অসম

assam

ETV Bharat / state

সোণাই-ৰূপাই অভয়াৰণ্যৰ বেদখল : বন বিভাগলৈ কঠোৰ নিৰ্দেশ সেউজ ন্যায়াধীকৰণৰ - Sonai Rupai Wildlife Sanctuary - SONAI RUPAI WILDLIFE SANCTUARY

NGT Order to Forest Department : অসম চৰকাৰৰ বন বিভাগত সৃষ্টি হৈছে পুনৰ খলকনি । বন আইন উলংঘা কৰি শোণিতপুৰ জিলাৰ বনাঞ্চলত চৰকাৰীভাৱে নিৰ্মাণ কৰা পথ, গাঁও, ভোটকেন্দ্ৰ, বিদ্যালয় স্থাপন কৰাক লৈ লাগিছে হুলস্থুল । ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ মন্তব্য- বনাঞ্চলক বনাঞ্চল হিচাবে থাকিবলৈ দিয়ক, নিৰ্মাণ কৰা সামগ্ৰী ভাঙি দিব লাগে । বনাঞ্চল বেদখলমুক্ত কৰাৰ তথ্য বিচাৰিলে চৰকাৰৰ পৰা । এই সন্দৰ্ভত ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ এক বিশেষ প্ৰতিবেদন ।

NGT Order to Forest Department
সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ বেদখলক লৈ এন জি টিৰ জাননী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 10:06 PM IST

Updated : Jul 4, 2024, 10:21 PM IST

তেজপুৰ, ৪ জুলাই :যোৱা মে' মাহত কেন্দ্ৰীয় সেউজ ন্যায়াধীকৰণৰ তৰফৰ পৰা অসম চৰকাৰৰ মুখ্য সচিব আৰু বন বিভাগক শোণিতপুৰ জিলাৰ সোণাই-ৰূপাই অভয়াৰণ্য, চাৰিদুৱাৰ সংৰক্ষিত বনাঞ্চল, চেঙেলিমাৰী সংৰক্ষিত বনাঞ্চল আৰু নদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত বেদখলৰ বিষয়ে শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়াা হৈছিল ।

এন জি টিৰ জাননী (ETV Bharat Assam)

অসম চৰকাৰৰ বন বিভাগৰ তৰফৰ পৰা ৩ জুলাইত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ পূব মণ্ডলৰ ওচৰত এই শপতনামা দাখিল কৰে যদিও উচ্ছেদৰ বিতং তথ্য দিব নোৱৰাত ন্যায়াধীকৰণে চৰকাৰক জবাবদিহি কৰে । আনহাতে, এই প্ৰসংগত চৰকাৰৰ হৈ অধিবক্তাই পুনৰ দুসপ্তাহৰ সময় বিচাৰে । এই তথ্য প্ৰকাশ কৰিছে বিশিষ্ট আৰ টি আই কৰ্মী দিলীপ নাথে । ন্যায়াধীকৰণে লগতে কয় যে প্ৰশাসনে নিৰ্মাণ কৰা পকীপথ, চাহ বাগিচা আৰু বিদ্যালয় স্থাপনক লৈ প্ৰশ্ন উত্থাপন হৈছে ।

এন জি টিৰ জাননী (ETV Bharat Assam)

উল্লেখ্য, ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণত দাখিল কৰা শপতনামাত প্ৰকাশ পাইছে অসমৰ বন্যপ্ৰাণী অভয়াৰণ্য আৰু কাষৰীয়া বনাঞ্চলৰ ভিতৰত কেইবাখনো বিদ্যালয়, ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ, চাহ বাগিচা, কূপ আৰু ভোটগ্ৰহণ কেন্দ্ৰ নিৰ্মাণ কৰা ঘটনা ।

সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য (ETV Bharat Assam)

যোৱা মে' মাহত গৃহীত এক আদেশত এন জি টিয়ে অসমৰ মুখ্য সচিবক বন (সংৰক্ষণ) আইন, ১৯৮০ৰ গুৰুতৰ উলংঘা কৰি ইমান ব্যাপক নিৰ্মাণৰ অনুমতি দিয়া বিষয়াসকলৰ সবিশেষ দি শপতনামা দাখিল কৰিবলৈ কয়। এই ঘটনাৰ পিছতে ৰাজ্য চৰকাৰৰ বন বিভাগত লাগিছে হাহাকাৰ ।

সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য (ETV Bharat Assam)

পূৰ্বৰ মুখ্য বন সংৰক্ষক বিষয়াও ন্যায়াধীকৰণৰ কৈফিয়তৰ পৰা সাৰি যাব পৰা নাই । ন্যায়াধীকৰণৰ নিৰ্দেশত উল্লেখ কৰা হৈছে, "২০১৭ চনৰ পৰা এনে অবৈধ কাৰ্যকলাপ চলিবলৈ দিয়া প্ৰধান মুখ্য বন সংৰক্ষক (পিচিচিএফ)ৰ নিষ্ক্ৰিয়তাৰ বিষয়েও শপতনামাত ব্যাখ্যা কৰিব লাগিব ।" যোৱা ২ মে’ত ন্যায়িক সদস্য ন্যায়াধীশ বি অমিত স্থলেকাৰ আৰু বিশেষজ্ঞ সদস্য অৰুণ কুমাৰ বাৰ্মাৰ অধীনত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণত বিষয়টো উপস্থাপন কৰাৰ পিচত ৩ জুলাইত পুনৰ চৰকাৰে শপতনামা দাখিল কৰে যদিও ন্যায়াধীকৰণ সন্তুষ্ট হোৱা নাই । ন্যায়াধীকৰণে কয় যে চৰকাৰে বাৰে বাৰে সময় বিচাৰি আছে, কিন্তু বেদখলমুক্ত কৰাৰ কোনো তথ্য দিব পৰা নাই । বিশিষ্ট আৰ টি আই কৰ্মী তথা এই বিষয়ৰ গুচৰীয়া দিলীপ নাথে এই কথা কয় ।

