নলবাৰী : যিফালেই চকু যায় সেইফালেই কেৱল হালধীয়া আৰু হালধীয়া । যেন নীল আকাশৰ তলত এখন হালধীয়া দলিচা । চকুৰে মণিব পৰালৈকে কেৱল হালধীয়াৰ সমাহাৰ । সৰিয়হ ফুলাৰ মন-প্রাণ জুৰোৱা এক নান্দনিক দৃশ্য নলবাৰীৰ বৰঘোপাত ।
কিছুদিন আগলৈকে বন্যহস্তীয়ে নিতৌ উপদ্ৰৱ চলোৱা নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ বৰঘোপাত এদল উদ্যমী যুৱকে স্বাৱলম্বী হোৱাৰ প্রচেষ্টা চলাইছে । বৰঘোপাৰ ঝাবন কৃষিপাম নামেৰে কৃষিপামখনত সৰিয়হৰ খেতিৰে মনত অজস্ৰ সাহস আৰু সপোন গোটাই ৰচিছে স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন ।
পাগলাদিয়াৰ পাৰত সৰিয়হৰ হালধীয়া দলিচা (ETV Bharat Assam) বৰ্তমান হৈছে সৰিয়হ ফুলাৰ বতৰ । চাৰিওফালে খেতিপথাৰসমূহত চালে চকু ৰোৱা কেৱল হালধীয়াৰ এক দৃষ্টিনন্দন পৰিৱেশ । নলবাৰী জিলাৰ ঘগ্ৰাপাৰ কৃষি বিভাগৰ অধীনস্থ বৰঘোপা গাঁৱতো এইসকল কৃষক এতিয়া ব্যস্ত হৈ পৰিছে সৰিয়হ খেতিত ।
উল্লেখ্য যে যিসময়ত একাংশ শিক্ষিত নিবনুৱাই চাকৰি বিচাৰি হাবাথুৰি খাই ফুৰিছে, কিম্বা পেটৰ তাড়নাত বহিঃৰাজ্যলৈ গৈ কঠোৰ পৰিশ্ৰম কৰি আছে; ঠিক তেনে সময়তে নলবাৰী জিলাৰ উত্তৰ অঞ্চলৰ বৰঘোপা গাঁৱৰ এদল কৃষকে সমবায় ভিত্তিত নিজৰ গাঁঠিৰ ধন ভাঙি কৃষিকৰ্মৰ দৃষ্টান্ত দাঙি ধৰিছে । লগতে কৃষি বিভাগৰ তৰফৰ পৰাও কিছু সাৰ-বীজ গ্রহণ কৰি পাগলাদিয়া নদীৰ পাৰত কেইবা হেক্টৰ ভূমিত বিগত কেইবা বছৰ ধৰি সৰিয়হৰ লগতে বিভিন্ন খেতি কৰি উপাৰ্জনৰ বাট মুকলি কৰি আহিছে । ইয়াৰ উপৰি এই কৃষিকৰ্মত আন কেইজনমান যুৱককো নিয়োজিত কৰি অঞ্চলটোত স্বাৱলম্বিতাৰ এক নিদৰ্শন দাঙি ধৰিছে ।
এইবেলিও বৰঘোপা গাঁৱৰ কেইবাগৰাকীও কৃষকে সমবায় ভিত্তিত সৰিয়হৰ খেতি কৰিছে । ইফালে সৰিয়হ খেতিডৰা লহপহকৈ বাঢ়ি অহাত সকলোৰে মুখত হাঁহি বিৰিঙিছে । লগতে এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ।
উল্লেখযোগ্য কিছুদিন পূৰ্বে এই অঞ্চলত বন্যহস্তীয়ে সন্ত্ৰাস চলাই আহিছিল । সম্প্ৰতি বন বিভাগ আৰু চৰকাৰৰ প্ৰচেষ্টাত বন্যহস্তীৰ উপদ্ৰৱ শামকটাত মনত সাহস গোটাই কৃষিকাৰ্যৰে স্বাৱলম্বী হোৱাৰ সপোন দেখিছে বৰঘোপাৰ ঝাবন কৃষিপামখনৰ এইসকল উদ্যমী যুৱকে ।
তাৰ মাজতে নতুন উদ্যমেৰে সৰিয়হ খেতি কৰিছে প্ৰায় ৫০ বিঘাতকৈও অধিক ভূমিত । আগলৈও আন আন ৰবিশস্যৰ লগতে বিভিন্ন কৃষিকৰ্মৰে স্বাৱলম্বিতাৰ সপোন দেখিছে এইসকল কৃষকে । ইয়াৰ বাবে তেওঁলোকক কৃষি বিভাগৰো সঁহাৰিৰ প্ৰয়োজন ।
এই সন্দৰ্ভত মনৰ কথা প্ৰকাশ কৰি এগৰাকী উদ্যমী কৃষকে কয়, "আমি বৰ্তমান ইয়াত ৪৫ বিঘা মাটিত সৰিয়হ খেতি লগাইছোঁ । অনগাত দিনত আৰু ডাঙৰ প্ৰজেক্টৰ কথা চিন্তা কৰিছোঁ । মোটামোটি ইয়াত ২০০-২৫০ বিঘা মাটি পৰি আছে । তাত পৰ্যায়ক্ৰমে আমি বিভিন্ন ধৰণৰ খেতি লগাম বুলি আশাবাদী । আৰু আমাৰ বিশ্বাস এই অঞ্চলৰ যুৱকসকলে লগ হৈ এই ফাৰ্মখন খুলিছে ঝাৱন কৃষিপাম নামেৰে । আৰু মই ভাবোঁ আমাক অনাগত দিনবোৰত আমাক চৰকাৰৰ ফালৰ পৰা সহায় কৰি এই শিক্ষিত নিবনুৱাখিনিক যাতে স্বাৱলম্বী কৰে । তাৰে আশাৰে বাট তাই ৰৈ আছোঁ । আমাক এই সৰিয়হ খেতিৰ কাৰণে কৃষি বিভাগৰ তৰফৰ পৰা বীজ আৰু সাৰ দি সহায় কৰিছে ।"