অসম

assam

ETV Bharat / state

গড়াজানৰ নৃশংস হত্যাকাণ্ড: প্ৰেমিকেই যদি আছিল ষড়যন্ত্ৰকাৰী কিয় হ’ল হত্যাৰ বলি ? - NAGAON BRUTAL MURDER

গড়াজানত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ তদন্তৰ বাবে নগাঁও আৰক্ষীয়ে গঠন কৰিছে বিশেষ তদন্তকাৰী গোট ৷ আৰক্ষীৰ হাতত পৰিছে কেতবোৰ ক্লু ৷

Nagaon Brutal Murder
গড়াজানৰ নৃশংস হত্যাকাণ্ড (প্ৰতিনিধিত্বমূলক ছবি) (ETV Bharat)

By ETV Bharat Assamese Team

Published : Nov 27, 2024, 7:25 AM IST

নগাঁও:‘‘প্ৰেমজনিত কাৰণতেই প্ৰেমিকাক হত্যা কৰিবলৈ প্ৰেমিকে পঠোৱা ছুপাৰী কিলাৰৰ এটা দলে প্ৰথমে ভুলবশতঃ ডিঙি কাটি হত্যা কৰিছিল প্ৰেমিকাৰ ভগ্নীক । পৰৱৰ্তী সময়ত বাধা প্ৰদান কৰিবলৈ অহা পিতৃ আৰু মাতৃকো ডিঙি কাটি হত্যা । কিন্তু টাৰ্গেটত থকা মূল যুৱতীগৰাকী ঘৰত নথকাত হত্যাকাৰীৰ দলটোৰ পৰা ৰক্ষা পৰিছিল তেওঁ । যিটো মানি লোৱা নাছিল প্ৰেমিকে । যাৰ বাবে যুৱতীগৰাকীৰ পৰিয়ালৰ তিনিগৰাকীকৈ সদস্যক হত্যা কৰাৰ পাছত ছুপাৰী দিয়া প্ৰেমিককো হত্যা কৰিছিল ছুপাৰী কিলাৰৰ দলটোৱে । যাতে কোনো ক্লু ৰৈ নাযায় ।’’ নগাঁৱৰ গড়াজানৰ লোমহৰ্ষক হত্যাকাণ্ডত জড়িত অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ সময়তেই এইদৰে সন্দেহ ব্যক্ত কৰিলে হত্যাৰ বলি হোৱা পৰিয়ালটোৰ এগৰাকী আত্মীয়ই ।

আচলতে কি হৈছিল সেই কাল সন্ধিয়া ?

নগাঁৱৰ গড়াজানৰ ঘনুধৰ সৰকাৰ নামৰ ব্যক্তিগৰাকীৰ বাসগৃহত সংঘটিত নাৰকীয় হত্যাকাণ্ডক কেন্দ্ৰ কৰি সৃষ্টি হোৱা চাঞ্চল্য আজিও অব্যাহত আছে নগাঁৱত । ঘটনা বিগত ২২ নৱেম্বৰৰ, ঘৰখনত চলি আছিল পৰিয়ালটোৰ জ্যেষ্ঠা কন্যাৰ বিয়াৰ ব্যাপক আয়োজন । ২২ নৱেম্বৰৰ সন্ধিয়া ঘৰত নাছিল বিয়াৰ আয়োজন চলা কন্যাগৰাকীৰ । কইনাৰ সাজ পৰিধান কৰিবলৈ নগাঁৱত বিয়াৰ বজাৰ কৰাত ব্যস্ত আছিল পৰিয়ালটোৰ জ্যেষ্ঠ কন্যা । কিন্তু সেই সময়তেই পৰিয়ালটোৰ মুৰব্বী ঘুনুধৰ সৰকাৰৰ লগতে সৰকাৰৰ পত্নী আৰু কনিষ্ঠা কন্যাক ডিঙি কাটি হত্যা কৰিলে দুৰ্বৃত্তই । ঘৰটোৰ ভিতৰৰ পৰাই উদ্ধাৰ হৈছিল আন এগৰাকী যুৱকৰো মৃতদেহ ।

গড়াজানৰ নৃশংস হত্যাকাণ্ড সন্দৰ্ভত মন্তব্য (ETV Bharat)

যুৱতীগৰাকীৰ বাসগৃহত উদ্ধাৰ হোৱা যুৱকজন নগাঁৱৰ অনুপম সূত্ৰধৰ বুলি চিনাক্ত কৰিছিল আৰক্ষীয়ে । আনকি মৃত অৱস্থাত উদ্ধাৰ হোৱা যুৱক সূত্ৰধৰৰ সৈতেই হত্যাকাণ্ড সংঘটিত হোৱা পৰিয়ালটোৰ জ্যেষ্ঠা কন্যাগৰাকীৰ পূৰ্বে প্ৰেমৰ সম্পৰ্ক থকাৰ কথাও অৱগত কৰিছিল নগাঁও আৰক্ষীয়ে । যুৱতীগৰাকীৰ বাসগৃহত প্ৰাক্তন প্ৰেমিকৰো মৃতদেহ উদ্ধাৰ হোৱাক লৈ অধিক ৰহস্যঘন হৈ পৰিছিল সমগ্ৰ হত্যাৰ ঘটনা । নগাঁও জিলাই নহয়, সমগ্ৰ অসম কঁপাই যোৱা গড়াজানৰ লোমহৰ্ষক হত্যাকাণ্ডক লৈ নানা সন্দেহৰ সৃষ্টি হৈছে স্থানীয় লোকৰ মাজত ।

হত্যাৰ ছুপাৰী দিছিল প্ৰেমিকে !

