গুৱাহাটী/হাফলং: যোৱা ৫/৬ টা দশকৰ এক ৰহস্যঘন চৰ্চাৰ বিষয় হৈ আহিছে-জাতিংগাৰ চৰাইৰ আত্মহত্যাৰ পৰিঘটনা । উত্তৰ-পূৱ ভাৰতৰ অসমৰ অনুপম সৌন্দৰ্যৰ ভঁৰাল ডিমা হাছাও জিলা৷ এই ডিমা হাছাও জিলাৰ জাতিংগাত চৰাইৰ আত্মহত্যাৰ পৰিঘটনাৰ বহুল প্ৰচাৰে সমগ্ৰ বিশ্বৰেই দৃষ্টি আকৰ্ষণ কৰিছিল ৷ ৭০ৰ পৰা ৯০ দশকলৈ ৰহস্য হৈ পৰিছিল— জাতিংগাত জাক জাক পৰিভ্ৰমী চৰায়ে আত্মহত্যা কৰে কিয় ! চৰাইৰ আত্মহত্যাৰ ঘটনাক লৈ প্ৰচলিত হয় বিভিন্ন ধৰণৰ ৰহস্যঘন কাহিনীৰ । কাৰোবাৰ মতে যদি অলৌকিকভাৱে চৰায়ে জাতিংগাত আত্মহত্যা কৰে, আন কাৰোবাৰ মতে বিদ্যুৎ চুম্বকীয় পৰিঘটনাৰ বাবে চৰায়ে আত্মহত্যা কৰে ৷ যিটো বিষয়ে বিশ্বৰ পক্ষীবিদসকলৰ লগতে বোম্বাই নেচাৰেল হিষ্ট্ৰী চচাইটিৰ (BNHS) দৰে সংস্থাৰো দৃষ্টি আকৰ্ষণ কৰে । এই ৰহস্য ভেদ কৰাটো আছিল এক বৃহৎ প্ৰত্যাহ্বান । কাৰণ ৰহস্যৰ লগতে আছিল স্থানীয় জনজাতীয় সমাজৰ লোকৰ অলৌকিকতাৰ ওপৰত থকা অগাধ বিশ্বাস ।
কেনেকৈ জাতিংগা হৈ পৰিল চৰাইৰ আত্মহত্যাৰ বিশ্বখ্যাত কেন্দ্ৰ :
অসমৰ ডিমা হাছাও জিলাৰ জাতিংগা মূলতঃ পাহাৰৰ মাজৰ এক উপত্যকা । ৭০/৮০ দশকত পোহৰলৈ আহে জাতিংগাত ঘটা এক আচৰিত পৰিঘটনা । প্ৰতি বছৰে আগষ্টৰ শেষৰ পৰা নৱেম্বৰ মাহলৈ জাক জাক পৰিভ্ৰমী চৰায়ে জুই দেখিলেই আহি আত্মজাহ গৈছিল । স্থানীয় লোকৰ মাজতো ই ব্যাপক প্ৰভাৱ পেলাই আহিছিল । সম্প্ৰতি জাতিংগাত পৰিভ্ৰমী পক্ষী সংৰক্ষণ আৰু সুৰক্ষাৰ লগত জড়িত স্থানীয় সমাজকৰ্মী জশৃংদাও ফংলোৱে ই টিভি ভাৰতৰ সৈতে হোৱা কথোপকথনত সদৰী কৰে জাতিংগাৰ এক পুৰণি প্ৰচলিত কাহিনী ৷ জশৃংদাও ফংলোই জনায়,“ আজিৰ পৰা কেইবাটাও দশকৰ আগৰ কথা ৷ জাতিংগাৰ গাঁৱৰ মানুহে এঠাইত ৰাতি জুই জ্বলাই খোৱা বস্তু ৰান্ধি আছিল ৷ তেতিয়া আকস্মিকভাৱে এটা চৰাইৰ এই জুইত পৰি মৃত্যু ঘটে । তাৰ পিছতে বহু চৰাই একেলগে আহি এই জুইত পৰি মৃত্যুক সাৱটি লয় ৷ তেতিয়াৰে পৰা গাঁৱৰ ৰাইজে ইয়াত কিবা অপশক্তি আছে বুলি ভয়তে গাঁও এৰি পলায়ন কৰে ৷ তাৰ পিছৰে পৰা জাতিংগাত চৰাইৰ আত্মহত্যা কৰাৰ বিষয়টো পোহৰলৈ আহে আৰু জাতিংগাত পৰিভ্ৰমী চৰাইৰ আত্মহত্যাৰ বিষয়টো সম্পূৰ্ণ ৰহস্যময় চৰ্চা হৈ পৰে ।”
