গোলাঘাট:অৱশেষত অসমৰ দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখত সেও মানি নেঘেৰীবিল বনভোজস্থলীৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ'ল তিনিখন নগা গাঁৱৰ ভিলেইজ কাউন্সিলে । নেঘেৰীবিল বনভোজস্থলীত নগাই সংস্থাপন কৰা নিষেধাজ্ঞা সম্বলিত জাননী ফলকখন আঁতৰাই দিছে নগা ভিলেইজ কাউন্সিলে ।
বিগত ১৭ ডিচেম্বৰত মেৰাপানীৰ কাষৰীয়া নেঘেৰীবিল বনভোজস্থলীত অসমীয়া লোকৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰিছিল নগা ভিলেইজ কাউন্সিলে । আনকি নগাৰ নিষেধাজ্ঞা ভংগ কৰিলে নগা ভিলেইজ কাউন্সিলে দহ হাজাৰ টকাৰ জৰিমনা পৰ্যন্ত নিৰ্ধাৰণ কৰিছিল ।
নগাৰ এই নিষেধাজ্ঞাৰ পিছতেই মেৰাপানী সীমান্তত বিৰাজ কৰিছিল চেঁপা উত্তেজনা । এই ঘটনাৰ পাছতে অসমৰ তিনিটাকৈ ছাত্র সংগঠনে নগাৰ এনে মইমতালিৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘটৰ দৰে কাৰ্যসূচীও ৰূপায়ণ কৰি নগাৰ বিৰুদ্ধে পথ অৱৰোধ কৰা হ'ব বুলি হুংকাৰ দিছিল ।
অৱশেষত সীমান্তৰ স্থিতাৱস্থা বাহালৰ স্বাৰ্থত গোলাঘাট জিলা প্ৰশাসন, নগা প্ৰশাসন আৰু চি আৰ পি এফৰ মাজত হোৱা আলোচনা মৰ্মে নগা ভিলেইজ কাউন্সিলে বনভোজস্থলীৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয় । বুধবাৰে সন্ধিয়া নিষেধাজ্ঞা প্ৰত্যাহাৰৰ লগে লগে নেঘেৰীবিল বনভোজস্থলীত দেখা যায় পূৰ্বৰ পৰিৱেশ । বৃহস্পতিবাৰৰ দিনটোত কেইবাটাও বনভোজকাৰীৰ দল নেঘেৰীবিলত উপস্থিত হোৱাত সন্তোষ প্ৰকাশ কৰিছে মেৰাপানীবাসী ৰাইজে ।