৰা NSCN-IMত যোগদান কৰিছিল । শেহতীয়া তথ্য অনুসৰি কেডাৰজনে নিজ বাসগৃহত থকাৰ সময়তে ৬ জনীয়া অচিনাক্ত দুৰ্বৃত্তৰ দলে প্ৰৱেশ কৰি তেওঁৰ ওপৰত গুলীচালনা কৰে । চিকিৎসালয়লৈ নিয়াৰ সময়ত NSCN-IM নেতাজনৰ মৃত্যু হয় ।
প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যবাহী সদস্য আৰু কন্যাক অঞ্চলৰ অধ্যক্ষ, NSCN-K নেতা খামপাই কন্যাকে অক্টোবৰত NSCN-IMৰ প্ৰতি আনুগত্য সলনি কৰিছিল । ২০২৩ চনত চিচিএম লেম্ফা ৱাংচু, লিয়াচি আলেম ৱাংনাও, লিয়াচি লাংগাম ৱাংচু, কেপ্টেইন নকংগাম ৱাংচু, দ্বিতীয় লিউট. এটন ৱাংচু, চাৰ্জেন্ট মেজৰ আপান ৱাংচা, চাৰ্জেন্ট ফোৱাং কোনিয়াক ৱাংচা, কৰ্পোৰেল ৱাংকা ৱাংচা, কৰ্পোৰেল ৱাংকা ৱাংচা, কৰ্পোৰেল আমান ৱাংচা আৰু কৰ্পোৰেল আমান ৱাংপানসহ অন্যান্য কেডাৰৰ সৈতে সৈতে NSCN-IMত যোগদান কৰিছিল ।
লগতে পঢ়ক:জাহ্নৱী কান্দুলাৰ মৃত্যুৰ গোচৰ, খুন্দিয়াই থৈ যোৱা আৰক্ষীৰ বিৰুদ্ধে নাই কোনো প্ৰমাণ