কাজিৰঙা, ৬ জুন : শেহতীয়াভাৱে অসমৰ ক্ৰীড়াক্ষেত্ৰলৈ আন এক সুখবৰ কঢ়িয়াই আনিছে অসমৰ প্ৰতিশ্ৰুতিসম্পন্ন ক্ৰিকেটাৰ উমা চেত্ৰীয়ে । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ মহিলা ক্ৰিকেট দলে খেলিবলগা আগন্তুক ঘৰুৱ শৃংখলাত ৰাষ্ট্ৰীয় দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে অসম কন্যা উমা চেত্ৰীয়ে । টেষ্ট, এদিনীয়া আৰু টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দললৈ আমন্ত্ৰণ লাভ কৰাত গৌৰৱান্বিত হৈছে প্ৰতিগৰাকী অসমবাসী । আনহাতে, আগন্তুক শৃংখলাৰ বাবে ঘৰতে কঠোৰ অনুশীলন অব্যাহত ৰাখিছে উমা চেত্ৰীয়ে ।
উল্লেখ্য, নিৰ্বাচনৰ ধামখুমীয়াত মানুহৰ মনবোৰত কেৱল ৰাজনৈতিক চিন্তাই আৱৰি থকাৰ সময়তে ভাৰতীয় মহিলা ক্ৰিকেট দলত বোকাখাতৰ সন্তান উমা চেত্ৰীয়ে স্থান লাভ কৰিবলৈ সক্ষম হোৱাত অসমৰ ক্ৰিকেট জগতত নতুন জোৱাৰ উঠিছে ।
ক্ৰিকেট বুলিলে এটা সময়ত ক্ৰিকেটৰ ভগৱান মাষ্টাৰ-ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ নাম মনলৈ আহিছিল ৷ শচীন তেণ্ডুলকাৰে কেনেকৈ খেলে অথবা সৌৰভ গাংগুলী, ৰাহুল ড্ৰাবিড়ৰ শ্বটবোৰে দোলা দি যায় বহুতৰে মনত ৷ পৰৱৰ্তী সময়ত এম এছ ধোনী অথবা তাৰ পিচৰ পৰ্যায়ত বিৰাট কোহলীৰ দৰে ক্ৰিকেটাৰৰ নাম উঠি অহা প্ৰজন্মৰ বহুতৰে মনলৈ আহে ৷