অসম

assam

ETV Bharat / state

উৎসৱৰ বতৰত বিশেষ ৰে'ল - NF Railway - NF RAILWAY

Durga Puja 2024: দুৰ্গা পূজাৰ বতৰত ৰে'লত উঠি ভ্ৰমণৰ বাবে প্ৰায়ভাগ লোকেই সাজু হৈছে । পূজাৰ সময়ত যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে উত্তৰ-পূব সীমান্ত ৰে'লৱেই ।

Durga Puja 2024
অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ বাবে বিশেষ ৰে'ল (NF Railway)

By ETV Bharat Assamese Team

Published : Sep 23, 2024, 5:57 PM IST

গুৱাহাটী, ২৩ ছেপ্টেম্বৰ:শাৰদীয় দুৰ্গা পূজা সমাগত । লগতে হিন্দীভাষীসকলৰ ধৰ্মীয় উৎসৱ ষঠ পূজালৈও নাই বেছি দিন । সেইবাবে এই উৎসৱৰ সময়ত যাত্ৰীৰ বৰ্ধিত ভিৰ আৰু চাহিদা পূৰণ কৰিবলৈ উত্তৰ-পূব সীমান্ত ৰে'লৱেই কেইখনমান সাপ্তাহিক বিশেষ ৰে'ল সেৱা অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এই ৰে'লমূহৰ বৰ্তমানৰ সেৱাৰ দিন,সময়সূচী,সংযোজন আৰু ষ্টপেজ অনুসৰিয়েই চলিব । নতুনকৈ বিশেষ ৰে'লকেইখনৰ সম্প্ৰসাৰণে সেই পথসমূহত আন ৰে'লৰ বাবে অপেক্ষা কৰা যাত্ৰীসকলকো উপকৃত কৰিব । উত্তৰ-পূব সীমান্ত ৰে'লৱেই এক বিবৃতিত এই বিশেষ সেৱাৰ বিষয়ে সদৰী কৰিছে ।

উত্তৰ-পূব সীমান্ত ৰে'লৱেই দিয়া তথ্য অনুসৰি প্ৰতি বুধবাৰে চলি থকা গুৱাহাটী-আনন্দ বিহাৰ টাৰ্মিনেল সাপ্তাহিক বিশেষ ৰে'লখন অহা 27 নৱেম্বৰলৈ চলাচল বৃদ্ধি কৰা হৈছে । প্ৰত্যাৱৰ্তনৰ দিশত প্ৰতি শুক্ৰবাৰে চলি থকা আনন্দ বিহাৰ টাৰ্মিনেল -গুৱাহাটী অভিমুখী সাপ্তাহিক বিশেষ ৰে'লখন অহা 29 নৱেম্বৰলৈকে চলাচল বৃদ্ধি কৰা হৈছে। আকৌ প্ৰতি শুক্ৰবাৰে চলি থকা কামাখ্যা-আনন্দ বিহাৰ টাৰ্মিনেল সাপ্তাহিক বিশেষ ৰে'লখন অহা 29 নৱেম্বৰলৈকে বৃদ্ধি কৰা হৈছে । প্ৰত্যাৱৰ্তনৰ দিশত প্ৰতি দেওবাৰে চলি থকা আনন্দ বিহাৰ টাৰ্মিনেল-কামাখ্যা সাপ্তাহিক বিশেষ ৰেলখন ১ নৱেম্বৰলৈকে চলাচল বৃদ্ধি কৰা হৈছে ।

আনহাতে, গুৱাহাটী-শ্ৰীগংগানগৰ অভিমুখী প্ৰতি বুধবাৰে চলিবলগীয়া সাপ্তাহিক বিশেষ ৰে'লখন অহা ২অক্টোবৰৰ পৰা চলাচল কৰিব ।‌ এইখনৰ চলাচল 27 নৱেম্বৰলৈ বৃদ্ধি কৰা হৈছে । প্ৰত্যাৱৰ্তনৰ দিশত প্ৰতি দেওবাৰে শ্ৰীগংগানগৰ-গুৱাহাটী সাপ্তাহিক বিশেষ ৰে'লখনৰ সেৱা অহা ৬ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ চলাচল বৃদ্ধি কৰা হৈছে ।

আগতৰতলাৰ পৰা গুৱাহাটী হৈ ছেকেন্দৰাবাদলৈ অহা-যোৱা কৰাৰ বাবে অহা ৭ অক্টোবৰৰ পৰা বিশেষ ৰে'ল আৰম্ভ কৰিব । এই সন্দৰ্ভত উত্তৰ পূৱ সীমান্ত ৰে'লৱেৰ জন সম্পৰ্কৰক্ষী বিষয়াই উল্লেখ কৰা অনুসৰি এই ৰে'লসমূহৰ অৱস্থান আৰু সময়ৰ সবিশেষ আই আৰ চি টি চিৰ ৱেবছাইট আৰু ভাৰতীয় ৰে'লৱেৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত উপলব্ধ । যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ আগতে সবিশেষ পৰীক্ষা কৰিব পাৰে ।

লগতে পঢ়ক:অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ বাবে পূজাত ছখন বিশেষ ৰে'লৰ চলাচল - NF Railway

তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ বাবে এন এফ ৰে'লৱেৰ 12 খন বিশেষ ৰে'লৰ ব্যৱস্থা - Assam govt ADRE 2024

ABOUT THE AUTHOR

...view details