অসম

assam

ETV Bharat / state

"গোপাল তথ্য" আহিল: ৰাজ্যত দৈনিক ২৯ লাখ লিটাৰ গাখীৰ উৎপাদন - NATIONAL MILK DAY 2024

অসমত দুগ্ধ খণ্ডত ২ লাখ ১৭ হাজাৰতকৈ অধিক লোক জড়িত । ৰাষ্ট্ৰীয় দুগ্ধ দিৱসত মন্ত্ৰী অতুল বৰাই ক'লে ৰাজ্য়ত গাখীৰ উৎপাদন কম ।

National Milk Day celebrated in Guwahati
ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 26, 2024, 7:07 PM IST

গুৱাহাটী: আজি ৰাষ্ট্ৰীয় দুগ্ধ দিৱস । মঙলবাৰে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ ভিন্ন স্থানত ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন কৰা হয় । শ্বেত বিপ্লৱৰ জনক 'ভাৰতবৰ্ষৰ দুগ্ধমানৱ' হিচাপে খ্যাত ড৹ ভার্গিজ কুৰিয়ানৰ জন্মবার্ষিকী উপলক্ষে ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন কৰা হয় । দুগ্ধ উন্নয়ন সঞ্চালকালয় পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত শ্রীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় দুগ্ধ দিৱস ।

অসমত দুগ্ধ উৎপাদন কম

"গোপাল তথ্য" আহিল: ৰাজ্যত দৈনিক ২৯ লাখ লিটাৰ গাখীৰ উৎপাদন (ETV Bharat Assam)

এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি মন্ত্ৰী অতুল বৰাই কয়,"দেশৰ ৮ কোটিতকৈ অধিক লোক দুগ্ধ খণ্ডটোৰ লগত জড়িত হৈ আছে । ৰাজ্যত দুগ্ধ খণ্ডটোৰ লগত ২ লাখ ১৭ হাজাৰতকৈ অধিক লোক জড়িত হৈ আছে । ৰাজ্যখনৰ কৃষি আৰু পশুপালন খণ্ডৰ সৈতে জড়িত মুঠ কৰ্মশক্তিৰ ৫৭ শতাংশই পশুপালন খণ্ডৰ । অকল হাঁহ-কুকুৰা আৰু পশুপালন খণ্ডই অসমৰ মুঠ ঘৰুৱা উৎপাদনৰ ৫ শতাংশ বৰঙণি আগবঢ়াবলৈ সক্ষম হৈছে ।

তেওঁ পুনৰ কয় যে শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণত দুগ্ধ উৎপাদকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । দেশৰ দুগ্ধ উৎপাদন খণ্ডটোৱে ৰাষ্ট্ৰীয় অৰ্থনীতিত ৫% অৰিহণা যোগাবলৈ সক্ষম হৈছে । বিশ্বৰ সৰ্বমুঠ গাখীৰ উৎপাদনৰ ভিতৰত ২৫% গাখীৰ ভাৰতত উৎপাদন হয় । কিন্তু অসমত গাখীৰ উৎপাদন তুলনামূলকভাৱে কম ।

ৰাজ্যত দৈনিক ২৯ লাখ লিটাৰ গাখীৰ উৎপাদন

তেওঁ লগতে কয়," ৰাজ্যত দৈনিক ২৯ লাখ লিটাৰ গাখীৰ উৎপাদন হয় । চৰকাৰে দৈনিক ১০ লাখ লিটাৰ গাখীৰ অতিৰিক্তভাৱে উৎপাদন কৰিবলৈ পৰিকল্পনা লৈছে । দুগ্ধ উৎপাদন বৃদ্ধি কৰাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰ বাবে ইতিমধ্যে এন ডি ডি বিৰ লগত বুজাবুজিৰ চুক্তি কৰা হৈছে । কাছাৰ, ডিব্ৰুগড়,যোৰহাটকে ধৰি ৬ টা স্থানত উৎপাদন প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব । আনহাতে, বিভাগীয় কৰ্তৃপক্ষৰ গুৱাহাটী, ধেমাজি, বঙাইগাঁও, বোকাখাটকে ধৰি কেইবাটাও স্থানত প্ৰচেছিং প্লাণ্ট আছে । য'ত দৈনিক ৫ হাজাৰ লিটাৰ গাখীৰ উৎপাদন হয় ।"

এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজিত প্ৰদৰ্শনীখন উদ্বোধন কৰে মন্ত্ৰী অতুল বৰাই । লগতে অসমীয়া, ইংৰাজী আৰু হিন্দী ভাষাৰ 'গোপাল তথ্য' শীৰ্ষক ম'বাইল এপ্ এটিও মুকলি কৰা হয় । এই এপটোৰ জৰিয়তে আমাৰ পশুপালকসকলে পশুধনৰ স্বাস্থ্য, প্ৰতিকাৰমূলক ব্যৱস্থা, Artificial Insemination, Vaccination, বিশেষজ্ঞৰ পৰামৰ্শ আদি সহজে লাভ কৰিব পাৰিব । দুগ্ধ উৎপাদনৰ দিশত উল্লেখনীয় অৱদান আগবঢ়োৱা বিভিন্ন প্ৰান্তৰ কেইবাগৰাকীও কৃষকক আজিৰ অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰা হয় । এই অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰা, মন্ত্ৰী নন্দিতা গাৰ্লোচাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

