গোলাঘাট, ৯ এপ্ৰিল:লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অসম নাগালেণ্ড সীমান্তত নগা দুৰ্বৃত্তৰ সন্ত্ৰাস । সোমবাৰে নিশা অসম নাগালেণ্ড সীমান্তৰ মেৰাপানীৰ দীঘলীপানীত নগা দুৰ্বৃত্তই তিনি জাঁই গুলী বৰ্ষণ কৰি ৰমেন ৰাভা নামৰ ব্যক্তিজনৰ গোধন কাটি লৈ যোৱাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । নোমল মুছাহাৰী নামৰ ব্যক্তিজনৰ সন্মুখতে নগা দুৰ্বৃত্তই তিনি জাঁইকৈ গুলী ফুটাই অসমীয়া লোকক ভাবুকি প্ৰদানৰো অভিযোগ কৰিছে স্থানীয় লোকে ৷
তথ্য অনুসৰি, ৰমেন ৰাভাই পুৱাৰ ভাগত পোৱালি সৈতে এজনী গৰু চৰণীয়া পথাৰত চৰিবলৈ এৰি দিছিল যদিও সন্ধিয়া গৰু পোৱালিটো অকলে ঘৰলৈ ঘূৰি আহে ৷ ৰমেন ৰাভাই গৰুজনীক বিচাৰি বিচাৰ-খোঁচাৰ কৰাত নোমল মুছাহাৰী নামৰ বৃদ্ধজনে নগা দুৰ্বৃত্তই গৰুজনী মাৰি মাংস কাটি লৈ যোৱাৰ কথা জানিবলৈ দিয়ে । তাৰ পাছতে ৰমেন ৰাভাই ঘটনাস্থলীত উপস্থিত হৈ গৰুজনীৰ সামান্য অৱশিষ্ট সেই স্থানত পৰি থকা প্ৰত্যক্ষ কৰে ।
নোমল মুছাহাৰীয়ে উল্লেখ কৰা মতে, নগা দুৰ্বৃত্তই প্ৰথমতে মটৰ চাইকেলত আহি তিনি জাঁই গুলীবৰ্ষণ কৰি গৰুজনীক হত্যা কৰি উক্ত স্থান এৰি গুচি যায় ৷ প্ৰায় তিনি ঘণ্টাৰ পাচত পুনৰ নগা দুৰ্বৃত্তৰ দলটো পুনৰ উক্ত স্থানত উপস্থিত হৈ গৰুজনীক কাটি লৈ যায় । নগা দুৰ্বৃত্তই আনকি লোকজনক উক্ত স্থানলৈ আহিলে গুলীয়াই মৰাৰো ভাবুকি দিয়ে ৷