গুৱাহাটী :ৰৌণক আলী হাজৰিকা । খাকী পোছাকত দাগ লগোৱা এজন আই পি এছ বিষয়া । অৱশ্যে বৰ্তমান নিলম্বিত । আয়ৰ সামঞ্জস্যহীন সম্পত্তি আহৰণ, বিনা অনুমতিত বিদেশ ভ্রমণকে ধৰি কেইবাটাও অভিযোগত গ্ৰেপ্তাৰ হৈ কাৰাবাস খাটিবলগীয়া হোৱা অসম আৰক্ষীৰ এইজন নিলম্বিত উপ-মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকা এইবাৰ আন এক নতুন সংকটত পৰিছে ।
আদালতত তেওঁৰ বিৰুদ্ধে গোচৰ চলি থকাৰ সময়তে এইবাৰ তেওঁৰ বিৰুদ্ধে ভূমি দখলৰ এক নতুন গোচৰ ৰুজু হৈছে । বিতৰ্কিত আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে লখিমপুৰ জিলাৰ নাওবৈচাত ভুৱা নথি প্ৰস্তুত কৰি ৩৪ বিঘা ভূমি দখল কৰাৰ অভিযোগত পুনৰবাৰ মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষত নতুন গোচৰ ৰুজু হৈছে ।
উল্লেখ্য যে একাংশ ভূ-মাফিয়াক লৈ নিলম্বিত আৰক্ষী বিষয়াজনে উক্ত ভূমিখিনি জালিয়াতিৰে হস্তগত কৰাৰ উপৰি ভুক্তভোগীক স্থানীয় আৰক্ষীৰ জৰিয়তে গোচৰ উঠাই ল'বলৈ ভাবুকিও দিছিল ।
নিলম্বিত আৰক্ষী বিষয়া ৰৌণক আলী হাজৰিকা (ETV Bharat Assam) লখিমপুৰৰ নাওবৈচাৰ এটা নিৰক্ষৰ পৰিয়ালৰ ভূমিখিনি ৰৌণক আলী হাজৰিকাই ভুৱা নথি প্ৰস্তুত কৰি দখল কৰাৰ অভিযোগ উঠিছে । পৰিয়ালটোৰ নিৰক্ষৰতাৰ সুযোগ লৈ বিষয়াজনে ভূ-মাফিয়াৰ জৰিয়তে ভূমিখিনি নিজৰ নামত নামজাৰি কৰি লোৱাৰ অভিযোগ উত্থাপন হৈছে । চৰকাৰী নথিত পৰিয়ালটোৱে ভূমিখিনি বিক্ৰী কৰা বুলি দেখুওৱা হৈছে ।
নিজৰ ভূমিখিনি হেৰুওৱাৰ পাছত ভুক্তভোগী পৰিয়ালটোৱে স্থানীয় চিলনীবাৰী থানাৰ আৰক্ষীৰ কাষ চাপিছিল যদিও আৰক্ষীয়ে শীর্ষ বিষয়াজনক ৰক্ষণাবেক্ষণ দিয়াৰ গুৰুতৰ অভিযোগ কৰিছে ভুক্তভোগী পৰিয়ালটোৱে । পৰিয়ালটোৱে ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পৰা ন্যায় বিচাৰিছে । ইতিমধ্যে পৰিয়ালটোৱে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ ওচৰত অভিযোগ দিয়াৰ কথা সদৰী কৰিছে ।
পৰিয়ালটোৱে ভূমিখিনি কাকো বিক্ৰী কৰা নাই বুলি সদৰী কৰাৰ লগতে আৰক্ষী বিষয়াজনে প্ৰস্তুত কৰা নথিত মূলগৰাকী পৰিয়ালৰ সলনি অন্য লোকে বিক্ৰী কৰা বুলিও দেখুওৱা হৈছে । আনহাতে, যি ভূমি দখল কৰা হৈছে তালৈ গ'লে পৰিয়ালটোক হত্যা কৰাৰ ভাবুকি দিয়া বুলিও আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে অভিযোগ কৰে পৰিয়ালটোৱে ।
উল্লেখ্য যে, আয়ৰ সামঞ্জস্যহীন সম্পত্তিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল ডি আই জি ৰৌণক আলী হাজৰিকাক । তেওঁৰ পত্নীকো গ্ৰেপ্তাৰ কৰা হৈছিল । লক্ষণীয় বিষয় যে আৰক্ষী বিষয়া হিচাপে বিদেশ ভ্ৰমণ কৰাৰ বাবে গৃহ বিভাগৰ অনুমতি ল'ব লাগে যদিও সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমতি নোলোৱাকৈ তেওঁ ১০ বাৰতকৈ অধিক বিদেশ ভ্ৰমণ কৰিছিল ।
বিদেশ ভ্ৰমণৰ অধিকাংশই আৰবৰ দেশ হোৱাত তেওঁ দেশৰ গোপন তথ্য সৰবৰাহ কৰাৰ সন্দেহো কৰা হৈছিল । আনকি তেওঁৰ বেংক একাউণ্টত কম সময়ৰ ভিতৰতে ৪ কোটি টকাৰ লেনদেন হোৱা কথাটোৱেও তেওঁৰ প্ৰতি সন্দেহ ঘনীভূত কৰিছিল । গ্ৰেপ্তাৰ হৈ দীঘলীয়া সময় কাৰাবাস খটাৰ পাছত তেওঁ সম্প্ৰতি কাৰামুক্ত হৈছে । অৱশ্যে তেওঁক চাকৰিৰ পৰা নিলম্বিত কৰা হৈছে ।