নগাঁও: সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা ৰূহীহাটৰ সাংসদ আক্ৰমণত জড়িত অভিযুক্ত কেতিয়া পৰিব আৰক্ষীৰ জালত ? বিভিন্নজনৰ মুখে মুখে এতিয়া এটাই প্ৰশ্ন । অভিযুক্তক কৰায়ত্ত কৰিবলৈ সক্ষম হ'ব নে নগাঁও আৰক্ষী ?
নগাঁৱৰ ৰূপহীহাটৰ নতুন বজাৰত সাংসদ ৰকিবুল হুছেইনৰ লগতে পুত্ৰ তাঞ্জিল হুছেইনক ৰাজহুৱা সভা অনুষ্ঠিত কৰাত বাধা প্ৰদান কৰাৰ লগতে দিন দুপৰতে সাংসদ ৰকিবুল হুছেইনক জনচক্ষুৰ সন্মুখতে এটা দুৰ্বৃত্তৰ দলে কৰা আক্ৰমণৰ ঘটনাই সমগ্ৰ ৰাজ্য একপ্ৰকাৰ জোকাৰি যোৱাৰ দুটা দিন অতিক্ৰম কৰাৰ পাছতো এই বাতৰি প্ৰস্তুত কৰা সময়লৈকে আৰক্ষীৰ জালত পৰা নাই এজনো অভিযুক্ত ।
যাক লৈ সোমবাৰে নগাঁও প্ৰেছ ক্লাৱত এক সংবাদ মেলৰ আয়োজন কৰি সাংসদৰ লগতে সাংসদ ৰকিবুল হুছেইনৰ দেহৰক্ষী অসম আৰক্ষীৰ জোৱানকো গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰা আটাইকেইজন অভিযুক্তক কৰায়ত্ত কৰি সুস্থ সমাজ ব্যৱস্থা সুদৃঢ় কৰিবলৈ দাবী উত্থাপন কৰে ইউনাইটেড পিপল'চ ফৰাম নামৰ এটা অৰাজনৈতিক সংগঠনে ৷
ৰাজপথত এগৰাকী সাংসদক কৰা আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি নোহোৱাৰ প্ৰতি লক্ষ্য ৰাখি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনায় সংগঠনটোৱে । খাকী পোচাকত থকা অসম আৰক্ষীৰ জোৱানকো প্ৰহাৰ কৰাৰ অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো আৰক্ষীৰ দুৰ্বলতা বুলিও মন্তব্য কৰে ইউনাইটেড পিপল'চ ফ'ৰামৰ নেতৃবৰ্গই ।
দিনৰ পোহৰতে এগৰাকী সাংসদৰ লগতে খাকী পোছাকত থকা দেহৰক্ষীক আক্ৰমণ কৰা ঘটনাৰ সৈতে জড়িত অভিযুক্তক অতি শীঘ্ৰে কৰায়ত্ত নকৰিলে ভৱিষ্যতে এনে অভিযুক্তক উৎসাহিত কৰিব বুলিও মন্তব্য কৰে সংগঠনটোৰ নেতৃবৰ্গই ।