গুৱাহাটী, 29 জুলাই :দিছপুৰৰ জনতা ভৱনত সোমবাৰে জিলা আয়ুক্তৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকত খোৱা খাদ্যৰ তালিকাক লৈ জিলা আয়ুক্তসকলক বিভিন্ন কঠোৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ চৰকাৰী কাৰ্যসূচীত এতিয়াৰে পৰা নচলিব আমিষ খাদ্য ৷ চৰকাৰী কাৰ্যসূচীৰ খাদ্য হ'ব সম্পূৰ্ণ নিৰামিষ ৷ জিলা আয়ুক্তসকলক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ৷ বাজেট হ্ৰাস কৰাৰ বাবে এই সিদ্ধান্ত ৷
মুখ্যমন্ত্ৰীয়ে কয় কেবিনেট, মুখ্যমন্ত্ৰীৰ ভ্ৰমণ আৰু চৰকাৰী আমোলাৰ ভ্ৰমণত সাধাৰণ নিৰামিষ খাদ্য পৰিৱেশন কৰিব লাগিব ৷ চৰকাৰী কাৰ্যসূচীত আড়ম্বৰপূৰ্ণ খাদ্য পৰিৱেশন ৰাইজে ভাল নাপায় ৷ ৰাইজে বেয়া পোৱা কাম কৰিব নোৱাৰো ৷
বছৰৰ শেষৰফালে হ'ব পঞ্চায়ত নিৰ্বাচন :
31 ডিচেম্বৰৰ ভিতৰতে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ ৷ আয়ুক্ত সন্মিলনত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা ৷ জনতা ভৱনত সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে জিলা আয়ুক্তৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকত এই কথা ঘোষণা কৰি তেওঁ কয় যে 31 ডিচেম্বৰৰ ভিতৰত যাতে নতুন পঞ্চায়তে দায়িত্ব ল'ব পাৰে তাৰ বাবে জিলা আয়ুক্তসকল নিৰ্বাচনৰ বাবে সাজু হোৱা উচিত ৷ তেওঁ পঞ্চায়তৰ পুনৰ নিৰ্ধাৰণৰ কাম খৰতকীয়াকৈ কৰাৰ বাবে জিলা আয়ুক্তসকলক কয় ৷