নলবাৰী, ২১ মাৰ্চ :নলবাৰীত বৃহস্পতিবাৰে প্ৰতিবাদকাৰী এবিভিপি নেতাক আটক কৰে আৰক্ষীয়ে । প্ৰতিবাদত উত্তাল হৈ পৰে নলবাৰী চহৰৰ লগতে আৰক্ষী থানা চৌহদ । প্ৰসংগ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ আৰু এবিভিপিৰ সংঘাত ।
সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মজিয়াত দুটা ফৈদৰ মাজত সংঘাত সৃষ্টি হৈছিল ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ আৰু এবিভিপিৰ মাজত সংঘাত লাগে ৷ দৰাচলতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এক অনুষ্ঠানৰ সময়তে তীব্ৰ প্ৰতিবাদ হৈছিল ৷ আদৰণি গেটৰ সন্মুখতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰই প্ৰতিবাদ সাব্যস্ত কৰিছিল । কা ৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্ল’গান দি টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছিল ছাত্ৰসকলে ৷ কিন্তু এই সংঘাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ আৰু এবিভিপিৰ মাজত নাছিল বুলি আজি দাবী কৰিছে এবিভিপিয়ে ৷
এফালে কা বিৰোধী শ্ল'গান আৰু আনফালে জয় শ্ৰীৰাম ধ্বনিৰে বিশ্ববিদ্যালয়ৰ আকাশ-বতাহ গৰম হৈ পৰিছিল । অনুষ্ঠানৰ সময়ত প্ৰতিবাদ কৰা সকলে এবিভিপিৰ বেনাৰো জ্বলাই দিয়ে । বিশ্ববিদ্যালয় চৌহদত এবিভিপিৰ বেনাৰ পোষ্টাৰ ফলাৰ পিচত আজি নলবাৰীত এবিভিপিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব লওঁতেই আৰক্ষীয়ে দিলে বাধা । আৰক্ষীয়ে চোঁচৰাই নিলে এবিভিপিৰ প্ৰতিবাদকাৰীক ।