অসম

assam

ETV Bharat / state

এতিয়া আৰু চিন্তা নাই বন্যপ্ৰাণীৰ: বুঢ়াপাহাৰত পথৰ কাষৰ বেৰিয়াৰ আঁতৰালে NHAI এ - Kaziranga National Park - KAZIRANGA NATIONAL PARK

Burhapahar range of KNP: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী অহা-যোৱা পথত 'ছাইড বেৰিয়াৰ' স্থাপন কৰি পুনৰ বেৰিয়াৰ উঠালে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে । ৰাইজে আপত্তি কৰাৰ পিচতেই এই সিদ্ধান্ত প্ৰাধিকৰণৰ ৷

Burhapahar range of KNP
Kaziranga National Park (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 31, 2024, 9:35 PM IST

কলিয়াবৰ, 31 মে’: বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অৱনতিৰ সংকেত কঢ়িয়াই অনা এক কাণ্ড প্ৰকৃতিপ্ৰেমী ৰাইজৰ সক্ৰিয়তাৰ বাবে বন্ধ কৰিবলৈ বাধ্য হ'ল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী অহা-যোৱা পথত 'ছাইড বেৰিয়াৰ' বহুৱাই ৰাইজৰ ৰোষত পৰি পুনৰ বেৰিয়াৰ উঠালে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পথৰ কাষৰ বেৰিয়াৰ আঁতৰালে NHAI য়ে (ETV Bharat Assam)

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ হঠকাৰী কাণ্ডই চকু কঁপালত তুলিছে প্ৰকৃতিপ্ৰেমীৰ । উচ্চতম ন‍্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ কাষেৰে যোৱা ৩৭ নং (বৰ্তমান ৭১৫ নং) ৰাষ্ট্ৰীয় পথৰ কাষত বন‍্যপ্ৰাণীৰ সুৰক্ষাৰ স্বাৰ্থত কোনো বেৰা দিব নোৱাৰিব । কিন্তু সেই নিৰ্দেশ অমান্য কৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ চকুৰ সমুখতে কলিয়াবৰৰ বুঢ়াপাহাৰৰ ৰাষ্ট্ৰীয় পথটোৰ কাষত শকত তাঁৰ আৰু লোৰ প্লেটেৰে স্থাপন কৰিছিল বেৰা ।

লগতে পঢ়ক:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা বনৰীয়া ম'হক লৈ সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ বিশেষ পোষ্ট - Kaziranga National Park

এই বেৰা স্থাপনৰ ফলত বানপানীৰ সময়ত ওখ ঠাই আৰু খাদ‍্যৰ সন্ধানত ওলাই অহা বিভিন্ন বন‍্যপ্ৰাণী বিপদত পৰাৰ আশংকা কৰিছিল স্থানীয় সচেতন ৰাইজে । প্ৰতি বাৰিষাতে বুঢ়াপাহাৰৰ উক্ত অঞ্চলেৰেই বহু বন‍্যপ্ৰাণীয়ে ওখ ঠাই আৰু খাদ‍্যৰ সন্ধানত ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি দক্ষিণ দিশে থকা কাৰ্বি পাহাৰলৈ যায় ।
বেৰা স্থাপনৰ ফলত বন্যপ্ৰাণীসমূহ যথেষ্ট বিপদত পৰাৰ আশংকা কৰিছিল প্ৰকৃতিপ্ৰেমীয়ে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষৰ সৈতে কোনো আলোচনা নকৰাকৈয়ে এই হঠকাৰী সিদ্ধান্ত লৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে পথচোৱাৰ কাষত সংস্থাপন কৰিছিল বেৰিয়াৰ ।

লগতে পঢ়ক:বৰ গৰম ! কাজিৰঙাৰ জলাশয়ত জলকেলি বন্যহস্তীৰ - Amazing video of wild elephants

এনিমেল ক'ৰিড'ৰ বুলি ফলক লগাই থোৱা ঠাইতো কাণ্ডজ্ঞানহীনভাৱে পথটোৰ দুয়োপাৰে লগাইছিল লোৰ বেৰিয়াৰ । কোনো পৰিকল্পনা নোহোৱাকৈ বেৰিয়াৰ স্থাপন কৰি পুনৰ বেৰিয়াৰ উঠাবলৈ বাধ্য হ’ল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ। বন্যপ্ৰাণীৰ বিপদ মাতি অনা এনে কামৰ আৰম্ভণিতে উদ্যান কৰ্তৃপক্ষই বিষয়টো গুৰুত্ব দিয়া হ'লে চৰকাৰী ধনৰ অপচয় ৰোধ কৰিব পৰা গ'লহেঁতেন বুলি উল্লেখ কৰিছে ৰাইজে । এইক্ষেত্ৰত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ আওকণীয়া মনোভাৱক দুৰ্ভাগ্যজনক আখ্যা দিছে সচেতন মহলে ।

লগতে পঢ়ক:লাংৱকু জলপ্ৰপাতস্থলী পৰিদৰ্শন বন বিভাগৰ উচ্চ পদস্থ বিষয়াৰ - Langvoku Waterfall

ABOUT THE AUTHOR

...view details