অসম

assam

By ETV Bharat Assamese Team

Published : 5 hours ago

ETV Bharat / state

লখিমপুৰত উদ্ধাৰ সজীৱ আই ই ডি - NIA RECOVERS LIVE IED

NIA recovers a live IED: ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই মঙলবাৰে লখিমপুৰ জিলাৰ পৰা এটা সজীৱ আই ই ডি উদ্ধাৰ কৰে । আই ই ডিটো স্বাধীনতা দিৱসত শান্তি বিঘ্নিত কৰাৰ লক্ষ্যৰে আলফা (স্বা)ই সংস্থাপিত কৰা বুলি সন্দেহ কৰা হৈছে ৷ অসম আৰক্ষীৰ বোমা নিষ্কাশন দলে নিষ্ক্ৰিয় কৰে আই ই ডিটো ।

NIA recovers a live IED
লখিমপুৰত সজীৱ আই ই ডি উদ্ধাৰ (ETV Bharat)

নিউজ ডেস্ক, ১ অক্টোবৰ:ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই মঙলবাৰে লখিমপুৰ জিলাৰ পৰা এটা সজীৱ আই ই ডি উদ্ধাৰ কৰে । স্বাধীনতা দিৱসত শান্তি বিঘ্নিত কৰাৰ লক্ষ্যৰে আলফা (স্বা)ই সংস্থাপিত কৰা এই বিস্ফোৰকটো আজি অৰ্থাৎ মঙলবাৰে পুৱা নিয়াৰ দলে উদ্ধাৰ কৰে । পিছত অসম আৰক্ষীৰ বোমা নিষ্কাশন দলে আই ই ডিটো নিষ্ক্ৰিয় কৰে । নিয়াই এক বিবৃতিত এই কথা ব্যক্ত কৰে ৷ ইয়াৰ পাছতেই অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে X ত এই কথা প্ৰকাশ কৰে ৷

উল্লেখ্য যে যোৱা ১৫ আগষ্টত অসম আৰক্ষীয়ে লখিমপুৰ জিলাৰ পৰা আই ই ডি উদ্ধাৰ কৰাৰ সৈতে জড়িত এক গোচৰৰ তদন্ত কৰি থকা অৱস্থাত নিয়াই এই বোমাটোৰ বিষয়ে জানিব পাৰিছিল । আলফা (স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই স্বাধীনতা দিৱসৰ দিনা সমগ্ৰ অসমতে ‘সামৰিক’ প্ৰতিবাদৰ ঘোষণা কৰা এটা ভিডিঅ’ প্ৰকাশ কৰাৰ পিছতে এই বোমা সংস্থাপনৰ তথ্য পোহৰলৈ আহে আৰু সমগ্ৰ ৰাজ্যতে অসম আৰক্ষী সক্ৰিয় হৈ পৰে ৷

আলফা(স্বা)ৰ মুৰব্বী পৰেশ বৰুৱাই স্বাধীনতা দিৱস বৰ্জনৰো আহ্বান জনাইছিল আৰু এই নিৰ্দেশনা অমান্য কৰিলে ভয়াৱহ পৰিণতি হ’ব বুলি সকীয়াই দিছিল । অসম আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ মাজতে ১৭ ছেপ্টেম্বৰত নিয়াই এই ঘটনাৰ তদন্তৰ ভাৰ গ্ৰহণ কৰে ৷ এই গোচৰৰ তদন্তত লখিমপুৰ জিলাত আই ই ডি সংস্থাপনৰ কামত গিৰীশ বৰুৱা ওৰফে গৌতম বৰুৱা আৰু তেওঁৰ সহযোগীসকল জড়িত থকাৰ কথা পোহৰলৈ আহিছে । নিয়াই যোৱা ২৪ ছেপ্টেম্বৰত অভিযান চলাই বেংগালুৰুৰ পৰা বৰুৱাক গ্ৰেপ্তাৰ কৰিছিল আৰু তদন্তত লখিমপুৰত এতিয়াও উদ্ধাৰ নোহোৱা জীৱন্ত আই ই ডিৰ স্থান পোহৰলৈ আহে ।

লগতে পঢ়ক:কোনো কাৰণতে সাৰি যাব নোৱাৰিব দোষী: জি পি সিং

ABOUT THE AUTHOR

...view details