অসম

assam

ETV Bharat / state

অসমৰ এখনো জিলাত সম্পূৰ্ণ নহ'ল জলজীৱন মিছনৰ এশ শতাংশ কাম

দেশৰ বিভিন্ন ৰাজ্যই জলজীৱন মিছনৰ এশ শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ কৰিছে । সম্পূৰ্ণ কৰিব নোৱাৰিলে অসমে ৷

By ETV Bharat Assamese Team

Published : 5 hours ago

Jal Jeevan Mission
অসমৰ এখনো জিলাত সম্পূৰ্ণ নহ'ল জলজীৱন মিছনৰ এশ শতাংশ কাম (Etv Bharat)

গুৱাহাটী,১৬ অক্টোবৰ: ব্যাপক গাফিলতি আৰু অনিয়মকে ধৰি কেতবোৰ কাৰণত বহুচৰ্চিত জলজীৱন আঁচনিখনৰ কাম হঠাতে বন্ধ হোৱাক লৈ ৰাজ্যজুৰি হাহাকাৰ লাগিছে। কাৰণ অসমত সামগ্ৰিকভাৱে এতিয়ালৈকে জলজীৱন মিছনৰ কাম ৮১.২১ শতাংশহে সম্পূর্ণ হৈছে । আনহাতে ৰাজ্যৰ এখনো জিলাত আঁচনিখনৰ কাম এশ শতাংশ সম্পূৰ্ণ হোৱা নাই ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 'ঘৰে ঘৰে নল, ঘৰে ঘৰে জল' শ্ল'গান দি জলজীৱন মিছন শীৰ্ষক অভিলাষী আঁচনিখন আৰম্ভ কৰিছিল । আনকি প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৯ চনৰ ১৫ আগষ্টত আৰম্ভ কৰা জলজীৱন মিছনৰ লক্ষ্য আছিল ২০২৩ চনৰ ভিতৰত দেশৰ প্ৰতিটো গ্ৰাম্য পৰিয়াললৈ টেপ সংযোগেৰে খোৱাপানী যোগান ধৰা । কিন্তু পৰৱৰ্তী সময়ত এই লক্ষ্য ২০২৪ চনৰ ডিচেম্বৰলৈ পিছুৱাই দিয়া হয় । এতিয়া অসমত প্ৰধানমন্ত্ৰীৰ সপোনৰ আঁচনিখন আধাতেই স্তব্ধ কৰিব কৰিবলগীয়া হোৱাত হাহাকাৰ লাগিছে ।

অসমৰ এখনো জিলাত সম্পূৰ্ণ নহ'ল জলজীৱন মিছনৰ এশ শতাংশ কাম (Etv Bharat)

জলজীৱন মিছনৰ জিলাভিত্তিক স্থিতি:

দেশৰ বিভিন্ন ৰাজ্যই জলজীৱন মিছনৰ এশ শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ কৰিছে । কিন্তু অসমত আঁচনিখনৰ কাম এতিয়াও অসম্পূৰ্ণ হৈ আছে। অসমত জলজীৱন মিছনৰ ৮১.২১ শতাংশ কাম হৈছে । কেন্দ্ৰীয় চৰকাৰৰ জলজীৱন মিছন প'ৰ্টেলত প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনৰ ভিতৰতে জল জীৱন আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত সকলোতকৈ পিছপৰি আছে কাৰ্বি আংলং জিলা । পাহৰীয়া জিলাখনত মাত্ৰ ৫৩.৯১ শতাংশ কাম সম্পূৰ্ণ হৈছে ।

অসমৰ এখনো জিলাত সম্পূৰ্ণ নহ'ল জলজীৱন মিছনৰ এশ শতাংশ কাম (Etv Bharat)

ইয়াৰ বিপৰীতে পশ্চিম কাৰ্বি আংলং জিলাত ৫৬.৬৬ শতাংশ, চিৰাং জিলাত ৬৭.৮৮ শতাংশ, মৰিগাঁও জিলাত ৭০.৬৮ শতাংশ, যোৰহাট জিলাত ৭০.৮৪ শতাংশ কামহে সম্পূৰ্ণ হৈছে । ইফালে সৰ্বাধিক কাম হৈছে মাজুলী জিলাত । জিলাখনত ৯৩.১৬ শতাংশ কাম সম্পূৰ্ণ হৈছে । আনহাতে শিৱসাগৰ জিলাত ৯০.৮৮ শতাংশ, বজালী জিলাত ৯০.৬১ শতাংশ, নলবাৰী জিলাত ৮৮.০১ শতাংশ, বৰপেটা জিলাত ৮৭.৩৭ শতাংশ, কৰিমগঞ্জ জিলাত ৮৭.২৭শতাংশ, কামৰূপ (মেট্ৰ') জিলাত ৮৭.১৯ শতাংশ, কোকৰাঝাৰ জিলাত ৮৬.৯১ শতাংশ, কাছাৰ জিলাত ৮৬.৮৩ শতাংশ, বঙাইগাঁও জিলাত ৮৬.৭৬ শতাংশ, ডিমা হাছাও জিলাত ৮৫.৯৮ শতাংশ কাম সম্পূৰ্ণ হৈছে । ইয়াৰ বাহিৰে বাকী জিলাসমূহত কাম ৮৫-৭০ শতাংশৰ ভিতৰত আছে ।

