নলবাৰী, ২৮ ফেব্ৰুৱাৰী:নলবাৰী জিলাৰ বৰসৰকুছিত পুত্ৰ দিব্য়াংগ হোৱা বাবেই জগদীশ হালৈয়ে হত্যা কৰিছিল পুত্ৰ আৰু পত্নীক । নলবাৰীৰ ডাবল মাৰ্ডাৰ ঘটনাই ৰাজ্য়জুৰি চাঞ্চল্য়ৰ সৃষ্টি কৰি থকাৰ সময়তেই এক সংবাদমেলত এই বিষয়ে সদৰী কৰিলে আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই । নলবাৰী আৰক্ষীয়ে ডাবল মাৰ্ডাৰকাণ্ডৰ মূল অভিযুক্ত জগদীশ হালৈক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ পিচতেই পোহৰলৈ আহিবলৈ ধৰিছে এই হত্য়াকাণ্ডৰ আঁৰৰ ঘটনা । নলবাৰী আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্তি আৰক্ষী অধীক্ষক আৰিফ আহমেদে আজি এই সন্দৰ্ভত কয় যে ধৃত জগদীশ হালৈয়ে গামোচাৰে মেৰিয়াই হত্যা কৰিছিল পত্নী কবিতা হালৈ আৰু পুত্ৰ হৃষিকেশ কাশ্যপক ।
পোন্ধৰ বছৰীয়া হৃষিকেশ কাশ্যপক লৈ মানসিক চাপত আছিল জগদীশ হালৈ । উল্লেখ্য যে পুত্ৰ হৃষিকেশ কাশ্যপ আছিল শাৰীৰিক প্ৰতিৱন্ধী । যোৱা ১৮ ফেব্ৰুৱাৰীৰ গধুলি পত্নীৰ সৈতে পুত্ৰ হৃষিকেশৰ জন্মদিন পালন কৰিছিল জগদীশ হালৈয়ে । সিদিনাই নিশা পত্নী-পুত্ৰক হত্যা কৰি মৃতদেহৰ সৈতে নিশা কটাইছিল জগদীশে । পিছদিনা পুৱাই পলায়ন কৰি জগদীশে বাহৰ পাতিছিল আলিপুৰ দুৱাৰত । অৱশেষত জগদীশ হালৈৰ ভাতৃ তপন হালৈৰ ফোন টেপিঙৰ ভিত্তিত নলবাৰী আৰক্ষীয়ে আলিপুৰ দুৱাৰৰ এখন হোটেলৰ পৰা কৰায়ত্ত কৰে জগদীশ হালৈক ।