যোৰহাট:২১ জানুৱাৰীৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ৰাষ্ট্ৰীয় সংহতি শিবিৰ (এন আই চি) । সুদীৰ্ঘ ২৬ বছৰৰ পাছত অসমত হ'বলগীয়া সৰ্বভাৰতীয় পৰ্যায়ৰ এই শিবিৰত ঘৰুৱা ৰাজ্য অসমকে ধৰি দেশৰ ১৬ খন ৰাজ্যৰ দুই শতাধিক ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক আৰু প্ৰগ্ৰেম অফিচাৰে অংশগ্ৰহণ কৰিব ।
দেশৰ ওড়িশা, হাৰিয়ানা, উত্তৰাখণ্ড, মেঘালয়, মিজোৰাম, অন্ধ্ৰ প্ৰদেশ, অৰুণাচল প্ৰদেশ, মণিপুৰ, নাগালেণ্ড, ঝাৰখণ্ড, ত্ৰিপুৰা, পঞ্জাব, ৰাজস্থানৰ দলে এই শিবিৰত অংশগ্ৰহণ নিশ্চিত কৰিছে । অসম কৃষি বিশ্ববিদ্যালয়ে যুৱক-যুৱতীসকলৰ মাজত সামগ্ৰিক উন্নয়ন আৰু সামাজিক দায়বদ্ধতাক প্ৰসাৰিত কৰাৰ বাবে ধাৰাবাহিকভাৱে গ্ৰহণ কৰি অহা পদক্ষেপৰ অংশ হিচাপে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকাৰ বিশেষ উদ্যোগত এই সৰ্বভাৰতীয় শিবিৰৰ আয়োজনৰ দায়িত্ব লাভ কৰিবলৈ সক্ষম হৈছে ।
সপ্তাহজোৰা এই শিবিৰত সাংস্কৃতিক বিনিময়, সম্প্ৰদায় সেৱাৰ কাৰ্যসূচী, পাৰস্পৰিক আলোচনা আৰু দল গঠনৰ অনুশীলনকে ধৰি একাধিক কাৰ্যসূচী অনুষ্ঠিত হ’ব । এই পদক্ষেপসমূহৰ জৰিয়তে ৰাষ্ট্ৰীয় সংহতিক প্ৰসাৰিত কৰা, বৈচিত্ৰ্যক উদযাপন কৰা আৰু যুৱক-যুৱতীসকলক সম্প্ৰীতি আৰু সামাজিক প্ৰগতিৰ ধ্বজাবাহক হ’বলৈ উৎসাহিত কৰা হ'ব ।