যোৰহাট: বাতৰি কাকত, এটা শব্দ নহয়, যেন এক আবেগ ! দশক দশকজুৰি প্ৰায় প্ৰতিখন ঘৰৰ পুৱাৰ চাহকাপৰ সৈতে বাতৰি কাকতখন যেন অন্যতম প্ৰয়োজন । সময়ৰ সোঁতত, প্ৰযুক্তি বিদ্যাৰ উত্তৰণৰ ফলত বাতৰি কাকতৰ জনপ্ৰিয়তা কিছু হ্ৰাস পালেও এতিয়াও যেন আদৰ কমা নাই বাতৰি কাকতৰ । বাতৰি কাকতৰ সৈতে এক এৰাব নোৱৰা সম্পৰ্ক হকাৰজনৰ ।
পাঠকৰ মাজলৈ চাইকেলখন কোবাই কোবাই মনৰ পছন্দৰ বাতৰি কাকতখন পুৱাৰ ভাগতেই যোগান ধৰাত অগ্ৰণী ভুমিকা গ্ৰহণ কৰি আহিছে হকাৰসকলে । ফলত নিজৰ পছন্দৰ কাকতখন লৈ পুৱা সময় অতিবাহিত কৰে পঢ়ুৱৈ সমাজে । কিন্তু এই সময়ত পেপাৰ যোগান ধৰা হকাজনৰ কথা কোনে বুজি পায় ? কাৰণ বহু অভাৱ-অভিযোগ প্ৰত্যাহ্বানৰ মাজেৰে তেওঁলোকে নিষ্ঠাৰে পালন কৰি আহিছে এই কাৰ্য ।
পুৱা ৩ বজাতেই এজেন্সিত উপস্থিত হয় হকাৰসকল । প্ৰচণ্ড শীত, বতাহ বৰষুণ সকলো এফালে থৈ ইয়াৰ পৰাই পাঠক সমাজলৈ পচন্দৰ কাকতখন সংগ্ৰহ কৰি পাঠকৰ পদূলিত থৈ আহে । কোনোদিনেই যেন ব্যতিক্ৰম নহয় এই কাৰ্যৰ । বহু দশকজুৰি যোৰহাট নগৰতো এই পৰিৱেশেই হৈ আহিছে সূলভ ।