অসম

assam

ETV Bharat / state

বহিঃৰাজ্যৰ চাইবাৰ অপৰাধীৰ চকু আপোনাৰ ধনৰ ওপৰত - CYBER CRIMINAL ARRESTED IN NAGAON

নগাঁও আৰক্ষীৰ জালত বহিঃৰাজ্যৰ চাইবাৰ অপৰাধী চক্ৰ । নগাঁৱৰ এক চক্ৰৰ সহায়ত প্ৰায় ৩ কোটি টকা লুটি জালত চাইবাৰ অপৰাধী চক্ৰ।

Cyber criminal arrested in Nagaon
নগাঁও আৰক্ষীৰ জালত চাইবাৰ অপৰাধী চক্ৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 14, 2024, 9:59 AM IST

Updated : Dec 14, 2024, 2:45 PM IST

নগাঁও : অসম আৰক্ষীৰ সক্ৰিয়তাৰ পাছতো মধ্য অসমত সক্ৰিয় হৈ আছে চাইবাৰ অপৰাধী চক্ৰ । বহিঃৰাজ্যৰ চাইবাৰ অপৰাধী চক্ৰই মধ্য অসমত নগাঁৱৰ একাংশ অপৰাধীৰ সহযোগ়ত পেলাইছে ভয়ংকৰ জাল । নগাঁৱৰ জুৰীয়াৰ দুই চাইবাৰ অপৰাধীৰ সহযোগত নগাঁৱত জাল পেলাই অৱশেষত আৰক্ষীৰেই জালত পৰিল চাইবাৰ অপৰাধী চক্ৰটো ।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন লোকৰ একাউণ্টৰ পৰা ধন হৰলুকি কৰা বহিঃৰাজ্যৰ এটা চক্ৰ উৎখাত কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষী । এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই বহিঃৰাজ্যৰ তিনিজনকৈ লোকক আটক কৰাৰ লগতে নগাঁৱৰ জুৰীয়াৰ দুজনকৈ লোকক বৃহস্পতিবাৰে সন্ধিয়া আটক কৰাৰ পাছত শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে নগাঁও আৰক্ষীয়ে ।

নগাঁও আৰক্ষীৰ জালত চাইবাৰ অপৰাধী চক্ৰ (ETV Bharat Assam)

বৃহস্পতিবাৰে নগাঁও আৰক্ষীয়ে জুৰীয়াৰ সুঁতিৰপাৰত অভিযান চলাই চাহাব উদ্দিন নামৰ এজন কম্পিউটাৰ প্ৰতিষ্ঠানৰ সৈতে জড়িত লোকক আটক কৰাৰ লগতে তেওঁৰ লগত জড়িত বাহাৰুল ইছলাম নামৰ জুৰীয়াৰ আন এজন লোককো আটক কৰে নগাঁও আৰক্ষীৰ দলটোৱে । আটক কৰা লোক দুজনৰ পৰা আৰক্ষীয়ে বিভিন্ন ইলেক্ট্ৰ'নিক সামগ্ৰীৰ লগতে কেতবোৰ নথি-পত্ৰ জব্দ কৰি দুয়োকে জেৰা চলায় নগাঁও আৰক্ষীয়ে ।

জুৰীয়াৰ পৰা আৰক্ষীয়ে আটক কৰা লোক দুজনৰ সৈতে জড়িত বহিঃৰাজ্য বিহাৰৰ জ্ঞান প্ৰকাশ আৰু উত্তৰ প্ৰদেশৰ আদিত্য কুমাৰ, অৱনীশ কুমাৰক নগাঁও আৰক্ষীয়ে বৃহস্পতিবাৰেই আটক কৰে । ধৃত পাঁচজনকৈ লোকক আৰক্ষীয়ে ওৰে নিশা চলোৱা জেৰাৰ অন্তত শুকুৰবাৰে চাইবাৰ অপৰাধৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে ।

ধৃত আটাইকেইজনৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে চাইবাৰ অপৰাধত জড়িত থকাৰ যথেষ্ট তথ্য লাভ কৰাৰ পাছত শুকুৰবাৰে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি আটাইকে গ্ৰেপ্তাৰ কৰা বুলি নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ দাসে জানিবলৈ দিয়ে । ধৃত অভিযুক্ত চাইবাৰ অপৰাধীকেইজনৰ বিৰুদ্ধে আৰক্ষীয়ে প্ৰায় ৩ কোটি টকা লেনদেনৰ তথ্যও লাভ কৰিছে ।

চাইবাৰ অপৰাধৰ সৈতে জড়িত থকাৰ অভিযোগত নগাঁও আৰক্ষীয়ে আটক কৰা চাহাব উদ্দিন, বাহাৰুল ইছলাম, জ্ঞান প্ৰকাশ, আদিত্য কুমাৰ, অৱনীশ কুমাৰৰ পৰা আৰক্ষীয়ে বহুকেইটা মোবাইল ফোন, ছীম কাৰ্ডৰ লগতে বহু নথি-পত্ৰও জব্দ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে বহিঃৰাজ্যৰ তিনি চাইবাৰ অপৰাধীৰ বিৰুদ্ধে ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰো অভিযোগ উত্থাপন হৈছিল যদিও আৰক্ষীয়ে এই পৰ্যন্ত ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ কোনো তথ্য লাভ কৰা নাই বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :হাতীগাঁও আৰক্ষীৰ জালত কুখ্যাত চাইবাৰ অপৰাধী - CYBER CRIMINAL ARRESTED IN GUWAHATI
লগতে পঢ়ক :চাইবাৰ অপৰাধীৰ বৃহৎ জাল: ভুলতো ক্লিক নকৰিব WhatsApp-ৰ লিংক - CYBER FRAUD
Last Updated : Dec 14, 2024, 2:45 PM IST

ABOUT THE AUTHOR

...view details