পূৰবী ডেইৰীৰ ৰাষ্ট্ৰীয় দুগ্ধ দিৱস পালন

সুষম আহাৰ আৰু গাখীৰৰ পুষ্টিকাৰিতা সম্পৰ্কে অসমৰ বিভিন্ন অঞ্চলত প্ৰসাৰৰ লক্ষ্যৰে গ্ৰহণ কৰা পদক্ষেপৰ জৰিয়তে ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন কৰে উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ দুগ্ধ সমবায় পূৰবী ডেইৰীয়ে । দুগ্ধ উদ্যোগৰ অগ্ৰণী সংস্থা হিচাপে পূৰবী ডেইৰীয়ে গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, নলবাৰী, তেজপুৰ, লখিমপুৰ, বঙাইগাঁৱকে ধৰি বিভিন্ন চহৰত স্বাস্থ্যসন্মত দুগ্ধ সেৱনৰ বিষয়ে সজাগতা কাৰ্যসূচী গ্ৰহণ কৰে ।

বিনামূলীয়াকৈ দুগ্ধ বিতৰণ কাৰ্যসূচীৰ আয়োজন কৰি দুগ্ধ সংস্থাটোৱে শ শ গ্ৰাহকৰ মাজত দুগ্ধ বিতৰণ কৰাৰ লগতে তেওঁলোকক গাখীৰৰ পুষ্টিকাৰিতা, বিশুদ্ধতা আৰু পেষ্টুৰাইজড গাখীৰ খোৱাৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগ কৰা হয় । এই দুগ্ধ দিৱসৰ সৈতে সংগতি ৰাখি পূৰবী ডেইৰীয়ে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত চৌহদত এক বিশেষ ৰন্ধন প্ৰতিযোগিতাৰো আয়োজন কৰে। এই প্ৰতিযোগিতাত ৪০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি পূৰবী ডেইৰীৰ বিভিন্ন সামগ্ৰীৰ ব্যৱহাৰেৰে নিজৰ ৰন্ধন দক্ষতা প্ৰদৰ্শন কৰে।

দুগ্ধ দিৱস উপলক্ষে ৱামুলৰ পৰিচালন সঞ্চালক এছ কে পাৰিদাই কয়," ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপনৰ জৰিয়তে ভাৰ্গিছ কুৰিয়েনৰ অৱদানক স্মৰণ কৰি আমি গৌৰৱ অনুভৱ কৰিছো । শ্বেত বিপ্লৱৰ জৰিয়তে কুৰিয়েনে আমাৰ কৃষকসকলৰ বাবে জীৱিকাৰ শক্তিশালী সুযোগ সৃষ্টি কৰাৰ লগতে গ্ৰাহকৰ পুষ্টিৰ প্ৰয়োজনীয়তা কেনেকৈ পূৰণ কৰিব পাৰি সেই সম্পৰ্কে পথ প্ৰদৰ্শন কৰিছে ।"

তেওঁ পুনৰ কয়," অসমৰ দুগ্ধ উদ্যোগৰ আগশাৰীৰ সংস্থা হিচাপে পূৰবী ডেইৰীয়ে দীৰ্ঘদিন ধৰি গাখীৰ সেৱনৰ সুফল আৰু সুস্থ জীৱন যাপনৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা সম্পৰ্কে প্ৰচাৰ কৰি আহিছে । পূৰবীয়ে ২২ খন জিলাক সামৰি প্ৰতিদিনে ১.২ লাখ লিটাৰ গাখীৰ উৎপাদন কৰে । গুৱাহাটীৰ বজাৰত গাখীৰৰ চাহিদা আছে । প্ৰতিদিনে গুৱাহাটীত ৫-৬ লাখ লিটাৰ গাখীৰৰ চাহিদা আছে যদিও প্ৰতিদিনে পূৰবীয়ে ৫০ হাজাৰ লিটাৰ গাখীৰ গুৱাহাটীৰ বজাৰত বিক্ৰী কৰে ।"

তেওঁ কয়,"আগন্তুক দিনত পূৰৱীয়ে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক সামৰি লোৱাৰ পৰিকল্পনা কৰিছে যাতে গো-পালক সকলক সহায় কৰিব পাৰো । পূৰবী ডেইৰীয়ে লাখ লাখ গ্ৰাহকক সতেজ আৰু পুষ্টিকৰ সামগ্ৰী যোগান ধৰাৰ লগতে আমাৰ কৃষকসকলক সক্ষম আৰু সবলীকৰণৰ বাবেও কাম কৰি আছে । আমি আমাৰ সমাজখনৰ স্বাস্থ্য আৰু জীৱিকা দুয়োটা দিশতে উন্নয়নৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ।”

লগতে পঢ়ক:ধেমাজিত শ্বেত বিপ্লৱেৰে মহিলাসকলৰ বাবে আদৰ্শ দাঙি ধৰিছে গোপা বিশ্বকৰ্মাই

বিশ্ব দুগ্ধ দিৱস: বিশ্বৰ খাদ্য ব্যৱস্থাত দুগ্ধজাত সামগ্ৰীৰ গুৰুত্বপূৰ্ণ ভূমিকা - World Milk Day 2024

ABOUT THE AUTHOR

...view details