নগাঁও, 27 জানুৱাৰী :এগৰাকী সুদক্ষ বিষয়া হিচাপে সমগ্ৰ ৰাজ্যতে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱা সদ্য অব্যাহতি লোৱা আই পি এছ বিষয়া আনন্দ মিশ্ৰই শনিবাৰে এৰিলে অসম । শনিবাৰে অসম এৰি স্বভূমি বিহাৰলৈ ৰাওনা হ’ল আনন্দ মিশ্ৰ । আনন্দ মিশ্ৰৰ বদলিক লৈ সৰ্বত্ৰে চর্চা হৈছে ৷
এগৰাকী সুদক্ষ বিষয়া হিচাপে ৰাজ্যজুৰি যথেষ্ট জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল আই পি এছ আনন্দ মিশ্ৰই । আনন্দ মিশ্ৰৰ চাকৰি ত্যাগৰ পিচতেই বিষয়াগৰাকীক চৌদিশে প্ৰশংসা কৰিছে বিভিন্নজনে । কিন্তু আনন্দ মিশ্ৰই অসম এৰি যোৱাৰ পিচতো বিষয়াগৰাকীৰ বিৰুদ্ধে ক্ষোভ থাকি গ’ল নগাঁৱৰ এটা পৰিয়ালৰ ।
পৰিয়ালটো নগাঁৱৰ কচলখুৱাৰ কীৰ্তিকমল বৰাৰ পৰিয়াল । ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ কীৰ্তিকমল বৰা সেই সময়ত আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈ ঘূণীয়া হৈ পৰিছিল, যি সময়ত নগাঁৱৰ আৰক্ষী অধীক্ষকৰ দায়িত্বত আছিল আনন্দ মিশ্ৰ । নগাঁৱত যোগদান কৰাৰ পিচৰ পৰাই নগাঁৱক ড্ৰাগছমুক্ত কৰিবলৈ সক্ৰিয় হৈ পৰিছিল আনন্দ মিশ্ৰ । লাভ কৰিছিল যথেষ্ট সফলতাও । কিন্তু ড্ৰাগছ বিৰোধী অভিযানৰ নামত আনন্দ মিশ্ৰৰ আৰক্ষীয়ে কীৰ্তিকমল বৰাক ড্ৰাগছৰ সৈতে জড়িত থকাৰ সন্দেহত গুলীয়াই আহত কৰিছিল ।