ধেমাজি, ১৫ ছেপ্টেম্বৰ:"ৰজাই শাসন চলাইছে ৷ অসমত সেৱকৰ চৰকাৰ নহয় ৷ এতিয়া চলিছে ৰজাৰ শাসন ৷ দুখীয়া ৰাইজে এয়া বুজি পাইছে । অহংকাৰী ৰজাৰ এই শাসন ৰাইজে আগন্তুক দিনত ওফৰাই পেলাব ।" এই মন্তব্য় সাংসদ গৌৰৱ গগৈৰ । ধেমাজিৰ ইন্দিৰা ভৱনত দেওবাৰে আয়োজিত এক সংবাদমেলত এইদৰে মন্তব্য কৰি সাংসদ গৌৰৱ গগৈয়ে কয়, "ক্ষমতা মুখ্যমন্ত্ৰীৰ চকীত নহয়, ক্ষমতা ৰাইজৰ । ৰাইজে ২০২৬ চনত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব ৷"
উপ-নিৰ্বাচনত আসনৰ সংখ্য়া চিন্তা কৰা নাই কংগ্ৰেছে
সাংসদগৰাকীয়ে চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়,"বৰ্তমান ৰাজ্যত শাসনাধিষ্ঠ বিজেপি চৰকাৰখনে ৰাইজৰ আশা-আকাংক্ষাক গুৰুত্ব প্ৰদান কৰা নাই ।" ৰাজ্যত হ'বলগীয়া উপ-নিৰ্বাচন সন্দৰ্ভত সাংসদ গৰাকীয়ে কয়, "আসনৰ চিন্তা কৰা নাই, ৰাইজৰ ওচৰলৈ কেনেকৈ যাব পাৰি তাতহে গুৰুত্ব প্ৰদান কৰা হৈছে ৷"
- চৰকাৰে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন
ইপিনে, আজি ৰাজ্যত অনুষ্ঠিত অসম চৰকাৰৰ তৃতীয় বৰ্গৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ সময়ত ইন্টাৰনেট বন্ধ ৰখা সন্দৰ্ভত মন্তব্য় কৰি কয়, "পৰীক্ষাৰ বাবে ইন্টাৰনেট বন্ধ কৰি জনসাধাৰণক হাৰাশাস্তি কৰা হৈছে । ইয়াৰ বিপৰীতে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন ৷ অসমৰ বাহিৰে আন ৰাজ্যত এনেকুৱা ক'তো পৰীক্ষাৰ বাবে এনে কৰা হোৱা নাই ।"
- ঢোলে দগৰে আদৰিলে গৌৰৱ গগৈক