উল্লেখ্য, বৰ্তমানৰ গোচৰটো অসমৰ শোণিতপুৰ জিলাৰ সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত (এছ আৰ ডব্লিউ এছ) বন (সংৰক্ষণ) আইন উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি যোৱা বছৰ এন জি টিত বিশিষ্ট আৰ টি আই কৰ্মী দিলীপ নাথে দাখিল কৰা আবেদনৰ সৈতে জড়িত, য’ত চৰকাৰী আৰু অবৈধভাৱে বৃহৎ পৰিসৰৰ নিৰ্মাণকাৰ্য আৰু বেদখল সংঘটিত হৈছে ।

আনহাতে, চাৰিদুৱাৰ সংৰক্ষিত বনাঞ্চলত স্থাপন কৰা অবৈধ গৃহ, ভোটগ্ৰহণ কেন্দ্ৰ নিৰ্মাণৰ বিষয়েও উল্লেখ আছে । নাথে ইটিভি ভাৰতৰ আগত কয় যে ন্যায়াধীকৰণৰ পৰা চৰকাৰক এই বেদখলৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিছে সেই সন্দৰ্ভত অহা ২১ আগষ্টত সবিশেষ তথ্য দিবলৈ নিৰ্দেশ দিয়ে । নাথে কয় যে সেউজ ন্যায়াধীকৰণে চৰকাৰৰ অধিবক্তাক কয় যে এই তথ্যত অসমৰ নাম বদনাম কৰিছে ।

সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত পূৰ্বতে 38 খন বিদ্যালয় স্থাপন কৰাৰ লগতে 5 টা পকীপথ নিৰ্মাণ কৰা হৈছে । কিন্তু জিলাখনৰ বন বিভাগে বা জিলা প্ৰশাসনে সেই সময়ত এই বিষয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে । তেওঁ পুনৰ কয় যে বন আইন সম্পূৰ্ণৰূপে উলংঘা কৰি শোণিতপুৰ জিলাৰ দুখন গুৰুত্বপূৰ্ণ বনাঞ্চলৰ ভূমি বেদখলকাৰীক গতাই দিয়া হৈছে । ৰাজনৈতিক স্বাৰ্থ সুৰক্ষাৰ বাবেই ভূমি আবেদনকাৰীসকলৰ নথিত বেদখলকাৰী বুলি স্পষ্টকৈ উল্লেখ থকা সত্ত্বেও জিলাখনৰ ১,৩০১ টা বেদখলকাৰী পৰিয়ালক চৰকাৰীভাৱে বনাঞ্চলৰ ভূমি আৱণ্টন দিয়া হৈছে ।

উল্লেখ্য যে যোৱা বছৰ প্ৰায় ১০ হেজাৰ এনে নথিৰ প্ৰতিলিপিসহ এই তথ্য প্ৰকাশ কৰিছিল বিশিষ্ট আৰ টি আই কৰ্মী দিলীপ নাথে । দেশৰ বন আইন উলংঘা কৰি চৰকাৰীভাৱেই কৰা এনে নিয়মৰ বিৰুদ্ধে তেওঁ আগষ্ট মাহৰ ভিতৰতে দেশৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বুলিও সংবাদমেলত ঘোষণা কৰিছিল নাথে ।

বন আইন অনুসৰি, বনভূমিত 75 বছৰ ধৰি বসবাস কৰা লোককহে ভূমিৰ অধিকাৰ দিব লাগে যদিও শোণিতপুৰত সোণাই-ৰূপাই অভয়াৰণ্য আৰু চাৰিদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ ভূমি 2012 চনত হাতেলিখা সুলভ মূল্যৰ দোকানৰ অনুজ্ঞা-পত্ৰ প্ৰাপ্ত এজেণ্টৰ দ্বাৰা লাভ কৰা আবেদনকাৰীৰ নথিৰ ভিত্তিত বনভূমিৰ আৱণ্টন দিয়াৰ ঘটনা সংঘটিত হৈছে ।

মন কৰিবলগীয়া যে সেউজ ন্যায়াধীকৰণৰ তৰফৰ পৰা আগন্তুক চাৰি সপ্তাহৰ ভিতৰত অসম চৰকাৰৰ মুখ্য সচিবক অহা ২১ আগষ্টত এই বিষয়ে সবিশেষ তথ্য, ফটো তথা উচ্ছেদৰ প্ৰতিবেদন দাখিল কৰিবলৈ পুনৰ নিৰ্দেশ প্ৰদান কৰিছে ।

লগতে পঢ়ক :বানাক্ৰান্তৰ কাষত মুখ্যমন্ত্ৰী-মন্ত্ৰী-কেন্দ্ৰীয় মন্ত্ৰী : সকলো দিশত চকু ৰখাৰ ইংগিত - Assam Flood 2024
লগতে পঢ়ক :তেজপুৰত বন্যহস্তী আৰু ম'হৰ সন্ত্ৰাস, সষ্টম বন বিভাগ - Assam Flood 2024
Last Updated : Jul 4, 2024, 10:21 PM IST

ABOUT THE AUTHOR

...view details