লগতে পঢ়ক:জলজীৱন সংকট : অসমত ৮ হাজাৰোধিক ঠিকাদাৰৰ দ্বাৰা ১৯,৫৫০ কোটি ব্যয়

জলজীৱন আঁচনিৰ কাম বন্ধক লৈ প্ৰতিক্ৰিয়া :

জলজীৱন আঁচনিৰ কাম সাময়িকভাৱে বন্ধ কৰাৰ সিদ্ধান্তৰ ফলত সমস্যাত পৰিছে ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ হাজাৰ হাজাৰ ঠিকাদাৰ । কিয়নো ৰাজ্যৰ সহস্ৰাধিক ঠিকাদাৰে ১৩ হাজাৰ কোটিতকৈয়ো অধিক ধন চৰকাৰৰ পৰা লাভ কৰিবলগীয়া হৈ আছে । ইতিমধ্যে এই বিষয়টো উচ্চ ন্যায়ালয়ৰ মজিয়া পাইছেগৈ । অলপতে উচ্চ ন্যায়ালয়েও ঠিকাদাৰক কিয় ধন দিব পৰা নাই বুলি চৰকাৰক জবাবদিহি কৰিছিল ।

অসমৰ এখনো জিলাত সম্পূৰ্ণ নহ'ল জলজীৱন মিছনৰ এশ শতাংশ কাম (Etv Bharat)

প্ৰণিধানযোগ্য যে অসমৰ জলজীৱন আঁচনিৰ সঞ্চালকে জাৰি কৰা জাননীখনত উল্লেখ কৰা মতে নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম সম্পূৰ্ণ নোহোৱা আৰু ঠিকাদাৰে নিৰ্মাণ কৰা সকলো পানী যোগান আঁচনিৰ কামৰ গুণগত মান তৃতীয় পক্ষৰ দ্বাৰা পৰীক্ষণৰ গাফিলতিৰ বাবেই এই কাম বন্ধৰ সিদ্ধান্ত লোৱা হৈছে । ইফালে উত্থাপিত আন এক অভিযোগ অনুসৰি অসমত জলজীৱন আঁচনিত হোৱা অবাধ দুৰ্নীতিৰ কথা অৱগত হোৱাৰ পাছতেই কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰক জবাবদিহি কৰিছিল । যাৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা দেখি ৰাজ্য চৰকাৰে সাময়িকভাৱে জলজীৱন মিছনৰ কাম বন্ধ কৰিবলৈ বাধ্য হৈ পৰিছে ।

অসমৰ এখনো জিলাত সম্পূৰ্ণ নহ'ল জলজীৱন মিছনৰ এশ শতাংশ কাম (Etv Bharat)

ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা :

জলজীৱন মিছনত দুৰ্নীতি আৰু অনিয়ম হোৱাৰ অভিযোগ অসত্য নহয় । কাৰণ বিভাগীয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই স্পষ্ট কৰি দিছে যে নিম্নমানৰ কাম কৰা ঠিকাদাৰে টকা নাপাব । অনিয়ম হোৱা বাবেই মন্ত্ৰীয়ে এনেদৰে একাংশ ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ সকীয়নি দিছে । মন্ত্ৰী বৰুৱাৰ স্পষ্ট কথা যে যিসকলে জলজীৱন মিছনত নিম্নমানৰ কাম কৰিছে অথবা কাম সম্পূর্ণ কৰিব পৰা নাই তেওঁলোকে পইচা নাপাব ।

অসমৰ এখনো জিলাত সম্পূৰ্ণ নহ'ল জলজীৱন মিছনৰ এশ শতাংশ কাম (Etv Bharat)

জলজীৱন মিছন আঁচনিৰ কাম বন্ধ হৈ থকাৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে আঁচনিৰ কাম বন্ধ হৈ পৰা নাই । কেৱল পুনৰীক্ষণৰ কাম কৰি থকা হৈছে । আই আই টি মাদ্ৰাজ আৰু আই আই টি গুৱাহাটীয়ে আঁচনিসমূহ পুনৰীক্ষণ কৰিছে । তেওঁলোকৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ঠিকাদাৰে পইচা পাব বুলি মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে । ইফালে জলজীৱন মিছনৰ কাম বন্ধ হোৱা প্ৰসংগত অলপতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছিল যে জলজীৱনত এটা সমস্যা আছে ।

অসমৰ এখনো জিলাত সম্পূৰ্ণ নহ'ল জলজীৱন মিছনৰ এশ শতাংশ কাম (Etv Bharat)

অৱশ্যে সমস্যাৰ কথাটো মুখ্যমন্ত্ৰীয়ে সদৰী কৰা নাছিল । আনহাতে মুখ্যমন্ত্ৰীয়ে দিল্লীয়ে কিছুমান পৰামৰ্শ দিয়া বুলিও কৈছিল । আঁচনিখন দিল্লীৰ আৰু দিল্লীয়ে ভাৰতৰ প্ৰেক্ষাপটতে কিছুমান নতুন চিন্তা কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে লগতে প্ৰকাশ কৰিছিল । কেন্দ্ৰৰ অভিলাষী আঁচনিখন হঠাতে সাময়িকভাৱে বন্ধ কৰাৰ কাৰণ যিয়েই নহওক কিয় অসমত কিন্তু আঁচনিখন ৰূপায়ণত ব্যৰ্থ হৈছে অসম চৰকাৰ ।

লগতে পঢ়ক:আগতে JJM মানে আছিল জল জীৱন মিছন, এতিয়া JJM মানে হৈছে জয়ন্তৰ জেপত মানি: ভূপেন বৰা

ABOUT THE AUTHOR

...view details