জাতিংগাৰ পৰিঘটনা কি :
জাতিংগাৰ ভৌগোলিক অৱস্থান আৰু বিশেষত্বই জাতিংগাক বিশেষ কৰি তুলিছিল । নব্বৈৰ দশকত BNHSৰ বিজ্ঞানীৰ দল আৰু আন অনুসন্ধিৎসু বিজ্ঞানমনস্ক লোক জাতিংগাত অধ্যয়নৰ বাবে সোমোৱাৰ আগলৈকে জাতিংগাৰ চৰাইৰ আত্মহত্যা সাধাৰণ লোক আৰু প্ৰচাৰ মাধ্যমৰ বাবে বাৰ্মুদা ত্ৰিভূজ সদৃশ এক ৰহস্যঘন পৰিঘটনা হৈ পৰিছিল । বহুদিনলৈকে পক্ষীবিদ আৰু বিশেষজ্ঞসকলে পৰিভ্ৰমী চৰাইৰ মৃত্যুৰ ৰহস্য ফাদিল কৰিব পৰা নাছিল, যাক আখ্যা দিয়া হৈছিল চৰাইৰ আত্মহত্যা । আচলতে প্ৰতিবছৰ ছেপ্টেম্বৰৰ পৰা নৱেম্বৰলৈকে জাতিংগালৈ পৰিভ্ৰমী চৰাই আহে । কিন্তু জাতিংগাৰ বতৰ আৰু আন্ধাৰ ঘন কুঁৱলীময় ৰাতি কৃত্ৰিম পোহৰৰ উৎস তথা মানুহৰ ঘৰৰ পৰা অহা পোহৰৰ প্ৰতি চৰাইবোৰ চুম্বকৰ দৰে আকৰ্ষিত হৈ দক্ষিণ প্ৰান্তৰ পৰা উত্তৰ প্ৰান্তলৈ যোৱাৰ সময়ত তললৈ নামি আহে ৷ তেতিয়া চৰাইবোৰ দ্ৰুতগতিত উৰি বাঁহৰ অৰণ্যৰ লগতে গছত খুন্দা খাই আঘাতপ্ৰাপ্ত হৈ দিশহাৰা হৈ পৰে আৰু উৰিবলৈ অক্ষম হৈ পৰে যাৰ ফলত প্ৰায়ে মৃত্যু হয় পৰিভ্ৰমী চৰাইৰ । পোহৰৰ উৎসত আহি পৰি ৰৈছিল চৰাই । কিন্তু কিয় ঘটি আহিছিল এই ঘটনা ? পৰৱৰ্তী সময়ত BNHSআদিৰ বিজ্ঞানীৰ দলৰ আগমনৰ ফলত তাৰো হ’ল ৰহস্যভেদ ৷ ওলাল বিজ্ঞানসন্মত যুক্তি ।
জাতিংগালৈ কিয় ঢল বয় পৰিভ্ৰমী পক্ষীৰ :
জাতিংগা হ’ল পাহাৰৰ মাজৰ এক ঠেক উপত্যকা ৷ এফালে অসমৰেই বৰাক সমতল, আনফালে নঁগাও সমভূমি । আন দুটাফালে মেঘালয়ৰ চেৰাপুঞ্জীৰ দৰে বৰষুণসমৃদ্ধ ঠাই আৰু মণিপুৰ আছে ৷ এই জাতিংগা উপত্যকালৈকে বছৰৰ নিৰ্দিষ্ট সময়ত সোঁত বয় পৰিভ্ৰমী চৰাইৰ । কিয় চৰাইৰ সোঁত বয় ? আন ঠাইত সুষ্ঠ-সৱল হৈ উৰি অহা চৰাইৰ ইয়াত দুৰ্বল হৈ পোহৰ দেখিলেই খুন্দা মাৰি নিজৰ জীৱন ত্যাগ কৰাৰ প্ৰৱণতা কিয় হয় ? এই প্ৰসংগত এগৰাকী বিশিষ্ট প্ৰকৃতিবিদ তথা বোম্বাই নেচাৰেল হিষ্ট্ৰী ছ’চাইটি(BNHS)ৰ IBHS(India Birds Conservation Network) ৰ সদস্য তথা মেগামিক্স প্ৰকৃতি সংঘৰ সমন্বয়ক দেৱজিৎ ফুকনে উল্লেখ কৰে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ । ফুকনে জনায়- “পাহাৰৰ ঠেক উপত্যকা জাতিংগা ৷ জাতিংগা অংশটো কিছু নিম্ন ৷ সেয়ে পাহাৰৰ ওপৰেদি পৰিভ্ৰমী চৰাই নগৈ এই গিৰিপথটো ছেপ্টেম্বৰৰ পৰা নৱেম্বৰলৈ প্ৰৱজন ঘটা চৰাইবোৰে ব্যৱহাৰ কৰে । ইয়াত সাধাৰণতে দুই ধৰণৰ চৰায়ে পৰিভ্ৰমণ কৰে ৷ এবিধ মহাদেশীয় প্ৰৱজনকাৰী চৰাই, যি হাজাৰ হাজাৰ কিঃমিঃ পৰিভ্ৰমণ কৰে । আনবিধ হ’ল আন্তঃদেশীয় প্ৰৱজনকাৰী চৰাই, যিয়ে কম কম দূৰত্বত খাদ্য নথকা ঠাইৰ পৰা আন এঠাইলৈ খাদ্যৰ সন্ধানত উৰি যায় ৷ এই চৰাইৰ ভিতৰত সকলো ধৰণৰ চৰাই থাকে । জোপোহা, ঘাঁহনিত থকাৰ পৰা জলাশয়ত থকা চৰাইলৈকে আছে এই পৰিভ্ৰমী চৰাইৰ ভিতৰত ৷”
প্ৰকৃতিবিদ তথা প্ৰায় চাৰি দশকৰো অধিক সময় চৰাই অধ্যয়নৰ সৈতে জড়িত দেৱজিৎ ফুকনে কয়, “ প্ৰথম কথা, জাতিংগা এক সৰু ঠেক উপত্যকা ৷ জাতিংগালৈ পৰিভ্ৰমী চৰাইৰ ঘনত্ব বঢ়াৰ লগে লগে খাদ্যৰ অভাৱ ঘটে । খাদ্যৰ অভাৱত সেয়ে চৰাইবোৰ দুৰ্বল হৈ পৰে । দীৰ্ঘ উৰণক্ষম নোহোৱাৰ ফলত কম কম দূৰত্ব উৰি যায় চৰাইবোৰ । দ্বিতীয়তে, পৰিভ্ৰমী চৰাইবোৰ অহা সময়ত জাতিংগাত বায়ুৰ আদ্ৰতা খুবেই কম হৈ পৰে । চৰায়ে প্ৰয়োজনীয় অক্সিজেন নাপায় । যাৰ বাবে চৰাইবোৰে অক্সিজেন বিচাৰি ওপৰলৈ উৰি দুৰ্বল হৈ পৰে ৷ কিন্তু সমতলত এইদৰে চৰাইবোৰ দুৰ্বল হৈ নপৰে । ফলত যিকোনো পোহৰৰ উৎস দেখি দুৰ্বল চৰাইবোৰ থৰ বা মোহাচ্ছন্ন হৈ পৰে । তেতিয়া স্থানীয় লোকে জাল বা আন বিভিন্ন উপায়েৰে চৰাইবোৰ ধৰি হত্যা কৰিছিল ৷ এয়া চৰাইৰ আত্মহত্যা নহয় । সম্পূৰ্ণ ভৌগোলিক আৰু জলবায়ুগত কাৰণহে ইয়াৰ মূল ভিত্তি । ”