বিহপুৰীয়া,১১ এপ্ৰিল:ক্ৰমাৎ গৰম হৈ উঠিছে নিৰ্বাচনী বতাহ । সমানে বৃদ্ধি পাছে ৰাজনৈতিক নেতাৰ বাকযুদ্ধ । ১১ নং শোণিতপুৰ লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৰ হৈ বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলাই বকো বিধানসভা সমষ্টিৰ বিধায়ক নন্দিতা দাসে । বিহপুৰীয়াত নিৰ্বাচনী প্ৰচাৰ চলাই ভাষণত বিজেপি চৰকাৰৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনাৰে তুলাধূনা দিয়া দেখা গ'ল বিধায়কগৰাকীক ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মিছলীয়া প্ৰধানমন্ত্ৰী হিচাপে আখ্যা দি চুইচ বেংকত থকা ক'লা ধন ঘূৰাই আনি দুখীয়া ৰাইজৰ প্ৰত্যেকৰ বেংক একাউণ্টত পোন্ধৰ লাখকৈ টকা ভৰাই দিম বুলি কোৱা কথা, বিগত নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতক ভোট দিবলৈ কৈ নিৰ্বাচনত জয়ী হ'লে ১৬মে' তাৰিখে অসমৰ পৰা সকলো বাংলাদেশীয়ে টালি টোপোলা বান্ধি অসম এৰি যাব লাগিব বুলি কৈ এতিয়া বেছিকৈ বাংলাদেশী অসমলৈ আনিলে বুলি সমালোচনাৰে থকা-সৰকা কৰে বিধায়কগৰাকীয়ে ।