গুৱাহাটী, 20 আগষ্ট : গুৱাহাটী মহানগৰীৰ শ্বপিং মল চিটী চেণ্টাৰত সোমবাৰে বোমা আতংক বুলি সৃষ্টি হৈছিল এক হুলস্থূলীয়া পৰিৱেশৰ । চিটী চেন্টাৰলৈ অহা এটা ই-মেইল বার্তাৰ পিছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় মলটোত । এই ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে আজি (মঙলবাৰ) সংবাদ মাধ্যমৰ আগত কেতবোৰ মন্তব্য কৰে ৷
- বোমা আতংক সন্দৰ্ভত জি পি সিঙৰ মন্তব্য :
তেওঁ কয়, "শেহতীয়াকৈ 6 মাহ ধৰি ভাৰতৰ বিভিন্ন মল হাস্পতাললৈ বোম থকা বুলি মেইল আহিছিল । এই বিষয়টো কেন্দ্ৰীয় সংস্থাই স্থানীয় আৰক্ষীৰ লগত মিলি তদন্ত অব্যাহত ৰাখিছে । এই ঘটনাৰ লগত বাহিৰা শক্তি জড়িত হৈ আছে । সোমবাৰে চিটী চেন্টাৰ মললৈ মেইল আহিছিল । এইটো বাহিৰৰ পৰা অহা মেইল । কালি অভিযান চলাই কোনোধৰণৰ সন্দেহজনক একো পোৱা নগ’ল । অনুসন্ধান অব্যাহত আছে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানৰ 20 টা মললৈ এইধৰণৰ মেইল আহিছিল ।"
- ঘটনাটো কি আছিল :
সোমবাৰে শ্বপিং মলটোত বোমা থকা বুলি মেইল আহিছিল । লগে লগে শ্বপিং মল কর্তৃপক্ষই বিষয়টো আৰক্ষীক অৱগত কৰে । সমান্তৰালভাৱে সেই সময়ত গ্ৰাহকেৰে ঠাহ খাই থকা শ্বপিং মলটো খালী কৰিবলৈ নিৰ্দেশ দিয়া হয় । সুৰক্ষাকর্মীয়ে মাইকযোগে সকলো লোককে শ্বপিং মলটো ত্যাগ কৰিবলৈ আহ্বান জনায় । আনকি মলটোত থকা পি ভি আৰৰ চিনেমাও আধাতে বন্ধ কৰি সকলো দর্শকক ওলাই যাবলৈ কোৱা হয় ।