তেজপুৰ, ২১ মাৰ্চ : ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত থকাৰ মাজতে বৃহস্পতিবাৰে তেজপুৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক অঞ্জন বৰাৰ নেতৃত্বত তিনি শতাধিক কংগ্ৰেছ কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত তেজপুৰৰ চানমাৰীৰ জিলা বিজেপিৰ কাৰ্যালয়ৰ সন্মুখৰ বিহু পথাৰত আয়োজন কৰা হৈছিল এক নিৰ্বাচনী প্ৰচাৰ সভা । এই সভাতে দলত্যাগ কৰি কংগ্ৰেছৰ নেতাসহ কৰ্মকৰ্তাসকলে গেৰুৱা বসন পিন্ধে ৷
এই সভাত ভৱেশ কলিতাই ভাষণ প্ৰসংগত বিজেপিক ফুটা বেলুন আৰু এই ফুটা বেলুনটো জোৰা লগাবলৈ দেশজুৰি যি জোৰা লগোৱা অভিযান আৰম্ভ কৰিছিল সেই অভিযানো পুনৰ ফুটি থাকিল বুলি কংগ্ৰেছ দলক কটাক্ষ কৰে ৷ লগতে তেওঁ কয় যে, কংগ্ৰেছৰ এতিয়া অস্তিত্ব ক'তোৱেই নাই ৷
কলিতাই কয় যে, কংগ্ৰেছ দলটোৰ মাজত সাংগঠনিক তৎপৰতা নোহোৱাৰ বাবেই এতিয়া গুৰুত্বহীন হ’ল ৷ এই কথা উপলব্ধি কৰিয়েই এতিয়া সকলোৱে এজন এজনকৈ দলত্যাগ কৰিবলৈ বাধ্য হৈছে ৷