মৰিগাঁও, 15 মাৰ্চ : শুকুৰবাৰে মৰিগাঁৱত উপস্থিত সাংসদ প্ৰদ্যুৎ বৰদলৈ ৷ নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কৰিলে বিজেপি চৰকাৰক সমালোচনা । তেওঁ কয় যে শাসকীয় বিজেপি দলৰ জোলোঙাৰ মেকুৰী ওলাই পৰিছে । শাসকীয় চৰকাৰৰ তলতীয়া সংস্থা যেনে অৰ্থনৈতিক অপৰাধ বিভাগ, ইনকাম টেক্স বিভাগ, এনফ’ৰ্চমেন্ট ডাইৰেক্টৰেট, চি বি আই আদিয়ে ৰেইড কৰাৰ পাচত বিভিন্ন উদ্যোগে চৰকাৰক টকা দিবলৈ বাধ্য হৈ পৰে ৷
শুকুৰবাৰে মৰিগাঁও চহৰত এক আধাৰশিলা অনুষ্ঠানত অংশ লৈ উচ্চতম ন্যায়ালয়ৰ এই পদক্ষেপক প্ৰশংসা কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । তেওঁ পুনৰ কয়, ‘চৰকাৰী তলতীয়া সংস্থাবোৰে কিছুমান বৃহৎ বৃহৎ ব্যৱসায়ী প্ৰতিষ্ঠানত তালাচী চলায় । তাৰ পিচত বিজেপি দলৰ ইলেক্টৰেল বণ্ডত কোটি কোটি টকা জমা দিবলৈ বাধ্য হয় এইবোৰ চৰকাৰী তলতীয়া সংস্থাই । আৰু এইবোৰ সংস্থাই বিজেপি দলক কোটি কোটি পুঁজি দি থাকে ।’ এই সন্দৰ্ভত সাংসদগৰাকীয়ে লগতে কয় যে এতিয়া মহামান্য আদালতে এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে । মহামান্য উচ্চতম ন্যায়ালয়ৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰে তেওঁ ।