পৰিয়ালটোৰ আত্মীয়ই সন্দেহ প্ৰকাশ কৰিছে যে প্ৰেম-বিচ্ছেদৰ বাবেই প্ৰতিশোধ ল’বলৈ প্ৰেমিক অনুপমে যুৱতীগৰাকীক হত্যাৰ বাবে দিছিল ছুপাৰী ৷ সেই ছুপাৰী লৈয়েই বিয়ালৈ মাত্ৰ চাৰিদিন থকা অৱস্থাত ঘৰখনত প্ৰৱেশ কৰিছিল ছুপাৰী কিলাৰৰ দল ৷ যুৱতীগৰাকী বুলি ভুলতে হত্যাকাৰীয়ে প্ৰথমে ডিঙি কাটিছিল ভগ্নীৰ ৷ সেই কাৰ্যত বাধা দিবলৈ আহোঁতেই পিতৃ-মাতৃকো অতি নৃশংসভাৱে হত্যা কৰে ছুপাৰী কিলাৰৰ দলটোৱে ৷

লগতে পঢ়ক:প্ৰেমজনিত সংঘাতৰ কৰুণ পৰিণতি; চাৰিজনকৈ লোকৰ নৃশংস হত্যাকাণ্ডই জোকাৰিছে নগাঁও

সেই সময়ত ঘটনাস্থলীত উপস্থিত হোৱা অনুপম সুত্ৰধৰে যেতিয়া দেখিলে সেয়া তেওঁৰ প্ৰেমিকা নহয়, প্ৰেমিকাৰ ভগ্নীহে, তেতিয়াই হয়তো ছুপাৰী কিলাৰৰ দলক তেওঁ সেয়া জানিবলৈ দিলে ৷ পৰৱৰ্তী সময়ত ধৰা পৰাৰ ভয়ত কিলাৰৰ দলে তাতেই অনুপমকো নিঃশেষ কৰি কোনো ক্লু নৰখাকৈ আঁতৰি যায় ৷ এয়া আত্মীয়ৰ মনত সৃষ্টি হোৱা সন্দেহ ৷ যি তেওঁলোকে অৱগত কৰিছে সংবাদ মাধ্যমক ৷ তেওঁলোকৰ মতে সাধাৰণ মানুহে ইমান বীভৎস কাণ্ড কৰিব নোৱাৰে ৷ এয়া ছুপাৰী কিলাৰৰেই কাম ৷

গড়াজানৰ নৃশংস হত্যাকাণ্ডৰ বলি পৰিয়াটোৰ সদস্য (ETV Bharat)

এজন মানুহে সংঘটিত কৰিব নোৱাৰে এই হত্যাকাণ্ড; স্থানীয় ৰাইজৰ সন্দেহ

গড়াজানৰ একেটা পৰিয়ালৰ তিনিজনকৈ লোকৰ লগতে আন এজন যুৱককো অতি নৃশংসভাৱে হত্যা কৰা ঘটনাক লৈ স্থানীয় লোকৰ মাজত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে । পৰিয়ালটোৰ যুৱতীগৰাকীৰ প্ৰাক্তন প্ৰেমিকে ছুপাৰী কিলাৰ ব্যৱহাৰ কৰি পৰিয়ালটোৰ সদস্যসকলক হত্যা কৰাৰ সন্দেহ স্থানীয় লোকেও কৰিছে । কিন্তু এই পৰ্যন্ত হত্যাকাৰীৰ কোনো সন্ধান নোলোৱাত তেওঁলোক আতংকত থাকিবলগীয়া হোৱা বুলিও সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে একাংশ লোকে । স্থানীয় লোকে দাবী কৰিছে যে আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াও যেতিয়া ঘটনাস্থলীলৈ আহিছে, গতিকে উপযুক্ত তদন্ত কৰি হত্যাকাৰীক বিচাৰি উলিয়াই শাস্তি বিহিব লাগে ৷

তদন্তত আৰক্ষীৰ অগ্ৰগতি

গড়াজানত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ তদন্তৰ বাবে দেওবাৰে গড়াজানত উপস্থিত হৈছিল অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিত সিং । আৰক্ষী বিষয়াগৰাকীৰ নিৰ্দেশত নগাঁও আৰক্ষীয়ে গঠন কৰিছে বিশেষ তদন্তকাৰী গোট । নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰাৰ নেতৃত্বত ৮ জনীয়া SIT গঠন কৰি ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰা বুলি ইটিভি ভাৰতক জানিবলৈ দিছে নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই । বিগত চাৰিদিনে তদন্ত অব্যাহত ৰখা নগাঁও আৰক্ষীয়ে গড়াজানৰ উক্ত পৰিয়ালটোৰ ঘৰৰ কাষতে থকা পুখুৰীত হত্যকাণ্ডৰ ক্লু বিচাৰি SDRF সহায়ত বিগত দুদিন ধৰি চলাই আছে অভিযান ।

গড়াজানৰ নৃশংস হত্যাকাণ্ডৰ তদন্ত অব্যাহত ৰখা নগাঁও আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখা বুলিও ইটিভি ভাৰতক অৱগত কৰি এই পৰ্যন্ত হত্যাকাণ্ডটোৰ যথেষ্ট ক্লু লাভ কৰাৰ কথাও জানিবলৈ দিয়ে নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই । একেলগে চাৰিজনকৈ লোকক ডিঙি কাটি হত্যা কৰা ঘটনাক লৈ ৰহস্যৰ সৃষ্টি হ’লেও আৰক্ষীৰ তদন্তত সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ আশা ব্যক্ত কৰে একাংশই ।

লগতে পঢ়ক:গড়াজানৰ লোমহৰ্ষক হত্যাকাণ্ডৰ তদন্তৰ বাবে এছআইটি গঠনৰ নিৰ্দেশ হৰমিত সিঙৰ

ABOUT THE AUTHOR

...view details