নগাঁও, 19 মে’: সাংসদ পদৰ এগৰাকী প্ৰাৰ্থীৰ হাতত লাগিল হাতকেৰেয়া ৷ সততে নিজৰ সৈতে দেহৰক্ষী লৈ ফুৰা সাংসদ প্ৰাৰ্থী হ’লগৈ জেল হাজোতৰ আলহী ৷ আপুনি হয়তো ভাবিছে পাব লাগিছিল দিল্লীৰ মছনদ, কিন্তু পালে দেখোন জেল হাজোতত ৷ আপোনাৰ উৎকণ্ঠাৰ অন্ত পৰিবলৈয়ে আমি লৈ আহিছো এই প্ৰতিবেদন ৷
ঘটনাৰ বিৱৰণী অনুসৰি, জুৰীয়াৰ মাহেৰীপাৰাৰ বাসিন্দা আবু শ্বামা নামৰ লোকগৰাকীৰ অসৎ উদ্দেশ্যৰ কথা ইমানদিনো পোহৰলৈ অহা নাছিল ৷ পিছে সত্যক জানো সদায় ঢাকি ৰাখিব পাৰি ? এদিন নহয় এদিন ই বাহিৰলৈ অহাটো স্বাভাৱিক ৷ আবু শ্বামাই নিজৰ অসৎ কাৰ্য চৰিতাৰ্থ কৰিবলৈয়ে খুলিছিল এখন ফাৰ্মাচী ৷ অতি আৱেগেৰে ফাৰ্মাচীখনৰ নামো থৈছিল "জান" ৷ এই জান মেডিকেলৰ সন্মুখ দুৱাৰেদি কৰি গৈছিল জনসেৱা আৰু পিছদুৱাৰেদি কৰি গৈছিল নিজৰ ন্যস্ত স্বাৰ্থ পূৰণ ৷ সময় সদায় একে নাথাকে ৷ ক্ৰমাৎ লোকগৰাকীৰ এই কথাও আহিল পোহৰলৈ ৷ ভাইৰেল হৈ পৰিল মহিলাৰ সৈতে কৰা অবৈধ সম্পৰ্কৰ অশ্লীল ভিডিঅ’ ৷
অৱশ্যে ইয়াৰ মাজতে আছে এটা টুইষ্ট ৷ অসৎ প্ৰকৃতিৰ লোকগৰাকীয়ে নিৰ্বাচনৰ পূৰ্বে মনোনয়ন দাখিল কৰি লগত লৈ ফুৰে দুজনকৈ দেহৰক্ষী ৷ এগৰাকী মহিলাই এই সন্দৰ্ভত মুখ খোলাৰ পিছতে লাহে লাহে ফাদিল হ’বলৈ ধৰে লোকজনৰ কু-কাৰ্যৰ এটা এটা অধ্যায় ৷ ভুক্তভোগী এগৰাকী মহিলাই বিষয় সন্দৰ্ভত জিলা আৰক্ষী অধীক্ষকক লিখিত অভিযোগ দাখিল কৰাৰ পিছতে তৎপৰ হৈ পৰে নগাঁও আৰক্ষী ৷