অসম

assam

লগত পুত্ৰ, হাতত পেনড্ৰাইভ লৈ নগাঁও সদৰ থানাত ৰকিবুল হুছেইন - Nagaon Police

By ETV Bharat Assamese Team

Published : Sep 10, 2024, 8:19 PM IST

Rakibul Hussain FIR against BJP MLA : মঙলবাৰে নগাঁও সদৰ আৰক্ষী থানাত উপস্থিত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন । লগত পুত্ৰ আৰু দলীয় কৰ্মী । হাতত পেনড্ৰাইভ লৈ সদৰ আৰক্ষী থানাত উপস্থিত প্ৰাক্তন মন্ত্ৰী তথা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন । কোন বিধায়কৰ ভাবুকিত ভয় খাইছে সাংসদ ৰকিবুল হুছেইন ? কোন বিধায়কৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ ?

Rakibul Hussain FIR Against BJP MLA
নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল ৰকিবুল হুছেইনৰ (ETV Bharat Assam)

নগাঁও, ১০ ছেপ্টেম্বৰ :মঙলবাৰে পুৱাতেই পুত্ৰ তথা দলীয় কৰ্মীক লগত লৈ আৰু হাতত এটা পেনড্ৰাইভ লৈ নগাঁও সদৰ আৰক্ষী থানাত উপস্থিত হয় কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন । নগাঁও সদৰ আৰক্ষী থানাত উপস্থিত হৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ কোঠাত দীঘলীয়া সময় অতিবাহিত কৰে সাংসদ ৰকিবুল হুছেইনে ।

আনহাতে, আৰক্ষী বিষয়াগৰাকীৰ কোঠাৰ পৰা ওলায়েই সংবাদ মাধ্যমক সম্বোধন কৰি শাসকীয় দলৰ এগৰাকী বিধায়কৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে সাংসদ ৰকিবুল হুছেইনে ।

নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল ৰকিবুল হুছেইনৰ (ETV Bharat Assam)

পুত্ৰক লগত লৈ ৰকিবুল কিয় উপস্থিত হ’ল আৰক্ষী থানাত ?

মঙলবাৰে পুৱা নগাঁও সদৰ আৰক্ষী থানাত উপস্থিত হৈ এগৰাকী বিধায়কৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৰকিবুল হুছেইনে । শাসকীয় দলৰ এগৰাকী বিধায়কৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে । কেইদিনমান পূৰ্বে নগাঁৱৰ বৰঘাটত অনুষ্ঠিত এক দলীয় সভাত ৰকিবুল হুছেইনৰ লগতে পুত্ৰ তাঞ্জিল হুছেইনৰ বিৰুদ্ধে ভাবুকিভৰা মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰে ৰকিবুল হুছেইনে ।

নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল ৰকিবুল হুছেইনৰ (ETV Bharat Assam)

সম্প্ৰতি নিজৰ নিৰাপত্তাৰক্ষী নথকা বুলি উল্লেখ কৰি সাংসদ ৰকিবুল হুছেইনে বিধায়ক জিতু গোস্বামীৰ ভাবুকিত ভয় কৰা বুলি মন্তব্য কৰি নিৰাপত্তাহীনতাৰ কথা উল্লেখ কৰে ৰকিবুল হুছেইনে । কেৱল এয়াই নহয়, আৰক্ষী প্ৰশাসন নিজৰ মতে চলা বুলি বিধায়ক জিতু গোস্বামীয়ে দম্ভালি মৰা বুলিও অভিযোগ কৰে ৰকিবুল হুছেইনে । নগাঁৱৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে ৰকিবুল হুছেইনক চামগুৰি সমষ্টিত প্ৰৱেশ কৰিবলৈ নিদিয়াৰো হুংকাৰ দিয়া বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছ নেতা ৰকিবুলে ।

কি আছে ৰকিবুল হুছেইনৰ পেনড্ৰাইভত ?

মঙলবাৰে নগাঁও সদৰ আৰক্ষী থানাত উপস্থিত হৈ বিজেপি বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা ৰকিবুল হুছেইনে এজাহাৰৰ লগত দাখিল কৰিছে এটা পেনড্ৰাইভ । কিন্তু কি আছে পেনড্ৰাইভটোত ? আচলতে বিধায়ক জিতু গোস্বামীয়ে দলীয় কৰ্মীৰ সৈতে হোৱা এক আলোচনা সভাত দিয়া ভাষণৰ ভিডিঅ' ৰেকৰ্ডিং আছে ৰকিবুল হুছেইনে দাখিল কৰা পেনড্ৰাইভত ।

প্ৰকৃততে ভাষণত কি কৈছিল জিতু গোস্বামীয়ে ?

দিনদিয়েক পূৰ্বে নগাঁৱৰ বৰঘাটত আয়োজিত এক দলীয় সভাত অংশগ্ৰহণ কৰি দলীয় কৰ্মীক উদ্দেশ্যি ভাষণ প্ৰদান কৰিছিল বিধায়ক জিতু গোস্বামীয়ে । বিতৰ্কৰ সৃষ্টি হোৱা ভাষণৰ ভিডিঅ' আহি পৰিছে ই টিভি ভাৰতৰ হাতত । চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত ৰকিবুল হুছেইনৰ পুত্ৰ জয়ী হ'লেও চামগুৰিত কাম কৰিবলৈ নিদিয়ে বুলি দলীয় কৰ্মীৰ সন্মুখত ভাষণ প্ৰদান কৰিছিল বিধায়ক জিতু গোস্বামীয়ে ।

এতিয়া সমালোচনাৰে থকা-সৰকা কৰা ৰকিবুল হুছেইনক জিতু গোস্বামীয়ে কিদৰে প্ৰত্যুত্তৰ দিয়ে সেয়া পৰৱৰ্তা সময়ত লক্ষণীয় হ'ব ।

লগতে পঢ়ক :হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ দ্বাৰস্থ ঝাৰখণ্ড চৰকাৰ - Jharkhand Elections 2024
লগতে পঢ়ক :বিধানসভাৰ অধ্যক্ষলৈ উচ্চ ন্যায়ালয়ৰ জাননী - Sherman Ali Ahmed suspension

ABOUT THE AUTHOR

...view details