অসম

assam

ETV Bharat / state

অসমতো পৰিছে 'ডানা'ৰ প্ৰভাৱ: ব্যাহত ৰে’লসেৱা

ঘূৰ্ণীবতাহ ডানাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূব সীমান্ত ৰে’লৱেও সতৰ্কতামূলক ব্যৱস্থা হিচাপে কেইবাখনো ৰে’ল সেৱা বাতিল কৰিছে ৷ পঢ়ক সবিশেষ...

CYCLONE DANA
অসমতো পৰিছে 'ডানা'ৰ প্ৰভাৱ: ব্যাহত ৰে’লসেৱা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 4 hours ago

গুৱাহাটী:সামুদ্ৰিক ধুমুহাৰ 'ডানা' প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে’লৱেই দেশৰ আন ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চললৈ পশ্চিমবংগ, ওড়িশাকে ধৰি দক্ষিণ ভাৰতৰ পৰা অহা-যোৱা কৰা কেবাখনো ৰে’লৰ চলাচল বাতিল কৰাৰ লগতে বহুকেইখন ৰে’লৰ নিয়ন্ত্ৰণ আৰু গতিপথৰ সলনি কৰিছে । ২৩ অক্টোবৰ আৰু ২৪ অক্টোবৰত অসমৰ পৰা বহিঃৰাজ্যলৈ চলাচল কৰা চাৰিখন ৰে’লৰ সেৱা বাতিল কৰিছে ভাৰতীয় ৰে’লৱেই ৷

উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই সদৰী কৰা অনুসৰি, সামুদ্ৰিক ধুমুহা ডানাৰ বাবে যাত্ৰীৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ২৩ অক্টোবৰত অসমৰ পৰা চাৰিখন ৰে’লৰ যাত্ৰা বাতিল কৰা হৈছে ।

লগতে পঢ়ক:'ডানা'ৰ সতৰ্কবাণী : ওড়িশা উপকূলৰ পৰা 730 কিলোমিটাৰ দূৰৈত ডানাৰ নিম্নচাপ তীব্ৰতৰ

বাতিল কৰা ৰে’লকেইখনক্ৰমে

  • ১২৫৫২ কামাখ্যা-এছ এম ভি টি বেংগালুৰু এ চি ছুপাৰফাষ্ট এক্সপ্ৰেছ
  • ১২৫১৪ শিলচৰ-ছেকেন্দ্ৰাবাদ ছুপাৰফাষ্ট এক্সপ্ৰেছ
  • ২২৫০৪/২২৫০৩ ডিব্ৰুগড়-কন্যাকুমাৰী-ডিব্ৰুগড় বিবেক এক্সপ্ৰেছ
  • ১২৫০৯ এছ এম ভি টি বেংগালুৰু-গুৱাহাটী ছুপাৰফাষ্ট এক্সপ্ৰেছ

উল্লেখ্য যে, ঘূৰ্ণীবতাহ ডানাই ২৪ অক্টোবৰৰ নিশাৰ পৰা ২৫ অক্টোবৰৰ পুৱালৈকে পুৰী আৰু সাগৰদ্বীপৰ মাজত উত্তৰ ওড়িশা আৰু পশ্চিমবংগ উপকূল অতিক্ৰম কৰিব বুলি আশা কৰা হৈছে । ঘণ্টাত ১২০ কিলোমিটাৰ বেগত উপকূলীয় ঘূৰ্ণীবতাহ অহাৰ সম্ভাৱনা আছে ।ঘূৰ্ণীবতাহ ডানাৰ প্ৰত্যাশাত ইতিমধ্যে সকলো ধৰণৰ সুৰক্ষামূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ বিশেষকৈ ওড়িশা আৰু পশ্চিমবংগত ৰেড এলাৰ্ট জাৰি কৰা হৈছে ৷

লগতে পঢ়ক:গঠন হ'ল 'ডানা'; ১০ লাখ লোকক স্থানান্তৰ ওড়িশা প্ৰশাসনৰ

ওড়িশা-পশ্চিমবংগৰ উপকূলত ঘূৰ্ণীবতাহ ডানাই স্থলপথত প্ৰৱেশ কৰাৰ সময়তে ৰে’ল মন্ত্ৰালয়ে যিকোনো জৰুৰীকালীন বা সংকটৰ সৈতে মোকাবিলা কৰিবলৈ সাজু বুলি প্ৰকাশ কৰিছে । ঘূৰ্ণীবতাহৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থকা অঞ্চলসমূহত প্ৰস্তুতি নিশ্চিত কৰাৰ বাবে উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে যাত্ৰীসকলৰ অসুবিধা কম কৰাৰ লগতে ‘নূন্যতম বিঘিনিৰে সৰ্বাধিক প্ৰস্তুতি’ নিশ্চিত কৰাৰ আহ্বান জনায় ।

ABOUT THE AUTHOR

...view details